নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত নিষিদ্ধ টেবলেটসহ এজনক আটক

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চ : বিলাসীপাৰাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই নিচাজাতীয় টেবলেটসহ এজনক আটক কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী সূত্ৰই জনোৱা মতে, বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত বিলাসীপাৰা থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলায়। অভিযানত মামা বজাৰৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটৰ লগতে আটক কৰে ড্ৰাগছ মাফিয়া ৰেজাউল কৰিমক (২৮)। আটকাধীন ৰেজাউলৰ ঘৰ বিলাসীপাৰাৰ ছুৱাপাতাত বুলি জানিব পৰা গৈছে। ড্ৰাগছ মাফিয়া ৰেজাউলৰ পৰা ভালেসংখ্যক টেবলেটসহ এটা মোবাইল ফোন আৰু এ এছ-১৭ কে-৭৩৫৩ নম্বৰৰ মটৰচাইকেল জব্দ কৰে আৰক্ষীয়ে । ড্ৰাগছ মাফিয়া ৰেজাউলৰ পৰা অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে বিলাসীপাৰা আৰক্ষীয়ে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like