নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড তিনিচুকীয়াৰ আদালতৰ

নিয়মীয়া বাৰ্তা, ২৫ মে’ : ২০২০ বৰ্ষৰ ১৬ মে’ত ডুমডুমা থানাৰ অন্তৰ্গত বাদলাবেটা চাহ বাগিচাৰ বকপাৰা খেৰবাৰী লাইনত সংঘটিত এক হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায় প্ৰদান কৰি তিনিচুকীয়াৰ Fast Trcct Courtৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ জয়ন্ত কুমাৰ দাসৰ আদালতে হত্যাকাৰী মহেশ্বৰ কন্ধ ওৰফে মহেশক ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে । উল্লেখযোগ্য যে হত্যাকাৰী মহেশ্বৰ কন্ধই বাদলাবেটা চাহ বাগিচাৰ বকপাৰা খেৰবাৰী লাইনৰ অনিল ৰেবা সিং নামৰ এজন লোকক ব্যক্তিগত কাজিয়াৰ পৰিণতিত কুঠাৰেৰে ঘপিয়াই হত্যা কৰিছিল। মৃতকৰ পত্নী সংজ্যোতি অনিলে ঘটনা সংক্ৰান্তত ডুমডুমা থানাত এখন এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে। পৰৱৰ্তীকালত হত্যাকাণ্ডটোৰ বিচাৰ প্ৰক্ৰিয়া চলে আৰু এই প্ৰক্ৰিয়াত আদালতে মুঠ সাতগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। যোৱা ২৩ মে’ত গোচৰটোৰ চুড়ান্ত ৰায়দান কৰি আদালতে আচামীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ উপৰিও নগদ ‌১৩,০০০ টকা জৰিমনা বিহে। জৰিমনা অনাদায়ে অতিৰিক্ত ছমাহৰ বাবে সাধাৰণ কাৰাদণ্ডৰ ৰায়দান কৰে। গোচৰটোত চৰকাৰী পক্ষৰ হৈ ওকালতি কৰিছিল অতিৰিক্ত লোক অধিবক্তা যোগমায়া ফুকনে আৰু আচামী পক্ষৰ হৈ ওকালতি কৰিছিল অধিবক্তা শাশ্বত শৰ্মাই।
প্ৰেৰক মনোজ বৰুৱা
You might also like