নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহম্মদক লৈ বিতর্কিত মন্তব্যঃ নূপুৰ শর্মা–নবীন জিন্দালক বিজেপিৰ পৰা নিলম্বন

নিয়মীয়া বাৰ্তা,৬ জুনঃ পয়গম্বৰ হজৰত মহম্মদক লৈ বিতর্কিত মন্তব্য কৰি নিলম্বিত হ’বলগীয়া হ’ল বিজেপিৰ মুখপাত্র নূপুৰ শর্মা৷ আজি বিজেপিৰ পদৰ পৰা নূপুৰ শর্মা আৰু নবীন জিন্দালক অপসাৰণ কৰিছে দলৰ নেতৃত্বই৷ বিজেপিৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে দলৰ প্রাথমিক সদস্য পদৰ পৰা নিলম্বন কৰা হৈছে দুয়োগৰাকী মুখপাত্রক৷

স্মর্তব্য যে মাত্র কেইদিনমান পূর্বে হজৰত মহম্মদক লৈ বিতর্কিত মন্তব্য কৰিছিল বিজেপি নেত্রী নূপুৰ শর্মাই৷ নূপুৰ শর্মাৰ এই মন্তব্যক কেন্দ্র কৰি উত্তপ্ত হয় কাণপুৰ৷ কাণপুৰ অঞ্চলত শিলগুটি দলিওৱা, দোকান তথা অন্যান্য প্রতিষ্ঠান ভঙা আদি বিভিন্ন অপ্রীতিকৰ ঘটনা সংঘটিত হয়৷ এই সংঘর্ষত জড়িত ১৮জন লোকক গ্রেপ্তাৰো কৰা হৈছে৷

বিজেপিৰ তৰফৰ পৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে কোনো ধর্ম বা ধর্মীয় ব্যক্তিৰ প্রতি অসন্মানজনক মন্তব্যৰ পক্ষপাতী নহয় দল৷ অৱশ্যে দলটোৱে এই সন্দর্ভত কোনো বিশেষ ঘটনাৰ কথা উল্লেখ কৰা নাই৷ কিন্তু এই বিবৃতি প্রকাশ কৰাৰ কিছু সময় পিছতেই দলৰ প্রাথমিক সদস্য পদৰ পৰা নূপুৰ শর্মা আৰু নবীন জিন্দালক নিলম্বন কৰা বুলি ঘোষণা কৰা হয়৷

You might also like