নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশৰ ইউনুছ চৰকাৰৰ পুনৰ ভাৰতবিৰোধী স্থিতি

🔹 চীনৰ সহযোগত তিস্তাক ন–ৰূপত গঢ়ি তুলিব বাংলাদেশে

🔹 উত্তৰ–পূর্বাঞ্চলক বিচ্ছিন্ন কৰাৰ ঢাকাৰ ষড়যন্ত্রত উচটনি বেইজিঙৰ

নিউজ ডেস্ক, ১৭ জুলাই : বাংলাদেশৰ স্থিতিক লৈ উদ্বিগ্ণ নতুন দিল্লী৷ শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তর্ৱর্তীকালীন চৰকাৰখনে ভাৰতবিৰোধী স্থিতি গ্রহণ কৰি আছে৷ চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ সৈতে মিত্রতা গঢ়ি তোলাৰ লগতে ভাৰতৰ প্রতিৱেশী ৰাষ্ট্র চীনৰ সৈতেও পূর্বতকৈ অধিক শক্তিশালী কৰি তুলিছে সম্পর্ক৷ চীনৰ সৈতে এইবাৰ বাংলাদেশে তিস্তা মাষ্টাৰপ্লেন তথা তিস্তা মহাপৰিকল্পনা চূড়ান্ত কৰি তুলিছে৷

পূর্বতে শ্বেখ হাছিনা চৰকাৰে ভাৰতৰ সৈতে তিস্তা মাষ্টাৰপ্লেন কার্যকৰী কৰাৰ যো–জা চলাইছিল যদিও ইউনুছ চৰকাৰে ভাৰতক একাষৰীয়া কৰি চীনৰ সৈতে এই পৰিকল্পনা কার্যকৰী কৰিব৷ বাংলাদেশৰ জলসম্পদ, পৰিৱেশ, বন, জলবায়ু পৰিৱর্তন মন্ত্রালয়ৰ উপদেষ্টা ছৈয়দা ৰিজুৱানা হাছানে কয় যে তিস্তা মহাপৰিকল্পনা এই বছৰতে চূড়ান্ত হৈ কার্যকৰী কৰা হ’ব৷ বাংলাদেশৰ কূটনৈতিক স্থিতি সলনি হোৱাৰ পাছত চীনৰ সৈতে ঘনিষ্ঠতা গঢ়ি তোলা ইউনুছ চৰকাৰে তিস্তা নদীক ন–ৰূপত গঢ়ি তুলিব৷ ইতিমধ্যে তিস্তা নদীক লৈ বাংলাদেশ চৰকাৰে চীনৰ সৈতে কেইবাবাৰো আলোচনাত মিলিত হৈ প্রায় চূড়ান্ত কৰি তুলিছে৷ তিস্তা মহাপৰিকল্পনা মূলতঃ চীন আৰু বাংলাদেশৰ বিষয়৷ এই সিদ্ধান্ত দুয়ো দেশেই গ্রহণ কৰিব৷ তিস্তা জল বিনিময় চুক্তিক লৈ ঢাকা আৰু নতুন দিল্লীৰ মাজত বহুদিন পূর্বে আলোচনা হৈছিল যদিও কূটনৈতিক প্রেক্ষাপট সলনি হোৱাৰ পাছত চীনৰ সৈতে মিলিত হৈ তিস্তা মহাপৰিকল্পনাক কার্যকৰী কৰিব বাংলাদেশ চৰকাৰে৷ এই পৰিকল্পনা কার্যকৰী কৰিবলৈ দুয়োখন দেশৰ প্রতিনিধিয়ে ইতিমধ্যে কেইবাবাৰো মিলিত হৈছে৷

তাৎপর্যপূর্ণ যে তিস্তা মহাপৰিকল্পনা চীনৰ সৈতে বাংলাদেশে কার্যকৰী কৰিলে ভাৰতৰ বাবে উদ্বেগজনক৷ কিয়নো চীনৰ সৈতে মিলি বাংলাদেশে উত্তৰ–পূর্বাঞ্চলক বিচ্ছিন্ন কৰাৰো ষড়যন্ত্র চলাই আছে৷ উত্তৰ–পূবৰ ৭ ৰাজ্যৰ লগত ভাৰতৰ সংযোগ চিকেন নেক অথবা শিলিগুৰি কৰিড’ৰ৷ এই ভৌগোলিক স্থিতি অতিকৈ গুৰুত্বপূর্ণ৷ এই অঞ্চলটোৰ সমীপতে বাংলাদেশৰ সীমান্ত৷ সীমান্তত ইউনুছ চৰকাৰে বায়ুসেনা ঘাটি নির্মাণৰ পৰিকল্পনা কৰিছে৷ এই বায়ুসেনা ঘাটিও চীনৰ সহযোগত নির্মাণ কৰিব৷ চীনৰ বিষয়াই এই বায়ুসেনা ঘাটি নির্মাণৰ স্থান পৰিদর্শনো কৰি গৈছে৷ সীমান্তৱর্তী ৰংপুৰৰ লালমণিৰহাট জিলাতেই বায়ুসেনা ঘাটি তৈয়াৰ কৰাৰ মন মেলিছে ঢাকাই৷ ৰংপুৰ ভাৰতীয় সীমান্তৰ পৰা মাত্র ২০ কিলোমিটাৰ৷ বায়ুসেনা ঘাটি নির্মাণ কৰিবলৈ ঢাকাক উচটনি দি আহিছে চীনে৷ এনে সময়তে তিস্তা মহাপৰিকল্পনাও চীনৰ সৈতে মিলি বাংলাদেশে কার্যকৰী কৰাটো নতুন দিল্লীৰ বাবে ইতিবাচক নহয়৷

You might also like