নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সিদ্ধার্থ শর্মা–দীপজ্যোতি কেওটৰ অভিনয়েৰে আজিৰে পৰা ‘ৰং’ত ‘বিয়লিৰ বৃন্দাবন’

🔹 সম্প্রচাৰ হ’ব সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৭–নিশা ১০ বজাত

বিশেষ বাৰ্তা, ৮ জানুৱাৰী : নতুন বছৰ, নতুন পৰিকল্পনাক লৈ এতিয়া সকলো ব্যস্ত৷ নৱবর্ষই সকলোৰে জীৱনলৈ সুখ–শান্তি আৰু সফলতাৰ বার্তা কঢ়িয়াই আনক৷– এই শুভকামনাৰে ৰং চেনেলে দর্শকৰ বাবে অনবদ্য পৰিকল্পনাৰে অগতানুগতিক চিন্তা–চর্চাৰে প্রস্তুত কৰিছে এখন ধাৰাবাহিক ‘বিয়লিৰ বৃন্দাবন’৷ ধাৰাবাহিকখন আজিৰ পৰা সম্প্রচাৰ হ’ব৷ সপ্তাহৰ প্রতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া সাত বজাত আৰু নিশা দহ বজাত সম্প্রচাৰ হ’ব ধাৰাবাহিকখন৷ বিয়লি বেলা মানেই জানো জীৱনৰ শেষ? বিয়লি মানে জোনাকী সন্ধ্যা এটিৰ আগমনৰ জাননী৷ ঘৰৰ চোতালখন শেৱালি আৰু জোনাকী পৰুৱাই বৃন্দাবন কৰি তোলাৰ আগজাননী৷ কাহিনীত এখন আদর্শ ঘৰ৷ যিখন ঘৰত মানুহ থাকে৷ অমানুহৰ স্থান য’ত নাই৷ য’ত অচিনাকি হৈও মানুহৰ বাবে মানুহে কান্দে৷ য’ত আনৰ ভাল বিচৰাৰ বাহিৰে বেয়া বিচৰাৰ নিয়ম নাই৷ সেয়াই হ’ব ‘বিয়লিৰ বৃন্দাবন’৷ বর্তমান সময়ত দুই জনপ্রিয় অভিনেতা সিদ্ধার্থ শর্মা আৰু দীপজ্যোতি কেওট অসমৰ ৰাইজৰ হিয়াৰ আমঠু৷ তেওঁলোকক এইখন ধাৰাবাহিকত সম্পূর্ণ অন্য ধৰণৰ চৰিত্রত আৱিষ্কাৰ কৰি দর্শকে দুয়োকে মৰম আৰু আশীর্বাদেৰে আদৰি ল’ব বুলি দুয়ো আশাবাদী৷ ধাৰাবাহিকখনৰ সহঃ পৰিচালনা ৰাজমণি ভূঞা আৰু মনোৰঞ্জন কাকতিৰ৷ দুয়োজন অভিনেতাক মুখ্য চৰিত্র হিচাপে লৈ আগবঢ়া কাহিনীয়ে দর্শকক আমোদ দিয়াৰ সমান্তৰালকৈ দিব চিন্তাৰ খোৰাক৷ কাৰণ অভিনয় শিল্পীৰ তালিকাত আছে অসমৰ দর্শকৰ বহুতো আপোন শিল্পী জয়ন্ত ভাগৱতী, হৰিপ্রসাদ ঠাকুৰ, মাধুৰীমা চৌধুৰী, প্রণামী বৰা, দিগাংগনা বৰা, ৰাজীৱ দুৱৰা, জ্যোতিস্মান বৰা, অংকুৰ বৈদ্য, বিশ্বজিৎ বৰকাকতি, জ্যোতি ভূঞা, দেৱজিৎ ডেকা আদিৰ লগতে বহুতো ন–পুৰণি শিল্পী৷ লগতে শিশুশিল্পীৰ এক বিশেষ ভূমিকাত দেখা যাব ঈশান মির্জাক৷

সময়ৰ দৌৰত আমি নিজকে মানুহ কম, যন্ত্র বুলি বেছিকৈ ভাবিবলৈ লৈছোঁ নেকি? মাক–দেউতাকে বৃদ্ধ বয়সত সন্তানৰ পৰা জানো মাথোঁ টকাৰ সহায় বিচাৰে? মানসিক সাহস জানো টকাৰে কিনিব পাৰে? সন্তানে যিদৰে সৰুতে মাক–দেউতাকৰ আদৰ বিচাৰে, মৰম বিচাৰে, তেনেদৰেই এটা বয়সত মাক–দেউতাকে সন্তানৰ পৰা সেই একেই মৰম–আদৰ বিচাৰে, আদৰ–মৰম বিচৰা আৰু পোৱাৰ স্থায়ী ষ্ট’পেজ– ‘বিয়লিৰ বৃন্দাবন’৷ জনপ্রিয় অভিনেতা সিদ্ধার্থ শর্মাৰ কাহিনীৰে ‘বিয়লিৰ বৃন্দাবন’ৰ চিত্রনাট্য ৰচনা কৰিছে জনপ্রিয় নাট্যকাৰ তথা চিত্র নাট্যকাৰ প্রণৱ বৰুৱাই৷ জনপ্রিয় কণ্ঠশিল্পী কল্লোল বৰঠাকুৰে শীর্ষগীতটি সুন্দৰকৈ সংগীতেৰে সজাই তুলি কণ্ঠদান কৰা ধাৰাবাহিকখনৰ প্রতিটো দৃশ্য সুন্দৰকৈ কেমেৰাৰে ধৰি ৰাখিছে মণ্টু দাসে আৰু সহকাৰী মৃদুল বৰা৷ ৰূপসজ্জা কৰিছে অৰূপ মালাকাৰে৷ পোহৰ বিভাগত আছে চনু বড়ো, অমল ইংতি, পৱন আৰু চানছোৰাং নার্জাৰী৷ ‘বিয়লিৰ বৃন্দাবন’ৰ প্রতিটো দৃশ্যক আৱহ সংগীতেৰে সজাইছে কল্লোল বৰঠাকুৰে৷ ধাৰাবাহিকখনৰ মুখ্য সহকাৰী পৰিচালনা পার্থপ্রতিম হালৈৰ৷ পুনঃ শব্দগ্রহণ ধ্রুৱ কাশ্যপ, ধীৰাজ বৰা আৰু পংকজ বৰাৰ৷ ধাৰাবাহিকখনৰ সম্পাদনা কৰিছে হূষীকেশ দাসে৷ স্থিৰচিত্র পল্লৱ মহন্ত আৰু গ্রাফিক্সৰ কাম কৰিছে ৰাকেশ বর্মন আৰু হিমাদ্রী শেখৰে৷ বিগত সুদীর্ঘ সময়ত ২০০৯ চনৰ পৰাই ‘ৰং’ৰ প্রতিখন ধাৰাবাহিকে দর্শকৰ মৰম আৰু সঁহাৰি লাভ কৰি দর্শকক মনোৰঞ্জন প্রদান কৰিছে৷ গতিকে ৰঙে সম্পূর্ণ নতুন সম্পৰীক্ষাৰে সাজু কৰা ‘বিয়লিৰ বৃন্দাবন’–এ দর্শকৰ মন জয় কৰিব পাৰিব বুলি নিশ্চিতভাৱে আশা কৰিব পাৰি৷

You might also like