নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগুন ঘাটত অঘটন: দলং ভাঙি পৰাত ৰাইজৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা ২৩ মাৰ্চ : তিনিচুকীয়া জিলাৰ  লেখাপানী থানাৰ অন্তৰ্গত জাগুন অঞ্চলৰ ৰাইজে যাতায়তৰ সুবিধাৰ্থে দিহিং নৈৰ ওপৰত  নিৰ্মাণ কৰি লোৱা একমাত্ৰ  কাঠৰ দলংখন  যোৱা নিশা প্ৰৱল বৰষুনৰ বাবে নৈৰ বুকু উফন্দি উঠাত দলং খন উটুৱাই লৈ যায় । উল্লেখ্য যে মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত জাগুনৰ কেইবাখনো গাওঁ অৰুণাচলৰ লগত সংলগ্ন হৈ আছে । গাওঁ কেইখন জাগুনৰ মূল ভূখণ্ডৰ পৰা  দিহিং নৈয়ে বিভক্ত কৰাত গাওঁ কেইখনৰ লোকসকলে একমাত্ৰ হাত নাৱৰ যোগেদি যাতায়তৰ ব্যৱস্থা চলাই আহিছে । শেহতীয়াকৈ খৰালিৰ সময়ছোৱাত যাতায়ত ব্যৱস্থাত ক্ষিপ্ৰতা আনিবৰ বাবে অঞ্চলবাসী ৰাইজে গাঠিৰ ধন ব্যয়  কৰি  দিহিং নৈৰ ওপৰত  বাঁহ, কাঠেৰে এখন অস্থায়ী দলং নিৰ্মাণ কৰি লৈছিল । কিন্ত যোৱা নিশা অহা এজাক প্ৰৱল বৃষ্টিপাতৰ ফলত নৈৰ কাষতে বান্ধি ৰখা এখনি নাওঁ উটি গৈ  দলংখনত  লাগি ধৰাত অস্থায়ী দলংখনৰ অধিকাংশ  নৈখনৰ বুকুয়েদি উটি যায় । যাৰ ফলত যোগাযোগ বিছিন্ন হৈ পৰে। প্ৰনিধানযোগ্য যে প্ৰায় দহ হাজাৰ লোকৰ বসতিস্থল এইসকল ৰাইজে এখন সাধাৰণ দলঙৰ বাবে চৰকাৰক বাৰম্বাৰ অনুনয় বিনয় কৰি আহিছে যদিও ৰাইজৰ এনে অনুৰোধক ক্ষুদ্ৰতম সঁহাৰি নজনোৱা বৰ্তমান চৰকাৰখনক স্থানীয় লোকসকলে তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

 

হেমন্ত গগৈ ,লিডু ।
You might also like