নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া মহাবিদ্যালয়ত গ্ৰন্থাগাৰিক দিৱস পালন

🔹 ছাত্ৰ-ছাত্ৰীৰ মাজত ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা সম্পন্ন

বিশেষ বার্তা, ১২ আগষ্ট : ভাৰতীয় গ্ৰন্থাগাৰ বিজ্ঞানৰ জনক চিয়ালী ৰামামৃত ৰংগনাথনৰ পৱিত্ৰ স্মৃতিত সমগ্ৰ দেশৰ লগতে আজি নাহৰকটীয়া মহাবিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰতো গ্ৰন্থাগাৰিক দিৱস পালন কৰা হয়। এই উপলক্ষে গ্ৰন্থাগাৰৰ কৰ্মচাৰী প্ৰাঞ্জল ভূঞাই আঁত ধৰা অনুষ্ঠানটোত গ্ৰন্থাগাৰৰ জনকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি ৰংগনাথনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰে। মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰিক সুৰজ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰি ৰংগনাথনৰ জীৱনৰ ওপৰত চমু আলোকপাত কৰা সভাখনত বক্তব্য ৰাখি মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড০ প্ৰশান্ত দত্তই গ্ৰন্থাগাৰ বিজ্ঞানলৈ ৰংগনাথনৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।

আনহাতে, অনুষ্ঠানটোৰ মুখ্য বক্তা ৰূপে উপস্থিত থকা বিশিষ্ট শিক্ষাবিদ তথা নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জ্যোতিপ্ৰসাদ কোঁৱৰে গ্ৰন্থাগাৰ বিজ্ঞানলৈ ৰংগনাথনৰ ভূমিকাক আলোকপাত কৰাৰ লগতে উচ্চ শিক্ষানুষ্ঠানত গ্ৰন্থাগাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কত ছাত্ৰ-ছাত্ৰীসকলৰ আগত এক সময়োপযোগী মননশীল বক্তৃতা প্ৰদান কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ পিছতে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত “শৈক্ষিক প্ৰতিষ্ঠানত গ্ৰন্থাগাৰৰ ভূমিকা” শীৰ্ষক এক ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like