নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেকমি ফেশ্বন উইকত নিজৰ সৃষ্টিশীলতা প্ৰদৰ্শনৰ বাবে সাজু গুৱাহাটীৰ ডিজাইনাৰৰ দল

নিয়মীয়া বাৰ্তা, ২ফেব্ৰুৱাৰীঃ এফডিচিআইৰ লগত আয়োজিত হ’বলগা আগন্তুক লেকমি ফেশ্বন উইকত প্ৰদৰ্শিত হ’বলগা শ্বোৰ বাবে বিশেষ ভাৰ্টুৱেল নিৰ্বাচনী অনুষ্ঠান “দ্য ডিজাইন ফেষ্টিভেল : চিজন ৮” ত আইএনআইএফডি গুৱাহাটীৰ ডিজাইনৰ ছাত্ৰ ৰিদ্ধি আগৰৱাল আৰু ৰুথ ৱেল্নগেইহ নেমকে প্ৰদৰ্শন কৰা সৃষ্টিশীল ডিজাইন প্ৰস্তাৱক উপস্থিত বিশিষ্ট বিচাৰকমণ্ডলীয়ে উচ্চ প্ৰশংসা কৰে।

ডিজাইন প্ৰতিষ্ঠান সমুহৰ বৃহত্তম আন্ত:ৰাষ্ট্ৰীয় নেটৱৰ্ক আইএনআইএফডিৰ “দ্য ডিজাইন ফেষ্টিভেল” এক অনন্য প্লেটফৰ্ম। সমগ্ৰ ৰাষ্ট্ৰজুৰি আইএনআইএফডিৰ বিভিন্ন শাখা কেন্দ্ৰৰ সৈতে এই অনুষ্ঠান পাঁচ দিনীয়াকৈ দ্বি-বাৰ্যিকভাৱে অনুষ্ঠিত হয় আৰু প্ৰত্যেকটো দিনত আইএনআইএফডি শিক্ষাৰ্থীসকলৰ দ্বাৰা উপস্থাপন কৰা ডিজাইনসমূহক অভিজ্ঞ বিচাৰক মণ্ডলীয়ে বিচাৰ কৰে।

আইএনআইএফডিয়ান সকলৰ বাবে এয়া এক বৃহৎ সুযোগ য’ত পাঁচ গৰাকী ফেশ্বন ডিজাইন আৰু পাঁচ গৰাকী অভ্যন্তৰীণ সজ্জা ডিজাইন বিজেতা আইএনআইএফডিৰ পাঁচটি কেন্দ্ৰৰ পৰা নিৰ্বাচিত কৰা হ’ব। মাৰ্চ ২০২৩ ত, নিৰ্বাচিত ফেশ্বন ডিজাইনৰ শিক্ষাৰ্থীসকলে এফডিচিআইৰ সহযোগত আয়োজিত হ’বলগা আগন্তুক লেক্মি ফেশ্বন উইকৰ ‘আইএনআইএফডি লঞ্চ’ ত নিজৰ শ্বো প্ৰদৰ্শনৰ এক বিশেষ সুযোগ লাভ কৰিব। প্ৰতিগৰাকী বিজেতাই পুৰষ্কাৰ হিচাপে নগদ ধনৰ লগতে ৰাইজ ৱৰ্ল্ডৱাইডৰ অভিজ্ঞ ডিজাইনাৰৰ পৰা প্ৰশিক্ষণ লাভ কৰিব।

You might also like