নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা দুঘণ্টা ধৰি মহানগৰ পৰিদর্শন মুখ্যমন্ত্রীৰ

  • ২০২৩ৰ পূজাৰ আগতে সম্পূর্ণ হ’ব মালিগাঁও উৰণ সেতু
  • ২০২৪ৰ বিহুৰ পূর্বে মুকলি হ’ব জু–ৰোডৰ উৰণ সেতু
  • চলিত বর্ষৰ পূজাৰ আগত সম্পূর্ণ হ’ব চেৰাবভাটী উৰণ সেতুৰ নির্মাণকার্য
  • দহ দিনৰ ভিতৰত গুৱাহাটীৰ উপপথ পৰিদর্শন কৰিব মুখ্যমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা,৬ জুনঃ মহানগৰীৰ বিভিন্ন সমস্যাৰ বুজ ল’বলৈ দেওবাৰে নিশা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটীৰ বিভন্ন স্থান পৰিভ্রমণ কৰে৷ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্রী অশোক সিংঘাল, মেয়ৰ মৃগেন শৰণীয়া আৰু পৌৰ আয়ুক্ত দেৱাশিস শর্মাৰ লগতে আমোলা–বিষয়াক লৈ মুখ্যমন্ত্রীগৰাকীয়ে মহানগৰীৰ বিভিন্ন স্থান পৰিদর্শন কৰে৷ জনতা ভৱনৰ পৰা পোনে পোনে জি এছ ৰোডেৰে ছয়মাইল হৈ খানাপাৰা আৰু ৩৭নং ৰাষ্ট্রীয় ঘাইপথেৰে লখৰা, বৰাগাঁও, গড়চুক হৈ জালুকবাৰীত উপস্থিত হয়৷

জালুকবাৰীৰ পৰা মুখ্যমন্ত্রীগৰাকীয়ে মালিগাঁও, আদাবাৰী, ফাঁচীবজাৰ আৰু গুৱাহাটী ক্লাব হৈ চানমাৰি, বামুণীমৈদাম, নুনমাটিৰে ভি আই পি ৰোডেৰে ছয়মাইলত উপস্থিত হয়৷ ছয়মাইলৰ পৰা পুনৰ জি এছ ৰোডেৰে মুখ্যমন্ত্রীগৰাকীয়ে উলুবাৰী হৈ আৰ জি বৰুৱা ৰোডৰ বিভিন্ন স্থান পৰিদর্শন কৰে৷ এই ভ্রমণকালত মুখ্যমন্ত্রীগৰাকীয়ে মহানগৰীৰ বিভিন্ন পথৰ ষ্ট্রীট লাইটৰ লগতে অন্যান্য সমস্যাৰ বুজ লোৱাৰ উপৰি গুৱাহাটী মহানগৰীত চলি থকা উন্নয়নমূলক কাম–কাজ পৰিদর্শন কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে মালিগাঁও উৰণ সেতুৰ নির্মাণকার্যৰ অগ্রগতি সম্পর্কে বুজ লোৱাৰ লগতে গুৱাহাটীত নির্মাণ কৰিবলগীয়া অত্যাধুনিক বাছআস্থান, গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষই গ্রহণ কৰা বিভিন্ন আঁচনিৰ কাম–কাজৰ অগ্রগতিৰ বুজ লয়৷

তদুপৰি মুখ্যমন্ত্রীগৰাকীয়ে মহানগৰীৰ বিভিন্ন পথ পৰিদর্শন কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে প্রায় দুঘণ্টা সময় ভ্রমণ কৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম–কাজৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত কয়– ‘আজি মই গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংঘাল আৰু মেয়ৰ মৃগেন শৰণীয়াক লৈ প্রায় দুঘণ্টা সময় গুৱাহাটীৰ মূল পথসমূহত ঘূৰিছোঁ আৰু কিছু ৰাস্তা ঘূৰিবলৈ বাকী আছে৷ গুৱাহাটী মহানগৰীৰ প্রায় ৩০ শতাংশ ষ্ট্রীট লাইট আজিও বিকল হৈ আছে৷ অৱশ্যে আজি মই আহিম বুলি কিছু লাইট জ্বলিছে৷ গুৱাহাটীৰ ষ্ট্রীট লাইটসমূহ কিদৰে জ্বলিব আৰু ইয়াক কিদৰে পৰিচালনা কৰা হ’ব সেইক্ষেত্রত জি এম চিৰ কোনো পৰিকল্পনা নাই৷ আজি মোৰ লগত পৌৰ আয়ুক্তৰ লগতে বহু বিভাগীয় বিষয়া উপস্থিত থাকে আৰু অহা দুই–তিনি মাহৰ ভিতৰত গুৱাহাটীৰ ষ্ট্রীটলাইটসমূহ ভাল অৱস্থালৈ ঘূৰি আহিব৷’

মুখ্যমন্ত্রীগৰাকীয়ে কৃত্রিম বান সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত কয় যে এইবাৰ তুলনামূলকভাৱে বৰষুণৰ পৰিমাণ বেছি, নিয়মিতভাৱে কাম কৰি থাকিলে মানুহৰ কষ্ট লাঘৱ কৰিব পৰা যাব৷ নতুনকৈ নির্বাচিত হোৱা পৌৰ নিগমৰ জনপ্রতিনিধিসকলে ভালকৈ কাম কৰিব বুলি মই আশাবাদী৷ আনহাতে, গুৱাহাটীত নির্মীয়মাণ উৰণ সেতুৰ নির্মাণকার্য সম্পর্কে কয় যে ২০২৩ চনৰ দুর্গাপূজাৰ আগত মালিগাঁৱৰ নির্মীয়মাণ উৰণ সেতুৰ কাম সম্পূর্ণ হ’ব৷ আনহাতে, জুৰোডৰ নির্মীয়মাণ উৰণ সেতুৰ কাম ২০২৪ চনৰ বিহুৰ পূর্বে জনগণৰ সেৱাৰ বাবে মুকলি কৰা হ’ব৷ তদুপৰি চেৰাবভাটীত নির্মীয়মাণ উৰণ সেতুখন চলিতবর্ষৰ দুর্গা পূজাৰ আগতে সম্পূর্ণ হৈ উঠিব বুলি মুখ্যমন্ত্রীগৰাকীয়ে মন্তব্য কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে অহা দহ দিনৰ ভিতৰত গুৱাহাটীৰ উপপথসমূহ পৰিদর্শন কৰাৰ কথা উল্লেখ কৰে৷

You might also like