ওদালগুৰিত ৪০০ কোটিৰ অভিলাষী আঁচনিৰ শিলান্যাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ২ এপ্ৰিল : পানেৰী সমষ্টিক উন্নয়নৰ নতুন দিগন্তলৈ লৈ যোৱাৰ দৃঢ় সংকল্পবদ্ধ ৰাজ্য চৰকাৰ। পানেৰী সমষ্টিবাসী আজি গৌৰাবান্বিত। কেইবাটাও অভিলাসী আঁচনিৰ শিলান্যাসৰ জৰিয়তে উন্নয়নৰ নতুন দিগন্তৰ সূচনা কৰা হৈছে। ওদালগুৰি জিলাৰ পানেৰী সমষ্টিৰ টংলা নগৰৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত কেবাটাও অভিলাসী আঁচনিৰ শিলান্যাস কৰি ৰাইজক সম্বোধন কৰি দিয়া ভাষণত এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ১৬ কোটি ৩৮ লাখ ব্যয়েৰে নিৰ্মিত হ’বলগীয়া টংলা মহকুমা অসামৰিক চিকিৎসালয়, টংলা পৰিদৰ্শন বঙলা, ৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া টংলা নগৰ পানী যোগান আঁচনি , ৮ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণ, ১৬ কোটি টকীয়া ননাই নদীৰ জালিমুখ বান্ধ ,২ কোটি টকীয়া চিলাৰায় ভৱন আদি অভিলাসী আঁচনিৰ শিলান্যাস কৰাৰ লগতে টংলা মহাবিদ্যালয়ৰ সভাগৃহৰ বাবে ১০ কোটি টকা ,টংলা নগৰৰ নলা -নৰ্দমা ,ৰাস্তা- ঘাট নিৰ্মাণ ,সৌন্দৰ্য বৰ্ধনৰ বাবে ২৫ কোটি টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি ঘোষণা কৰা সভাত তেখেতে অৰুনোদয় আঁচনিৰ বাবে ৩৫ লাখ পৰিয়ালক ১৪শ টকাকৈ , ৬০ লাখ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান ,ৰেচন কাৰ্ড থকাসকলে ৫লাখ টকাকৈ চিকিৎসা সুবিধা লাভ কৰিব,২ লাখ নিবনুৱাক দুই লাখ টকাকৈ প্ৰদান ,আত্মসহায়ক গোটৰ সদস্যক গাইগুটিয়াকৈ ১০ হাজাৰ টকা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। মন্ত্ৰী স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, অশোক সিংঘাল, সঞ্জয় কিষাণ, জয়ন্ত মল্ল বৰুৱা, বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ছান্টিয়াছ কুজুৰ, বিটিআৰৰ কাৰ্যবাহী, এম চি এল এ সংগ দিয়ে। ভেৰগাঁৱতো একলব্য আদৰ্শ আৱাসিক বিদ্যালয় ,ভেৰগাঁও মহকুমা আৰক্ষী বিষয়াৰ কাৰ্যালয় আৰু আৱাস গৃহ, ভেৰগাঁও আৰক্ষী চকী গৃহ নিৰ্মাণ আৰু পানেৰী সমষ্টিৰ অন্তৰ্গত মুঠ চৈধ্যতা পথৰ শুভ উদ্বোধনৰ শিলান্যাস কৰাৰ পিছতে ৰাইজক সম্বোধন কৰি দিয়া ভাষণত খাগ্ৰাবাৰীত কেইবা কোটি টকীয়া ষ্টেডিয়াম নিৰ্মাণৰ কথা ঘোষণা কৰে।আনহাতে পানেৰী সমষ্টিৰে ভাৰত-ভূটান সীমান্তবৰ্তী অঞ্চল ডিমাকুছিত ডিমাকুছি ষ্টেডিয়াম ,ননাই বহু গাঁও পানী যোগান আঁচনি, ৬ কোটি ৭৪ লাখ ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ডিমাকুছি আদৰ্শ চিকিৎসালয়ৰ গৃহ উদ্বোধন ,তিনিখন চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়, বাৰখন চাহ বাগিচাত মহাপ্ৰভু জগন্নাথ সমন্বয় গৃহ আৰু প্ৰশিক্ষণ কেন্দ্ৰ, ডিমাকুছি আৰু খাগ্ৰাবাৰী সংহত হস্ত তাঁত উন্নয়নৰ আঁচনি আৰু বিশটা হস্তী পহৰা টঙিঘৰৰ শিলান্যাস কৰি বিশাল ৰাইজক সম্বোধন কৰি ভাষণ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।দিনজোৰা কাৰ্যসূচীৰে ওদালগুৰি জিলাত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগত ওদালগুৰি সমষ্টিৰ বৰমুকলিত বৰলা গ্ৰাম্য বৃহত্তৰ বহুমুখী পানী যোগান আঁচনিৰ শিলান্যাস কৰাৰ পিছতে মাজবাট সমষ্টিৰ ৰৌতাৰ অসম গৌৰৱ বঁটা প্ৰাপক প্ৰয়াত অঙ্গনৱাড়ী কৰ্মী কল্পনা বড়োৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। ওদালগুৰি জিলাৰ গুৰুত্বপূৰ্ণ ঠাইত অভিলাসী আঁচনিৰ শিলান্যাস, ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰাৰ লগতে প্ৰয়াত সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতা স্মৃতি বিজড়িত বৰঙাজুলীস্থিত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ দৰ্শন কৰে। আটাইকেইখন সভাতে একপ্ৰকাৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজোৱা পৰিলক্ষিত হয় ।সন্ধিয়া ৬ বজাত ইউলিয়ামচন মেগৰ কোম্পানীৰ অধিনস্থ মেকলিয়ড ৰছেল কোম্পানীৰ পানেৰী চাহ বাগিচাৰ মঙ্গলদৈ প’ল ক্লাৱৰ জীমখানা পানেৰীত অনুষ্ঠিত হয় কেবিনেট বৈঠক। মুখ্যমন্ত্ৰীৰ লগতে কেবিনেট মন্ত্ৰী ,বিধায়ক, বিটিআৰৰ মুখ্য কাৰ্যবাহী, এম চি এল এ ,কাৰ্যবাহী সদস্য, বিজেপি, ইউ পি পি এল, অগপৰ স্থানীয় নেতা, দলীয় কৰ্মী,বিভিন্ন দল-সংগঠন, ৰাইজ উপস্থিত থাকে।
প্ৰেৰক বাপন শৰ্মা