নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰ লাচিত বৰফুকনক শ্রদ্ধাঞ্জলি মুখ্যমন্ত্রী সোণোৱালৰ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ লাচিত দিৱসৰ পৱিত্র দিনটোত মঙলবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে তেওঁৰ চৰকাৰী বাসভৱনত বীৰ লাচিত বৰফুকনৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অর্পণেৰে শ্রদ্ধা নিবেদন কৰে৷ মহাবীৰ লাচিত বৰফুকনৰ সাহস, ত্যাগ, অবিস্মৰণীয় দেশপ্রেম আৰু বীৰত্বৰ কথা স্মৰণ কৰি তেওঁ দেখুৱাই যোৱা মূল্যবোধৰ আদর্শৰে অনুপ্রাণিত হৈ এখন নতুন অসম গঢ়াৰ বাবে আত্মনিয়োগ কৰিবলৈ ৰাজ্যখনৰ নতুন প্রজন্মলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ উদ্যোগত আজি ডিব্রুগড় জিলাৰ ধেমেচীত বিস্তৃত কার্যসূচীৰে লাচিত দিৱস উদ্যাপনৰ আয়োজন কৰা হৈছিল৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বিয়োগৰ পৰিপ্রেক্ষিতত ঘোষিত তিনিদিনীয়া ৰাজ্যিক শোক পালনৰ বাবে এই কার্যসূচী বাতিল কৰি মুখ্যমন্ত্রী সোণোৱালে নিজৰ চৰকাৰী বাসভৱনতে মহাবীৰ লাচিত বৰফুকনৰ প্রতিচ্ছবিত স্মৃতি তর্পণেৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

You might also like