নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম গৌৰৱ লাভলীনা বৰগোহাঁইলৈ খেলৰত্ন বঁটা

নিয়মীয়া বাৰ্তা ১৪ নৱেম্বৰঃ টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয়েৰে দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁইক শনিবাৰে সন্মানীয় খেলৰত্ন বঁটাৰে বিভূষিত কৰা হয়৷ ৰাষ্ট্রপতি ভৱনৰ দৰবাৰ হলত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত দেশৰ আন ১১গৰাকী ক্রীড়াবিদৰ সৈতে অসমৰ তাৰকা বক্সাৰগৰাকীয়ে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ পৰা খেলৰত্ন বঁটা গ্রহণ কৰে৷ লাভলীনাৰ সৈতে এই বঁটা গ্রহণ কৰা ক্রীড়াবিদসকল হ’ল– অলিম্পিকত স্বর্ণজয়ী তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রা, অভিজ্ঞ মহিলা ক্রিকেটাৰ মিতালী ৰাজ, অলিম্পিকত ব্রঞ্জজয়ী ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক মনপ্রীত সিং, তাৰকা গ’লৰক্ষক পি আৰ শ্রীজেশ, অলিম্পিকত ৰূপৰ পদক বিজয়ী মল্লযুঁজাৰু ৰবি দাহিয়া, তাৰকা ফুটবলাৰ সুনীল চেত্রী, পেৰালিম্পিকত স্বর্ণজয়ী শ্বুটাৰ অৱনী লেখাৰা, জেভলিন থ্র’ৱাৰ সুমিত আণ্টিল, শ্বাটলাৰ প্রমোদ ভগত, কৃষ্ণ নাগৰ, শ্বুটাৰ মনীষ নৰৱাল৷

উল্লেখ্য যে বিগত টকিঅ’ অলিম্পিকত ভাৰতে অভিলেখসংখ্যক ৭টা আৰু পেৰালিম্পিকত ১৯টা পদক জয় কৰাত এইবাৰ মুঠ ১২গৰাকী ক্রীড়াবিদক চলিত বর্ষৰ খেলৰত্ন বঁটা আগবঢ়োৱা হয়৷ জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই ভাৰতৰ প্রথম এথলীট হিচাপে অলিম্পিকত সোণৰ পদক অর্জন কৰি ইতিহাস ৰচে৷ খেলৰত্ন বঁটাৰ সৈতে ক্রীড়াবিদসকলে নগদ ২৫ লাখ টকাৰ প্রাইজমানী আৰু এটা মেডেল লাভ কৰে৷ ইফালে, ৰাষ্ট্রপতি কোৱিন্দে  ৰাষ্ট্রপতি ভৱনত আয়োজিত অনুষ্ঠানত ১২গৰাকী ক্রীড়াবিদক খেলৰত্নৰ লগতে ৩৫গৰাকী ক্রীড়াবিদক সন্মানীয় অর্জুন বঁটা প্রদান কৰে৷ এই বঁটাৰ সৈতে আছে ১৫ লাখৰ প্রাইজমানী আৰু এটা ব্রঞ্জৰ প্রতিমূর্তি৷ অনুষ্ঠানত কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰ, প্রাক্তন ক্রীড়ামন্ত্রী কিৰেণ ৰিজিজুকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত আছিল৷

You might also like