নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ১২খন দেশত সেনাত যোগদান বাধ্যতামূলক

বিশেষ বাৰ্তা, ২১ জুনঃ সম্প্রতি কেন্দ্রীয় চৰকাৰৰ অগ্নিপথ প্রকল্পক লৈ দেশত বিক্ষোভৰ জুই জ্বলি আছে৷ সেনাত চাৰি বছৰীয়া চাকৰিৰ প্রস্তাৱক লৈ ক্ষোভৰ উদগীৰণ ঘটিছে সমগ্র দেশত৷ কিন্তু ভাৰতত এতিয়াও স্বেচ্ছাই যুৱক–যুৱতীসকলে সেনাত যোগদান কৰে৷ পৃথিৱীত এনে বহুত দেশ আছে, নিজৰ ইচ্ছাৰ বিৰুদ্ধেও সেনাত চাকৰি কৰিবলগীয়া হয় যুৱক–যুৱতীসকলে৷ ইচ্ছাৰ বিৰুদ্ধে সেনাত যোগ দিবলৈ আৰু যুদ্ধ কৰিবলৈ বাধ্য কৰা এই দেশবোৰত হাজাৰ হাজাৰ যুৱক–যুৱতীক জোৰ কৰি নিযুক্তি দিয়া হয়৷ উত্তৰ আৰু দক্ষিণ কোৰিয়া এইক্ষেত্রত অন্যতম৷ দুয়োখন দেশে বিগত কেইবাদশক ধৰি সামৰিক শক্তি বৃদ্ধি কৰি আহিছে৷ উত্তৰ কোৰিয়াত এক সামৰিক নীতি মানি চলা হয়, যাৰ নাম ‘ছোংগুন’ ৷ এই নিয়ম অনুসৰি দেশৰ সকলো সম্পদৰ ওপৰত সেনাবাহিনীৰ অগ্রাধিকাৰ আছে৷ দেশখনৰ বাসিন্দাসকল এই নিয়মৰ ব্যতিক্রম নহয়৷ কাৰণ নাগৰিকসকলক দেশৰ সম্পদ বুলি গণ্য কৰা হয় উত্তৰ কোৰিয়াত৷ উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ উপৰি ৰাছিয়া, ব্রাজিল, ইজৰাইল, ইৰান, কিউবা, ছুইজাৰলেণ্ড, তুৰস্কসহ মুঠ ১২খন দেশত সেনাত যুৱক–যুৱতীসকলে যোগদান কৰাটো বাধ্যতামূলক৷ চৰকাৰৰ এই নিয়ম অমান্য কৰিলে যুৱক–যুৱতীসকলক্ কঠোৰ শাস্তি প্রদান কৰা হয় এই দেশকেইখনত৷

You might also like