নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুখৰ মাজতো সুখৰ হাঁহি আনিলে কচুপথাৰৰ ইদ্যুতে : পিতৃৰ তিলনিৰ দিনাই পুত্ৰৰ চাকৰি লাভ

নিয়মীয়া বাৰ্তা, বাদুলীপাৰ, ১২ অক্টোবৰ : গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত কচুপথাৰৰ এজন মেধাৱী ছাত্ৰৰ সাফল্যই দুখৰ মাজতে আনন্দ কঢ়িয়াই আনিছে সমগ্ৰ অঞ্চলটোলৈ ৷

উল্লেখ্য যে কচুপথাৰৰ যুৱক ইদ্যুত বৰাৰ পিতৃৰ বিয়োগৰ তিনি দিনৰ দিনাই ঘোষণা কৰা ফলাফলত অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নত কনিষ্টবলৰ চাকৰি লাভ কৰিলে ইদ্যুতে। তেওঁৰ পিতৃ কুমুদ বৰাৰ তিলনীৰ কৰ্ম কৰি থকা সময়তে চাকৰি লাভৰ ভাল খবৰটো লাভ কৰাত দুখৰ মাজতো পৰিয়ালটিক আনন্দিত কৰি তুলিছে। যথেষ্ট কষ্টৰ ফলত চাকৰি লাভ কৰা খবৰটো পোৱাৰ পিছত মাতৃ ববী বৰাই কয় যে দেউতাক জীয়াই থকা হ’লে অধিক আনন্দিত হ’লহেঁতেন ৷ সৰুৰে পৰা পঢ়াৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিছিল বুলি মাকে সংবাদ মাধ্যমক জানিবলৈ দিছে । যুৱকজনৰ এনে সফলতাত অঞ্চলবাসীয়ে গৌৰৱবোধ কৰিছে।

প্ৰেৰক নবীন গোহাঁই 
You might also like