নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘চেক্সৰ বিনিময়ত এখন পি.এইচ.ডি. থেছিছ!’ জুৰী বৰা বৰগোহাঞিৰ নতুন উপন্যাস ‘চিঞৰ’ উন্মোচন

নিয়মীয়া বাৰ্তা,৬ জুনঃ পি এইচ ডি বা ডক্তৰেট ডিগ্ৰী প্ৰয়োজন নেকি? সহজতে লাগে নেকি?তেনেই সহজ! নিজকে সমৰ্পণ কৰক আৰু গ্ৰহণ কৰক আমাৰ সমাজৰ বাবে আটাইতকৈ সন্মানজনক ডিগ্ৰী। কিন্তু বাস্তৱত এই মহান বুলি বিবেচনা কৰা গৱেষণা ক্ষেত্ৰখনত সংঘটিত হৈ আহিছে নানা অপকৰ্ম। তাৰ ভিতৰত যৌন শোষণো অন্যতম। কিছুৱে তিলমানো কষ্ট নকৰাকৈ শৈক্ষিক আৰু কৰ্মক্ষেত্ৰত জখলা বগোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।এচামে এই ডিগ্ৰীটোক লৈ ব্যৱসায় কৰিছে। কিছু গাইদ তথা তত্বাৱধায়কে গবেষকক নানা ধৰণে ব্যৱহাৰ কৰি আহিছে। হয়,  এনে কিছুমান কাহিনীক লৈ জনপ্ৰিয় ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিৰ নৱতম উপন্যাস ‘চিঞৰ’ দেওবাৰে আনুষ্ঠানিকভাবে ডিব্ৰুগড়ৰ ডি’ প্ৰিমলেণ্ডত শুভ উন্মোচন কৰে খোদ উপন্যাসিকগৰাকীয়ে।

ঔপন্যাসিকগৰাকীৰ ‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী’, ‘আপোনজনৰ ঠিকনা’, ‘অভিলাষী যাত্ৰা’, ‘ৰাগ… ইমন’, ‘লিড’লাম’, ‘নাংফা’, ‘ভোক’, ‘আংকুশ’, ‘সিহঁত’ উপন্যাসৰ পাছতে এই দশম সংখ্যক উপন্যাস প্ৰকাশ কৰিছে ‘বনলতা’ প্ৰকাশনৰ প্ৰকাশক প্ৰদু্ৎ হাজৰিকাই।বিগত সময়ছোৱাত শিক্ষা জগতত ক্ৰমাৎ বাঢ়ি অহা যৌন-নিৰ্যাতন, সুবিধাবাদ, কষ্ট, মানসিক উৎপীড়ন আদিক কেন্দ্ৰ কৰি লিখা ‘চিঞৰ’ সমসাময়িক সমাজ-বাস্তৱৰ এখনি জীৱন্ত দলিল। সমাজ-বাস্তৱৰ চেতনা আৰু ৰ্নিৰ্ভীক প্ৰতিবাদক মূল আধাৰ হিচাপে লৈ লিখা কেইবাখনো মানবিশিষ্ট উপন্যাসৰ পিছত লেখিকাৰ এইখনো মূলত প্ৰতিবাদী উপন্যাস।শৈক্ষিক প্ৰতিষ্ঠানৰ এই সৰ্বনাশী চৰিত্ৰই যে সমাজখনৰো কিছু বিপৰ্য্যয় ঘটায় আহিছে তাত সন্দেহ নাই। কাল্পনিক হলেও উপন্যাসখনৰ কাহিনীত যিবোৰ চৰিত্ৰ দেখা গৈছে তাৰ কিছুমান চৰিত্ৰক আমাৰ সকলো সমাজতে কম-বেছি পৰিমাণে পোৱা যায়। সেইসকল আমাৰ চিনাকি পৰিমণ্ডলৰ মানুহ।

‘চিঞৰ’ৰ মূল প্ৰটাগনিষ্ট গৰাকীও এনেধৰণৰ অনাকাংখিত পৰিৱেশৰ সন্মুখীন হৈছে। যি নিজৰ ধৰণে সমস্যাটোক প্ৰত্যাহ্বান জনাবলৈ সাহ আৰু শক্তি গোটাইছে। বিভিন্ন মহলৰ পৰা অহা চাপত প্ৰটাগনিষ্ট হাৰি যোৱাৰ উপক্ৰম হ’লেও উপন্যাসখনৰ মূল কথনে সমাজলৈ গুৰুত্বপূৰ্ণ বাৰ্তা দিছে।উপন্যাসখনত প্ৰটাগনিষ্টৰ মুখত প্ৰকাশ হোৱা তাৎপৰ্য বহন কৰা দুটামান কথা হ’ল– ‘মেম। মই ছাৰৰ দৈহিক সম্পৰ্কৰ প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰিলোহেঁতেন। ইমানকৈ হুলস্থূল নকৰিলোহেঁতেন। কিন্তু মোৰ আটাইতকৈ বেয়া লাগিছিল মোক থেছিছ লিখি দিম বুলি কোৱাটোত।চেক্সৰ বিনিময়ত এখন পি.এইচ.ডি. থেছিছ কেনেকৈ সম্ভৱ! ড° লিখা মানুহক সমাজে কিমান সন্মান কৰে! বা ছাৰে এই কথাটো কেনেকৈ ভাবিব পাৰিলে যে দেহ দি মই পি.এইচ.ডি.ৰ দৰে সন্মানীয় গৱেষণাৰ ডিগ্ৰী এটা ল’ম! বৰ অসহ্যকৰ। মই ভি.চি.ৰ ওচৰলৈ সেই কাৰণেই গৈছিলো যে মোৰ দৰে আন কাৰোবাৰ লগত এনেকুৱা নহওক। হায়াৰ এডুকেশ্যনত যদি এইবোৰ হয়…।’ এনেধৰণৰ কথাবোৰেৰে এই সমাজতে অৱস্থিতি থকা এটা শক্তিশালী, আপোচবিহীন প্ৰতিবাদী চৰিত্ৰ নিৰ্মাণত লেখিকাই গুৰুত্ব আৰোপ কৰিছে। লগতে সুবিধাজনক স্থানত থকা স্বাৰ্থপৰ কিছু লোকৰ চৰিত্ৰ পাঠকৰ সমুখত উন্মোচিত কৰিছে।লেখিকাই যদিও কাহিনীটো কাল্পনিক বুলি কৈছে প্ৰকৃতাৰ্থত উপন্যাসখন বাস্তৱৰ এক দলিল স্বৰূপ হোৱাৰ বাবে পাঠকে একাত্ম অনুভৱ কৰিব পাৰিব।

ডিব্ৰুগড়ৰ ডি’ প্ৰিমলেণ্ডত ‘চিঞৰ’ প্ৰসংগত দেওবাৰে ‘বনলতা’ই সংবাদ মেল আৰু ঔপন্যাসিকৰ স’তে আন্তৰিক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰে। তাতেই সাংবাদিকসকলৰ সন্মুখত জুৰী বৰা বৰগোহাঞিয়ে ‘চিঞৰ’ উপন্যাসখন নিজৰ হাতেৰে দাঙি ধৰি আনুষ্ঠানিক ভাবে পাঠক সমাজলৈ আগবঢ়াই দিয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক মানস জ্যোতি দত্ত, বিভাস দুৱৰা, সাংবাদিক যাদৱ গগৈ, ৰাতুল বুঢ়াগোহাঁই, মুক্তামণি হাজৰিকা, চন্দন ফুকন, ধনটি শইকীয়া, কৰুণা ফুকন, জ্যোতিষ কুমাৰ পাতিৰ, দ্বীপজয় শইকীয়া, দেৱজিৎ চুতীয়া, দীপু বৰা, সাংবাদিক ঔপন্যাসিক গোবিন কুমাৰ খাউণ্ডৰ লগতে কবি অমিতাভ ফুকন, কৃতি আৰু অৱসৰী প্ৰধান শিক্ষয়িত্ৰী পুণ্য বৰগোহাঞি, কবি আৰক্ষী বিষয়া ভাস্কৰ ফুকন. শক্তিশালী নাৰীবাদী কৰ্মী অৰ্পনা বৰা আৰু সুদক্ষিণা দাস বৰদলৈ, লেখক-অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ, ফটোগ্ৰাফাৰ সঞ্জীৱ বসুমতাৰীয়ে অন্তৰংগ আলাপ কৰে। ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰি কয়– আমাৰ বিনম্ৰ প্ৰয়াস যাতে সমাজৰ পৰা এনে ধৰণৰ চৰিত্ৰ, সামাজিক আৰু শৈক্ষিক শোষণৰ অন্ত হওক।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like