নিয়মীয়া বাৰ্তা, বালিপৰা, ১২ অক্টোবৰ : সদ্যঘোষিত এ ডি আৰ ই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ বালিপৰাৰ গোবিন্দপুৰলৈ গৌৰৱ কঢ়িয়াইছে পীযূষ মণ্ডল নামৰ যুৱকজনে । জানিব পৰা মতে, যুৱকজনে আৰ্থিক দৈন্যকো নেওচি অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তি লাভ কৰিছে।
উল্লেখ্য যে গোবিন্দপুৰ গাঁও নিৱাসী প্ৰয়াত আশুতোষ মণ্ডল আৰু গীতা মণ্ডলৰ পুত্ৰ পীযূষ মণ্ডলে সপ্তম শ্ৰেণীত অধ্যয়নৰত অৱস্থাতে পিতৃৰ অকাল বিয়োগৰ পিছত ঘৰৰ সমস্ত দায়িত্ব কান্ধ পাতি ল’বলগীয়া হৈছিল । আৰ্থিক দৈন্যৰ পৰিপ্ৰেক্ষিতত যুৱকজনে ঘৰ পৰিচালনা কৰিবলৈ গাঁৱৰ পৰা শাক-পাচলি ক্ৰয় কৰি বালিপৰা চেন্টাৰ, খেলমাটি, ফুলবাৰী, লোক্ৰাৰ শনিবৰীয়া বজাৰ, চাৰিদুৱাৰৰ বুধবৰীয়া বজাৰত বিক্ৰী কৰি অৰ্জা ধনেৰে ঘৰ চলোৱাৰ লগতে অসম আৰক্ষীত মকৰল হোৱাৰ বাবে নিয়মিত কচৰৎ অব্যাহত ৰাখিছিল । কালি ঘোষিত ৰাজ্যৰ এ ডি আৰ ই পৰীক্ষাৰ ফলাফলত যুৱকজনে অসম আৰক্ষীৰ কনিষ্টবল পদত নিযুক্তি লাভ কৰাত গোবিন্দপুৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে । তেওঁৰ সুখবৰটো লাভ কৰাৰ লগে লগে যুৱকজনৰ বাসগৃহত গোবিন্দপুৰবাসী সচেতন ৰাইজ, দল-সংগঠন উপস্থিত হৈ তেওঁক গামোচাৰে বিশেষ সম্বৰ্ধনা জনায় । দৰিদ্ৰতাক জয় কৰি যুৱকজনে লাভ কৰা এই সফলতাত বালিপৰা অঞ্চলৰ সচেতন মহলেও শুভেচ্ছা জ্ঞাপন কৰিছে ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম