কোন হ’ব অসম বিধানসভাৰ বিৰোধী দলপতি– এই বিষয়ক লৈ ৰাজ্যৰ বিৰোধী ৰাজনীতিত চলিছে ব্যাপক চর্চা৷ বিৰোধী দলপতিৰ গুৰুত্বপূর্ণ পদটোক লৈ এতিয়া প্রদেশ কংগ্রেছৰ ভিতৰচ’ৰাত লবীকেন্দ্রিক ৰাজনীতি আৰম্ভ হোৱাৰ বিপৰীতে এগৰাকী সবল বিৰোধী দলপতি নির্বাচনত শ’লঠেকত পৰিছে প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈ তথা শীর্ষ নেতৃবর্গ৷
এনে প্রেক্ষাপটতে বিৰোধী দলপতি প্রসংগত তাৎপর্যপূর্ণ মন্তব্য কৰিছে বিন্নাকান্দি সমষ্টিৰ পৰা এআইইউডিএফ দলৰ পৰা নির্বাচিত হৈ অহা দলৰ প্রধান বদৰুদ্দিন আজমলে৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত বদৰুদ্দিন আজমলে তাৎপর্যপূর্ণ মন্তব্য কৰি কয় যে ধর্মনিৰপেক্ষ দলৰ পৰিচয় জীয়াই ৰাখিবলৈ হ’লে এজন হিন্দু বিধায়কক বিধানসভাৰ দলপতিৰ দায়িত্ব দিব লাগিব কংগ্রেছ দলে৷
কংগ্রেছ দলটো যিহেতু মিঞাৰ দললৈ বা মুছলিম লীগত পৰিণত হৈছে, গতিকে কংগ্রেছে এতিয়া ধর্মনিৰপেক্ষতা বজাই ৰাখিবলৈ এজন হিন্দু বিধায়কক বিৰোধী দলপতি হিচাপে নিযুক্তি দিব লাগে৷ কংগ্রেছ দলৰ পিছত এতিয়া (এম) লাগি গৈছে বুলিও কটাক্ষ কৰে বদৰুদ্দিন আজমলে৷
আনহাতে পূর্বৰ বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্রেছ নেতা দেৱব্রত শইকীয়াই কংগ্রেছ ত্যাগ কৰি বিজেপিৰ প্রার্থিত্বত নগাঁও লোকসভা সমষ্টিৰ পৰা নির্বাচনত অৱতীর্ণ হ’ব বুলিও তেওঁ মন্তব্য কৰে৷
ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক সমালোচনা কৰি আজমলে কয় যে কংগ্রেছক ৰকিবুল হুছেইনেই শেষ কৰিলে৷ স্মর্তব্য যে বিধানসভা নির্বাচনত মাত্র ১৯খন আসন লাভ কৰি কংগ্রেছ দলে শোচনীয় পৰাজয়বৰণ কৰিছিল৷ জয়ী হৈ অহা ১৯ বিধায়কৰ ভিতৰত উজনি অসমৰ পৰা ডাঃ জয়প্রকাশ দাসৰ ৰূপত এগৰাকী হিন্দু বিধায়কহে জয়ী হৈ আহে৷
ইয়াৰ প্রেক্ষাপটত কংগ্রেছ দলটো সংখ্যালঘু সম্প্রদায়ৰ বিধায়কৰ নেতৃত্বত বিধানসভা পৰিচালিত হোৱাটো নিশ্চিত হৈ পৰে৷ আনহাতে শেহতীয়াকৈ বিধানসভাৰ বিৰোধী দলৰ মর্যাদা কংগ্রেছে লাভ কৰিব বুলি প্রকাশ হোৱাৰ পিছতে বিধায়িনী দলৰ নেতা কোন হ’ব সেই লৈ দলৰ বাহিৰে–ভিতৰে ব্যাপক চর্চা হয়৷ বিৰোধী দলপতিৰ বাবে দীর্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাৰে পুষ্ট, ৬বাৰতকৈও অধিক বিধানসভালৈ নির্বাচিত ৱাজেদ আলী চৌধুৰী, বিধায়ক জাকিৰ হুছেইন শিকদাৰ আদিৰ নাম চর্চাত আছে যদিও একমাত্র হিন্দু বিধায়কৰূপে ডাঃ জয়প্রকাশ দাসৰ নামটোও চর্চাত আছে৷
তথ্য অনুসৰি বিজেপিৰ মেৰুকৰণৰ ৰাজনীতিক প্রত্যাহ্বান জনাবলৈ আৰু উজনি–নামনিৰ হিন্দু ভোটাৰৰ মাজত হেৰুওৱা ভেটি উদ্ধাৰ কৰিবলৈ ডাঃ জয়প্রকাশ দাসক বিৰোধী দলপতিৰ দায়িত্ব দিয়াটো জৰুৰী বুলি প্রদেশ কংগ্রেছৰ একাংশ নেতাই হাইকমাণ্ডৰ ওপৰত হেঁচা অব্যাহত ৰাখিছে৷
ডিজিটেল ডেস্ক, ১৭ মে’