নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ডত শ্বহীদ কোকৰাঝাৰৰ জোৱান

🔹 নক্সালবিৰোধী অভিযান

🔹 প্রাণেশ্বৰ কোচৰ পৰিয়াললৈ ৰাজ্য চৰকাৰৰ ৫০ লাখ

নিউজ ডেস্ক, ১৭ জুলাই : চিআৰপিএফৰ কোব্রা বেটেলিয়নৰ জোৱান প্রাণেশ্বৰ কোচৰ মৃত্যুৰ বাতৰিত মাগুৰমাৰীত শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে কোকৰাঝাৰৰ মাগুৰমাৰীৰ ৰাভাপাৰা নিৱাসী বীৰেশ্বৰ কোচ আৰু ববিতা কোচৰ জ্যেষ্ঠ পুত্র প্রাণেশ্বৰ কোচ চিআৰপিএফৰ ২০৯নং বেটেলিয়নৰ জোৱান আছিল৷

প্রাপ্ত বাতৰি মতে, কালি পুৱা নক্সালৰ এম্বুচত পৰিছিল চিআৰপিএফৰ কোব্রা বেটেলিয়নৰ এটা অভিযানকাৰী দল৷ অভিযানকাৰী দলটোত কোকৰাঝাৰৰ মাগুৰমাৰীৰ ৰাভাপাৰাৰ প্রাণেশ্বৰ কোচো আছিল৷ নক্সালৰ এম্বুচত প্রাণেশ্বৰ কোচ শ্বহীদ হোৱাৰ বিপৰীতে চিআৰপিএফৰ গুলীত দুই নক্সাল নিহত হয় বুলি জানিব পৰা গৈছে৷

ইপিনে, চিআৰপিএফ জোৱান প্রাণেশ্বৰ কোচ শ্বহীদ হোৱাৰ বাতৰি বিয়পি পৰাৰ পিছতে ৰাভাপাৰাৰ প্রাণেশ্বৰৰ ঘৰত কান্দোনৰ ৰোল উঠে৷ প্রাণেশ্বৰৰ পিতৃ বীৰেশ্বৰ কোচে জানিবলৈ দিয়া মতে, পুৱা চিআৰপিএফৰ ফালৰ পৰা ফোনযোগে কয় যে প্রাণেশ্বৰ কোচৰ দুর্ঘটনা হৈছে আৰু চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ পিছত আপোনাক আমাৰ ফালৰ পৰা সকলো খবৰ দিয়া হ’ব বুলি ব্যক্ত কৰে৷ কিন্তু কিছু সময় পিছতে পুনৰ ফোন কৰি প্রাণেশ্বৰৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে৷ প্রাণেশ্বৰে মৃত্যুৰ সময়ত পিতৃ–মাতৃ, ভাতৃ–ভগ্ণীৰ উপৰি পত্নী আৰু এটি ৪ বছৰীয়া পুত্র সন্তানক ইহসংসাৰত এৰি গৈছে৷

ইফালে, কোকৰাঝাৰৰ মাগুৰমাৰীৰ চিআৰপিএফ জোৱান শ্বহীদ প্রাণেশ্বৰ কোচৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে আগবঢ়াব ৫০ লাখ টকাৰ আর্থিক সাহায্য৷ লগতে পৰিয়ালৰ এজনক চৰকাৰী চাকৰি দিয়াৰ কথা সদৰী কৰে মন্ত্রী উর্খাও গৌৰা ব্রহ্মই৷ মন্ত্রী উর্খাও গৌৰা ব্রহ্মই সদৰী কৰা মতে, মুখ্যমন্ত্রীৰ নির্দেশত কালি বিয়লি কোকৰাঝাৰৰ মাগুৰমাৰীত থকা শ্বহীদ প্রাণেশ্বৰ কোচৰ বাসভৱনত উপস্থিত হয় আৰু মুখ্যমন্ত্রীৰ সৈতে প্রাণেশ্বৰ কোচৰ পিতৃক ফোনযোগে কথা পতাই দিয়াৰ সুবিধা কৰি দিয়ে৷ সেইমতে মুখ্যমন্ত্রীয়ে ফোনযোগে শ্বহীদ প্রাণেশ্বৰ কোচৰ পিতৃৰ সৈতে কথা পাতি ৫০ লাখ টকা আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰে৷ লগতে পৰিয়ালৰ এজনক চৰকাৰী চাকৰি দিয়াৰ প্রতিশ্রুতি প্রদান কৰিছে মুখ্যমন্ত্রীয়ে৷

You might also like