নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৌধুৰীদেৱ, বজাৰৰ জুইকুৰা দেখিছেনে?

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মাননীয় মন্ত্রী শ্রীযুত ফণীভূষণ চৌধুৰীদেৱ, নমস্কাৰ গ্রহণ কৰিব৷ ৰাইজৰ, আপোনাৰ আৰু আটাইৰে মংগলার্থে আপোনাক দুৱাষাৰমান কথা ৰাজহুৱাকৈ ক’বলগীয়াত পৰিছোঁ৷ আপুনি নিজে জানেই যে আপুনি অসম মুলুকৰ মাথোন খাদ্য মন্ত্রী তথা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ মন্ত্রীহে নহয়, গ্রাহক ৰাইজে উপভোগ কৰা বা কৰিবলৈ নোপোৱা কিন্তু তাকে কৰিবলৈ পাবলগীয়া বিভিন্ন সামগ্রী আৰু সেৱাৰ যথাযথ সৰবৰাহ তথা যোগানৰ দায়িত্বপ্রাপ্ত মন্ত্রীও৷ আন কথাত, আপুনি গ্রাহক সুৰক্ষা বা উপভোক্তা সংৰক্ষণৰো মন্ত্রী৷ পিচে, আগেয়ে চাউলকঠা (‘থা’ নহয়), তাৰ পাছেহে হৰি কথা৷ অৱশ্যে, ‘চাউলকঠা’ মানেও আকৌ কেৱল চাউল সিজোৱামুঠিহে নহয়, মনিচে সেই মুঠিৰ সমেত গ্রহণ কৰা সমূহ খাদ্য দ্রৱ্যও৷ পিচে, মুলুকৰ বজাৰসমূহত কি ঘটিছে, আপুনি তাৰ কিবা ভু–ভটং পায়নে? হওঁতে, নোপোৱাৰ কথা নাই কিয়নো, মন্ত্রী স্বৰূপে, বাতৰি কাকত আৰু বাকচত নিতৌ ওলাই থকা খা–খবৰবোৰ নিজেই মোটামুটিভাৱে লৈ আৰু পাই থকাৰ উপৰি (অন্ততঃ লৈ আৰু পাই থাকিব লাগে), সিবোৰত ওলোৱা বতৰাবোৰ চৰকাৰ বাহাদুৰৰ জনসংযোগ বিভাগে আৰু মন্ত্রীৰ নিজস্ব বিভাগৰ সংশ্লিষ্ট বিষয়া–কর্মচাৰীগণে সিবোৰৰ প্রতি মন্ত্রী মহোদয়ৰ দৃষ্টি আকর্ষণ কৰে অন্ততঃ কৰিব লাগে৷ অৱশ্যে, মন্ত্রীৰ পছন্দ নোহোৱা বাতৰি এড্মিৰেল্ নে’ল্ছনৰ কণা চকুটোৰে চোৱা তথা সেইবোৰ বাতৰি ‘মিছা, ভিত্তিহীন আৰু বিৰোধী দল আৰু ন্যস্ত স্বার্থ জড়িত পক্ষৰ অপপ্রচাৰ’ বুলি কোৱাটো মন্ত্রীৰ বিশেষাধিকাৰ৷ কিন্তু মন্ত্রী মহোদয়, আচলতে কি ঘটিছে? বজাৰত লগা জুইকুৰা দেখিছেনে আপুনি? দেখা নাই কেতিয়াও? শুনিছে নিশ্চয়, –ৰক্তিম অগ্ণিৰাশি, বাধাহীন শিখামালা জ্বলে দূৰ দিগন্ত বিয়াপি?
মন্ত্রী মহোদয়, ফল–মূলৰ কথা বাদ দিছোঁ শাক–পাচলিৰ কথাও বিতংকৈ কোৱাৰ আৱশ্যক নাই৷ আপোনাসৱে ‘বিশ্বাস’ কৰক বা নকৰক, সংবাদ মাধ্যমে সিবোৰৰ দামৰ বিতং তথ্য–পাতি আৰু তালিকা নিতৌ দফা দফাকৈ যোগান ধৰি আছে৷ অৱস্থা এতিয়া এনে পর্য্যায় পাইছেহি যে বজাৰলৈ যাওঁতে বহুতো মানুহে হাতত মোনা নিবলৈ এৰিয়েই দিছে বেপাৰীয়ে যোগান ধৰা প্লাস্তিক্–পলিথীনৰ ঠোঙাতে এসাঁজ বা দুসাঁজৰ বাবে ইবিধ–সিবিধ দুই–তিনিবিধহে পাচলি অনাৰ অভ্যাস কৰি লৈছে জলকীয়াকেইটা, লগত ‘লগাই দিয়া’কৈ৷ বেপাৰীয়েও পাচলিৰ দাম কিলোগ্রেমৰ হিচাপত নকয়, ‘পোৱা’ (আঢ়ৈশ গ্রেম্)ৰ হিচাপতহে কয়৷ কাৰণটো কি? বজাৰততো পাচলিৰ অভাৱ হোৱাও নাই৷ বেপাৰীয়ে বিচৰা দাম দিব পাৰিলে বা দিলে, গ্রাহকে, বজাৰত দ’মে দ’মে ওলোৱা পাচলিৰ যিমান লাগে সিমান নিব পাৰে৷
চৌধুৰীদেৱ, আটায়ে জনা কথা যে বিগত বহু বছৰৰ আগৰেপৰা মুলুকত ইটা, বালি, শিল, লোহা, কাঠ, বাঁহ, পাহাৰৰ আৰু নৈৰ মাটি, কয়লা, মাছ, মঙহ, কণী, শাক–পাচলি, ফল–মূল, আলু, পিয়াঁজ, ছুপাৰি, গৰু, ৰন্ধন গেছ, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল, ঘেঁহু, চেনি, নিমখ, নীলা কেৰাচিন, অধিকন্তু, –খাৰুৱা তেলৰো ভিন্ ভিন্ অবৈধ বা ক’লা বজাৰ তথা সিবিলাকৰ ওপৰত এক গুণ্ডাৰাজ চলি আহিছে আৰু এই গুণ্ডাৰাজৰ ছিণ্ডিকেইটবোৰত ভিন্ ভিন্ সময়ত নিম্নতম পর্য্যায়ৰ অর্থাৎ ক্ষেত্রভিত্তিক অবৈধ বৃত্তিধাৰী দালাল আৰু গুণ্ডাৰপৰা আৰম্ভ কৰি, সমাজৰ একাংশ গণ্য–মান্য ব্যক্তি, ব্যৱসায়ী, ঠিকাদাৰ, আৰক্ষী বাহিনীৰ বিভিন্ন তৰপৰ বিষয়া–কর্মচাৰী, বিয়াগোম আমোলাইদি ভিন্ ভিন্ সময়ত ক্ষমতাধিষ্ঠিত ভিন্ ভিন্ দলীয় তথা মিত্রজোঁট চৰকাৰৰ দলৰ নেতা, পালিনেতা, বিধায়ক আৰু মন্ত্রী পর্য্যন্ত বিভিন্ন মহলৰ লোক জড়িত হৈ আহিছে৷ এইটো, ওঁঠ চেপিলে গাখীৰ ওলোৱা ল’ৰা–ছোৱালীৰ বাবেও সহজবোধ্য কথা যে সেয়ে নহ’লে, আজি অত বছৰে ৰাইজৰ বিৰুদ্ধে সংঘটিত এনে এক ভয়ানক ষড়যন্ত্র তথা অপৰাধ পূর্ণোদ্যমে চলি নাথাকিলহেঁতেন৷ এই কথা অস্বীকাৰ কৰাৰ চেষ্টা বৃথা৷ বন মন্ত্রী পৰিমল শুক্লবৈদ্যৰ নিজ সমষ্টিতে মিজোৰাম চৰকাৰে আৰু মিজো লোকে দীর্ঘদিন ধৰি চলাই থকা আগ্রাসন, অত্যাচাৰ আৰু বন সম্পদ ধ্বংস আৰু লুণ্ঠনৰ পৰিপ্রেক্ষিততো বন মন্ত্রী শুক্লবৈদ্য তথা দুর্নীতি, অন্যায় আৰু অপৰাধৰ প্রতি ‘শূন্য (পূর্ণ?) সহনশীল’ মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালৰ, কাণ তাল মৰা নিস্তব্ধতা তথা হতভম্বকাৰী নিষ্ক্রিয়তা তাৰেই জ্বলন্ত প্রমাণ৷ তৰুণ গগৈ, প্রফুল্ল মহন্ত, হিতেশ্বৰ শইকীয়া, এইসকল আটাইৰে মুখ্য মন্ত্রিত্বৰ কালৰো সেই একেই কাহিনী, যিটো, কেন্দ্রত ক্ষমতাধিষ্ঠিত সকলো দলীয় চৰকাৰৰে ‘আসাম পলিছি’ৰ প্রতিফলন মাথোন৷ অতুল বৰা, কেশৱ মহন্ত আৰু আপুনি, অসমৰ থলুৱা ৰাইজৰ ন্যায্য মৌলিক জাতীয় স্বার্থত কুঠাৰাঘাতকাৰী যিটো মৌলবাদী দলৰ ‘বোকোচাস্থ’, আৰু, তাৰে নেতৃত্বাধীন যিখন চৰকাৰৰ অংশীদাৰ, অন্যায়, অনীতি আৰু অপৰাধৰ প্রতি সেইখন চৰকাৰৰ ‘শূন্য সহনশীলতা’ৰ অসংখ্য নমুনাৰ তিনিটা শেহতীয়া নমুনা হ’ল,– (১) কাকপথাৰ থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীৰ কার্য্যালয়ত এগৰাকী উদণ্ড ৰাজনৈতিক দলীয় মহিলাই দাম্ভিকভাবে প্রৱেশ কৰি, বৃত্তিগত চৰকাৰী পোছাক পৰিহিত কর্তব্যৰত বিষয়াগৰাকীক চৰকাৰী কার্য্যালয়তে প্রহাৰ কৰি এজন বন্দীক জোৰ কৰি উলিয়াই নিয়া, (২) মির্জাত আৰক্ষীৰ চকুৰ আগতে সুদীর্ঘ কাল চলি থকা ব্যাপক জুৱাখেলৰ বাতৰি পৰিৱেশন কৰি কৰা জনহিতকৰ কর্তব্য পালনৰ ‘অপৰাধ’ত জুৱাৰী–গুণ্ডাৰ দলে মিলন মহন্ত নামৰ এজন সাংবাদিকক দিন–দুপৰতে ৰাজপথৰ খুঁটাত বান্ধি গুৰুলা–গুৰুলকৈ প্রহাৰ কৰা, আৰু, (৩) ধিঙত, মানুহক জুলুম আৰু লুণ্ঠনকাৰী এদল মাতব্বৰে এখন মোক্তাব (‘ৱ’ নহয়) বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষার্থীক বিদ্যালয়লৈ যাব নোৱৰা অৱস্থা কৰা৷ এনে অলেখ ঘটনা সন্দর্ভত চৰকাৰখন হাত–ভৰি নোহোৱা জগন্নাথৰ পুতলাৰ দৰে থমথমকৈ বহি আছে৷
এনেবোৰ কথা–কাণ্ডৰ উদাহৰণ এই কাৰণেই দিয়া হৈছে যে এজন বিভাগীয় মন্ত্রী স্বৰূপে আপোনাৰ কথা–বতৰা, আচৰণ আৰু কাম–কাজক ইবোৰৰপৰা বিচ্ছিন্ন কৰি চাব নোৱাৰি৷ বর্তমান অসমত, মন্ত্রী বুলিলে, মানুহে বাতৰি কাকতত আৰু দিনটোৰ চৌবিশ ঘণ্টা বাকচত দেখি আৰু শুনি থকা মাথোন এজনকহে বুজিবলৈ লৈছে৷ আনসকলৰ কোনে ক’ত সুযোগ বুজি কি কৰি আছে, ভগৱন্ত বস্তুৱেহে জানে৷ চৌধুৰীদেৱ, আপোনাৰ বিভাগটো হৈছে অসম চৰকাৰৰ সৱাতোকে দুর্নীতিগ্রস্ত আৰু ৰাইজক চৰম দুর্ভোগ ভোগোৱা বিভাগসমূহৰ অন্যতম৷ কিন্তু আপোনাৰ নেতৃত্বাধীন (এইটো কথা কিন্তু অতি গুৰুত্বপূর্ণ) বিভাগটোৰ পুৰাতন দুর্নীতি, অনিয়ম আৰু ব্যর্থতাৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাৰ বেলিকা ইবোৰৰ বিৰুদ্ধে ‘জিয়েৰৌ টলে’ৰেন্স্’ অলংকাৰ পৰিহিত চৰকাৰখনৰ সদস্য আপুনিও আপোনাৰ পূর্বমন্ত্রী অপ্রমাদী ডাঃ অর্ধেন্দু কুমাৰ দে’, দিগেন বৰা, বিৰাজ শর্মা, ডাঃ নজৰুল ইছলাম আদিগণে বিচৰণ কৰা পথৰে পথিক৷ আন বস্তুৰ কথা বাদ খাদ্য বস্তুৰ দাম বৃদ্ধি সন্দর্ভত সাংবাদিকে প্রশ্ণ কৰিলেই, ইসৱে, বিশেষতঃ ডাঃ ইছলাম চাহেবে, সততে দিয়া উত্তৰটো আছিল ‘ছৌর্ছত দাম বাৰিছে’ আপোনাৰো সেই একেটা উত্তৰ লগতে, উদ্ভট আৰু এষাৰ কথা– ‘ক’তা? বস্তুৰ দামটো তেনেকৈ বঢ়া নাই’ মই প্রায়ে ভাবোঁ– ৰাইজৰ ভাগ্য বিধাতা হোৱা লোকগণ বাৰু কেতিয়াবা বজাৰলৈ যায়নে নাযায় সিসৱৰ চাংমাই শালবোৰৰ ভিতৰলৈ দ্রৱ্য–বস্তুবোৰ ক’ৰপৰা কেনেকৈ আহে বাৰু? আৰু ভাবোঁ,– বছৰদিয়েক আগেয়ে যে সর্বানন্দ সোণোৱাল, প্রফুল্ল মহন্ত আৰু প্রশান্ত ফুকনে মাজে মাজে, বাকচ সাংবাদিকগণক লগত লৈ ৰাজধানী চৌহদৰ সমীপৱর্তী গণেশগুৰি বজাৰলৈ গৈ আলু, পিয়াঁজ, জাতিলাও, কোমোৰা, বিলাহী, জিকা, ভোল, ধুন্দুলী একোটা, বেপাৰীৰ চাঙৰপৰা হাতত তুলি কেমে’ৰাৰ আগত ঘূৰাই ঘূৰাই বেপাৰীক সিবোৰৰ দাম সুধি ৰাইজক দেখুৱাইছিল আৰু শুনাইছিল, সেই তেখেতসকলে বাৰু এতিয়া কি কয়? মানি লৈছোঁ, বর্তমান মুখ্য মন্ত্রী হৈ থকা সোণোৱাল বাৰু নিজে বজাৰলৈ অহাটোত অসুবিধা আছে৷ সেই বুলি, অভাৱনীয়, অযুক্তিকৰ দাম বৃদ্ধিৰ যোগে ব্যৱসায়ী মহলে ৰাইজক কৰা নির্মম লুণ্ঠন নিয়ন্ত্রণত মুখ্য মন্ত্রীয়ে নিজৰ দায়িত্ব আৰু কর্তব্যৰপৰা গা এৰা দিব নোৱাৰে৷ কিন্তু মহন্ত আৰু ফুকনে? পে’ট্রল্ PETROL–পে’ট্রল্PATROL–পেট্রৌল্) আৰু ডীয্লৰ দাম বৃদ্ধিৰ বিৰুদ্ধে, কান্ধত যুৱলি লৈ চিঞৰি চিঞৰি ৰাজআলিত গৰু গাড়ী টনা প্রশান্ত ফুকনে?
মন্ত্রী মহোদয়, যোগান বিভাগৰ মন্ত্রীসকলে যে খাদ্য বস্তুৰ দাম বৃদ্ধি সন্দর্ভত সদায়, ‘উৎসত/উৎপাদন থলীত/সংগ্রহ থলীত বস্তুৰ দাম বাঢ়িছে’ বুলি ‘উত্তৰ’ এটা দিয়ে, সেইটো এটা বিৰাট ধাপ্পাবাজি এটা ঘেগেলা আৰু হাস্যকৰ মিথ্যাচাৰ৷ বহিঃৰাজ্যৰপৰা অহা কিছু বস্তুৰ বেলিকা বাৰু কথাটো কিছু সুকীয়া৷ কিন্তু বর্তমান অসমত আলু আৰু পিয়াঁজৰ বাহিৰে জাতিলাও, কোমোৰা, ৰঙালাও, কচু, পটল, বিলাহী, জিকা, ভোল, ভেণ্ডি, তিয়ঁহ, গুটি আলু (বেইবি পটেটৌ) আদিকে ধৰি প্রায় সকলো পাচলি (শাকৰ কথাটো বাদেই) অসমৰ বিভিন্ন ঠাইত ব্যাপক হাৰত উৎপন্ন হয়৷ চৰকাৰ যি দলৰে হওক, ৰাজ্যত, বহু দশক জুৰি দপদপাই থকা ছিণ্ডিকেইটবোৰৰ জোঁটা চতি (টাই বীম) স্বৰূপ, দালাল–গুণ্ডাবোৰৰ দাদাগিৰিৰ প্রতাপত গোৱালপাৰা, কৃষ্ণাই, দুধনৈ, বৰপেটা ৰোড, হাউলী, খাৰুপেটীয়া, মঙলদৈ, দলগাঁও, বিশ্বনাথ, লংকা, হোজাই, ডবকা, নীলবাগান, মৈৰাবাৰী, ধিং, মৰাণ, খোৱাং, তিলৈ, থাওৰা, ধেমাজি, চিলাপথাৰৰ খেতিয়কসকলে নিজৰ উৎপাদিত শাক–পাচলি, মাহ, সৰিয়হ আদি সকলো, উৎপাদন ব্যয়তকৈ কম দামত বেচি আৰু খঙত দহচকীয়া গাড়ীৰ চকাৰ তললৈ দলিয়াই দি বা গৰু–ছাগলীক খুৱাই চকুপানী টুকিব লগা হৈছে৷ ইফালে সেই দালাল–গুণ্ডাহঁতে আৰু সিহঁতৰ পৃষ্ঠপোষক প্রভুগণে হাঁহি হাঁহি দধি, দুগ্ধ, ঘৃত, মধু পান কৰি ‘বিন্দাছ’
চৌধুৰীদেৱ, আশা কৰোঁ, আপুনি পাহৰা নাই যে আপুনি বিভাগৰ দায়িত্ব লোৱাৰ দিনদিয়েক পাছতে, আপোনাৰ ইচ্ছানুসাৰে আপুনি আৰু মই আমাৰ বাসভৱনত এক বৈঠকত মিলিত হৈছিলোঁ, য’ত, আপুনি বিচৰা মতে মই ভালেকেইটা পৰামর্শ আগবঢ়াইছিলোঁ৷ মই আপোনাক কৈছিলোঁ যে গুৱাহাটীৰ কেইবাটাও সংবাদ বাকচ প্রতিষ্ঠানে ৰাজ্যৰ কেইবাটাও শাক–পাচলি উৎপাদন তথা সংগ্রহ কেন্দ্রলৈ ক্ষেত্রভিত্তিক সাংবাদিক পঠিয়াই, তেওঁলোকৰ যোগে, তেনে কেন্দ্র বা থলীবোৰৰপৰা গ্রাহকৰ (খুচুৰা) বজাৰলৈকে শাক–পাচলিৰ সংগ্রহ, পৰিবহন আৰু সৰবৰাহ–যোগানৰ সমগ্র প্রক্রিয়াটো বিতংভাবে বহুবাৰ সম্প্রচাৰ কৰিছিল, য’ত দেখা গৈছিল সমগ্র পথছোৱাত বিভিন্ন অবৈধ ‘তালাচী (শী) চকী’ত দলীয় পালিনেতা, লিটিকাই, ‘চকীদাৰ’ আৰু আৰক্ষী লোকে, শাক–পাচলি পৰিবহনকাৰী যান–বাহনসমূহৰপ্ ধন আদায় কৰা দুর্নীতিবিৰোধী অভিযান৷ ছাগলী আৰু হাঁহ–কুকুৰা কঢ়িওৱা যান–বাহনবোৰতো সিসৱৰ সেই একে পুণ্য কর্ম৷ মই আপোনাক পৰামর্শ দিছিলোঁ সেই বাকচ প্রতিষ্ঠানবোৰৰ দৰে চৰকাৰী পর্য্যায়তো তেনে একোটা প্রত্যক্ষ নিৰীক্ষণ প্রক্রিয়া আৰম্ভ কৰিবলৈ, যাতে মূৰত পৰা মাধমাৰবোৰৰপৰা গ্রাহক ৰাইজে কিছু সকাহ পায়৷ আপুনি নিশ্চয় অস্বীকাৰ নকৰিব যে মই আপোনাক এইটোও কৈছিলোঁ যে ‘বিধি অনুসাৰে, ৰাজধানীত, ৰাজ্যিক পর্য্যায়ত, ‘অসম ৰাজ্যিক গ্রাহক সুৰক্ষা পৰিষদ’ নামে এখন চৰকাৰী পৰিষদ (স্বেচ্ছাসেৱী সংগঠন নহয়) আছে, যিখনৰ পদেন (এ’ক্স্–ফিশিঔ) অধ্যক্ষ হ’ল যোগান মন্ত্রী নিজে, অর্থাৎ বর্তমান আপুনি৷ সেইখন সাধাৰণতে, সদিচ্ছা আৰু উদ্যোগবিহীন, ভাগৰুৱা আৰু এঙামুৰিপ্রিয় কিছুমান চৰকাৰী আমোলাৰে গেৰেলা কৰি ৰখা হয় জিলা সদৰসমূহতো জিলা উপায়ুক্তৰ অধ্যক্ষতাত একোখন জিলা গ্রাহক সুৰক্ষা পৰিষদ থাকে সেইবোৰ সমস্ত প্রায় অস্তিত্ববিহীন পাহৰণিৰ গর্ভত আপুনি ৰাজ্যিক পৰিষদখন তথা জিলা পৰিষদসমূহ সদিচ্ছা, উদ্যম আৰু নিষ্ঠাৱান লোকেৰে পুনর্গঠন কৰি/কৰাই সিবোৰ সক্রিয় কৰাৰ ব্যৱস্থা গ্রহণ কৰক’৷ কৈছিলোঁনে কোৱা নাছিলোঁ বাৰু? আপুনি কিবা কৰিলেনে?
অলপ দিনৰ আগেয়ে আপোনালোকৰ চৰকাৰে এটা উদ্ভট আৰু আমোদজনক ঘোষণা কৰিলে, মানে (চৰকাৰ) বাহাদুৰে ক’লে যে শাক–পাচলিৰ দাম বৃদ্ধি নিয়ন্ত্রণ কৰিবৰ বাবে পদপথ (অসমীয়া শব্দ– ফূট্পাথ)ৰ দোকান–বজাৰবোৰ বন্ধ কৰা হ’ব বেপাৰীসকলক উচ্ছেদ কৰা হ’ব৷ এটা কথা কিছু সুকীয়া হ’লেও, মূলতঃ প্রাসংগিক হেতুকে ঠাইতে কৈ থওঁ৷ পদপথসমূহ যে বজাৰ নহয়, মানুহে ভৰিৰে অহা–যোৱা কৰা বাটহে, সেই ধাৰণাটো অসমৰ মানুহৰ মনত এতিয়াও সৃষ্টি কৰাকে হোৱা নাই৷ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য্য আৰু নগৰ উন্নয়ন মন্ত্রী পীয়ূষ হাজৰিকাই বা কি কয়? বাৰু, সেই ‘সুকীয়া কথা’টো বাদ৷ কিন্তু দাম বৃদ্ধি নিয়ন্ত্রণৰ বাবে যে পদপথৰ ব্যৱসায়ীসকলক উচ্ছেদ কৰাৰ কথা আছিল, সেই ঘোষিত পদক্ষেপটোৰ কি হ’ল? সম্ভৱতঃ বাস্তৱায়িত হ’ল এতিয়া চাগৈ অসমৰ কোনো নগৰ–চহৰতে কোনেও ক’তো পদপথত দোকান–পোহাৰ দেখা নাই, নহয়নে? মানে, এই চৰকাৰখনে যে যি কয়, তাকে কৰিও দেখুৱায় ২০১৪ চনৰ ২৬ মেইৰ পাছত, অসমত থকা সকলো বাংলাদেশীকে টালি–টোপোলা বান্ধি বাংলাদেশলৈ যাবলৈ বাধ্য কৰাৰ দৰে হ’ব নোৱাৰিছে দেশৰ প্রধান মন্ত্রিত্বৰ বাবে প্রক্ষিপ্ত প্রার্থীৰ কথা বেছিহে গুৰুত্বপূর্ণ৷
গুৱাহাটীৰ বাহিৰৰ, অসমৰ আটাই ঠাইৰে লোকগণক কৈছোঁ– গুৱাহাটীৰ গড়চুক থানাৰ কার্য্যালয়ৰপৰা ৰিং মাৰিলে শুনা বাটত অৱস্থিত পামহী পাইকাৰী বজাৰত যি বেপাৰ চলিছে বছৰদিয়েক আগলৈকে মাছখোৱাত শাক–পাচলিৰ পাইকাৰী বজাৰত হাজোৰ ফালৰ এজন কংগ্রে’ছী লোকৰ নেতৃত্বত যি বেপাৰ চলিছিল, আপোনাসৱৰ নিজা নিজা ঠাইবোৰতো সেই একে বেপাৰেয় চলিছে (‘চল’ ধাতুৰ ক্রিয়াৰ কর্তা (বেপাৰী)ত প্রত্যয় নালাগে)৷
ক’ভি(ৱি)ড্–১৯ৰ ৰাজত্বৰ সুৰুঙা লৈ চৰকাৰৰ জল বৌর্ড্–এ আৰু অসম নগৰীয়া পানী যোগান আৰু পয়ঃ প্রণালী পৰিষদে পানীৰ দাম আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে অসম বিদ্যুৎ নিয়ামক আয়োগক নালিচ কৰি বিদ্যুতৰ মাচুল, মূৰ আচন্দ্রাই কৰাকৈ বৃদ্ধি কৰিলে৷ সাংবাদিকক ক’লে– গার্হস্থ্য গ্রাহকৰ বাবে প্রতি একক (য়ূনিট্) বিদ্যুৎ শক্তিৰ সর্বোচ্চ মাচুল হ’ব ৬.৩০ টকা৷ কিন্তু সেই সর্বোচ্চ মাচুল আচলতে ৭.৩৫ টকা৷ মই নিজে সর্বোচ্চ নিৰিখ প্রযোজ্য মাচুলৰ অংশটো সেই হিচাপতে দি আছোঁ৷
মন্ত্রী মহোদয়, ক’ভিড্কালীন যাতায়াত ব্যৱস্থা আৰু ভাৰা নিৰিখৰ কথা নিশ্চয় কিছু সুকীয়া৷ কিন্তু অসমত সকলো প্রকাৰৰ বাছ আৰু লঘু বাণিজ্যিক যান–বাহনৰ মালিকসকলে সদায় নিজ ইচ্ছা মতে ভাৰা বৃদ্ধি কৰি আৰু চালক–পৰিচালকসক্ যাত্রীক জোৰ–জুলুম, হাৰাশাস্তি আৰু অভব্য আচৰণ কৰি ভাৰা আদায় কৰি আহিছে৷ গ্রাহক পৰিক্রমা মন্ত্রী তথা ৰাজ্যিক গ্রাহক সুৰক্ষা পৰিষদৰ অধ্যক্ষ স্বৰূপে আপুনি, এসময়ৰ আলু বীজ সুখ্যাতি অলংকৃত, আন এসময়ৰ অগভীৰ নলীনাদ পৰিক্রমা অলংকৃত, নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলৰ শ্মশান যাত্রা পথ নির্মাতা তথা বাছ ভাৰা বৃদ্ধিৰ বাবে সততে নিজাববীয়া উদ্যোগ লওঁতা, ভল্ভৌ খ্যাত উদ্যোগ অমাত্যগৰাকীৰ লগত মাজে–সময়ে থোড়া কূচ্ বাত্–চিত্ য়া গপ্ শপ্ কৰনে’কাভী অওসৰ নহী হঁ্যেয় ক্যা?

You might also like