নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফে ৰাইজৰ অধিকাৰ কাঢ়ি নিছে, ঘূৰাই আনিব লাগিব

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ ‘বিপিএফে বিটিচিবাসীৰ অধিকাৰ কাঢ়ি নিছে, সেই অধিকাৰ ঘূৰাই আনিব লাগিব৷ ১৫ বছৰে হাগ্রামা মহিলাৰীয়ে কেৱল শোষণ, নিষ্পেষণ চলালে, ৰাইজক টেঙা আম খুৱালে৷ ১৫ বছৰত হাগ্রামাই যিমান খালে হাতীয়েও সিমান খাব নোৱাৰে৷’ –এই মন্তব্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

৩১নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বিজেপিৰ মনোনীত প্রার্থী ভবেন্দ্র বডোৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহি খৈৰাবাৰীৰ এখন বিশাল নির্বাচনী সভাত প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰীক আক্রমণৰ লক্ষ্য কৰি লৈ মন্ত্রী ড০ শর্মাই কয় যে বিটিচিৰ কোনো মানুহকে দ্বিতীয় শ্রেণীৰ নাগৰিক হ’ব দিয়া নহ’ব৷ বিটিচিৰ প্রতিটো জাতি–জনগোষ্ঠীৰ লোকেই প্রকৃতার্থত সম–মর্যাদা পাব লাগিব৷ বিটিচিত অসমীয়া ভাষাটোৱে ৰাজ্যিক মর্যাদা হেৰুৱাই পেলাইছে বুলি উল্লেখ কৰি প্রভাৱশালী মন্ত্রীগৰাকীয়ে কয় যে বিপিএফক আমি এই অনুমতি দিয়া নাছিলোঁ৷ হাগ্রামাৰ খেলনা পুতলা ভয় কৰাৰ দিন উকলিল বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে ৰাইজক শোষণ কৰিবলৈ বিটিচি দিয়া হোৱা নাছিল৷

কালি খৈৰাবাৰীৰ এখন সভাত হাগ্রামা মহিলাৰীয়ে কৰা মন্তব্যৰ প্রত্যুত্তৰ দি মন্ত্রী শর্মাই কয় যে ২০০২ চনতে মই মন্ত্রী হৈছিলোঁ৷ তাৰ পিছতহে কোনোবা হাগ্রামা মহিলাৰী বুলি মানুহ এজন আছিল বুলি চিনি পাইছিলোঁ৷ মোদীয়ে ৰাইজলৈ পঠিওৱা টকা বিপিএফে চুৰি কৰে বুলি মন্তব্য কৰি ড০ শর্মাই লগতে কয় যে ১৫ ডিচেম্বৰত কোকৰাঝাৰত হাগ্রামাই নহয়, বিজেপিয়ে শপত ল’ব আৰু হাগ্রামাৰ পকেটৰ ভিচিডিচিবোৰ ব্রহ্মপুত্রত পেলাই দিয়া হ’ব৷ বিটিচিত প্রকৃতার্থত এখন ৰাইজৰ চৰকাৰ নির্মাণ কৰিবলৈ, সম–ধিকাৰ, সম–মর্যাদা, সম–উন্নয়ন প্রতিষ্ঠা কৰিবলৈ বিটিচিৰ পৰিৱর্তনৰ স্বার্থত এইবাৰ বিজেপিক ভোট দিবলৈ তেওঁ ৰাইজক আহ্বান জনায়৷ ভাষণ প্রসংগত মন্ত্রীগৰাকীয়ে ওদালগুৰি জিলাৰ শৰণীয়া কছাৰীসকলে জনজাতিৰ প্রমাণ ১৫ দিনৰ ভিতৰত লাভ কৰিবলৈ সক্ষম হ’ব বুলিও উল্লেখ কৰে৷

সাংসদ দিলীপ শইকীয়াই হাগ্রামাক ডুবন্ত নাও বুলি কটাক্ষ কৰি কয় যে বিজেপিয়ে বিটিচি নির্বাচনত কাৰো সৈতে মিত্রতা নকৰে, ৰাইজৰ সৈতেহে কৰিব মিত্রতা৷ বিটিআৰ চুক্তিক বিজেপিয়ে আখৰে আখৰে পালন কৰিব বুলিও সাংসদ শইকীয়াই মন্তব্য কৰে৷ ভাৰতীয় জনতা পার্টীৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক অজয় হাজৰিকাৰ সঞ্চালনাত খৈৰাবাৰী টাউন হাইস্কুল খেলপথাৰত অনুষ্ঠিত বিশাল নির্বাচনী সভাখনত নতুনকৈ বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় যে বিটিচিক নতুনকৈ নির্মাণ কৰিবলৈ এখন পৰিৱর্তনকামী চৰকাৰ লাগিবই আৰু এইক্ষেত্রত বিজেপিৰ বিকল্প নাই৷ বিটিচিলৈ আবণ্টিত ধনৰ সদ্ব্যৱহাৰ নহয় বুলি মন্তব্য কৰি দৈমাৰীয়ে লগতে কয় যে বিপিএফৰ আমোলত ৰূপায়িত আঁচনিৰ সা–সুবিধা ভোগ কৰিবলৈ সাধাৰণ ৰাইজে নাপালে, বিপিএফৰ নেতা–পালিনেতা, ঠিকাদাৰসকলেহে সেই সুবিধা ল’লে৷ তেওঁলোকে দামী গাডী ল’লে, ঘৰ বনালে৷ বিপিএফৰ দুর্নীতিৰাজ নিঃশেষ কৰিবলৈ, বিটিচিক উদ্ধাৰ কৰিবলৈ ৰাৱণ ৰূপী নেতাসকলক ধ্বংস কৰিব লাগিব আৰু ইয়াৰ বাবেই তেওঁ বিভীষণৰ ভাও লৈছে বুলি মন্তব্য কৰে৷

বিজেপিৰ ওদালগুৰি জিলা সমিতি আৰু খৈৰাবাৰী মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সভাত মন্ত্রী ভবেশ কলিতা, বিধায়ক গুৰুজ্যোতি দাস, ইমানুৱেল মুছাহাৰী, শৰণীয়া কছাৰী উন্নয়ন পৰিষদ, অসমৰ প্রাক্তন অধ্যক্ষ ৰমেশ চন্দ্র দাসকে ধৰি ভালেসংখ্যক দলীয় নেতা–কর্মীয়ে অংশ লয়৷ দহ সহস্রাধিক লোকৰ সমাৱেশ ঘটা সভাখনত আদৰণী ভাষণ দিয়ে ওদালগুৰি জিলা বিজেপিৰ সভাপতি কার্তিক বডোৱে৷

You might also like