নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমবাৰীৰ কদর্য ৰাজপথত দুর্ভোগ যাত্রীৰ

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ মহানগৰীত সঘনাই সৃষ্টি হোৱা কৃত্রিম বান নিয়ন্ত্রণৰ বাবে গুৱাহাটী পৌৰ নিগমে বিগত সময়ছোৱাত বিভিন্ন পক্ষেপ গ্রহণ কৰি আহিছে যদিও এইক্ষেত্রত সফল হ’ব পৰা নাই৷ ফলত এজাক বৰষুণতে ওফন্দি উঠা নলা–নর্দমাৰ বোকাময় পানীয়ে মহানগৰীৰ বাট–পথ বুৰাই পেলোৱাত মহানগৰবাসীয়ে যাতায়াতৰ ক্ষেত্রত চৰম দুর্ভোগ ভুগিছে৷ মহানগৰবাসীক কৃত্রিম বানৰ পৰা সকাহ দিয়াৰ বাবে নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাই কার্যভাৰ গ্রহণ কৰাৰ পিছত নলা–নর্দমা নিষ্কাশনৰ কাম তীব্র গতিত চলিছিল যদিও পৰৱর্তী সময়ত নিষ্কাশনৰ কাম বন্ধ কৰি দিয়া হয়৷ কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰসকলৰ নিবিদা বাতিল কৰি পৌৰ নিগমে অত্যাধুনিক পদ্ধতিৰে নলা নিষ্কাশন কৰাৰ কথা আছিল যদিও সেয়া আজিও কার্যকৰী হোৱা নাই৷

অত্যাধুনিক মেচিনৰ পৰিৱর্তে জি এম চি কতৃপক্ষই শ্রমিক লগাই কোৰৰ জৰিয়তে নলা নিষ্কাশন কৰা পৰিলক্ষিত হৈছে৷ আজি জি এম চিৰ শ্রমিকসকলে আমবাৰীত নলা নিষ্কাশন কৰি বোকা–আৱর্জনা বাহনেৰে কঢ়িয়াই নিয়াৰ সময়তে বাহনৰ পৰা বোকা–পানী ৰাজপথত সিঁচৰতি হৈ পৰাত অথন্তৰৰ সৃষ্টি হয়৷ জি এম চিৰ বাহনৰ পৰা বোকা–লেতেৰা আৱর্জনা ৰাজপথত সিঁচৰতি হৈ পৰাত পথছোৱাত বহু যান–বাহন আবদ্ধ হৈ পৰে৷ ফলত পথছোৱাত তীব্র যান–জঁটৰ সৃষ্টি হয়৷

ইপিনে, তীব্র যান–জঁটৰ সৃষ্টি হোৱাত ৰোগী কঢ়িয়াই অনা এম্বুলেঞ্চকে ধৰি অত্যাৱশ্যকীয় সেৱাৰে জড়িত বহু বাহন দীর্ঘসময় ধৰি ৰাজপথত আবদ্ধ হৈ পৰে৷ উল্লেখ্য যে জি এছ ৰোডকে ধৰি মহানগৰীৰ বিভিন্ন স্থানত পৌৰ নিগমৰ শ্রমিকে আওপুৰণি পদ্ধতিৰে নলা নিষ্কাশন কৰাত পথচাৰীসকলৰ যাতায়াত বিঘ্ণিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷

You might also like