নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পর্যটকৰ বাবে বন্ধ হ’ল কাজিৰঙাঃ ক’ভিডৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ৪ মেঃ ক’ভিডৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি সোমবাৰৰে পৰা পর্যটকৰ বাবে বন্ধ কৰা হ’ল বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙা ৰাষ্ট্রীয় উদ্যান৷ পর্যটকৰ পৰা ক’ভিড যাতে বন্যপ্রাণীলৈ সংক্রমিত হ’ব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত গ্রহণ কৰিছে সংশ্লিষ্ট কর্তৃপক্ষই৷

ইতিমধ্যে কঁহৰা বনাঞ্চলৰ অধীনৰ মিহিমুখ আৰু বাগৰিত হাতী ছাফাৰি বন্ধ কৰা হৈছিল৷ অৱশ্যে এই দুয়োটা স্থানতে অব্যাহত আছিল জীপ ছাফাৰী৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যান বন্ধৰ এই নির্দেশনা পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত বাহাল থাকিব৷

উল্লেখ্য যে ৰাষ্ট্রীয় উদ্যানখন দর্শন কৰিবলৈ অহা একাংশ পর্যটকৰ পৰা কাজিৰঙাৰ পর্যটন নিৱাসৰ কর্মচাৰীৰ শৰীৰলৈ ক’ভিড সংক্রমিত হৈছে৷ অৱশ্যে ক’ভিড সংক্রমণ প্রতিৰোধৰ বাবে ইতিমধ্যে উদ্যান কর্তৃপক্ষই কেইবাটাও ব্যৱস্থা গ্রহণ কৰিছে৷

You might also like