নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ দেহাৱসান : শোকস্তব্ধ সাংস্কৃতিক মহল

বিশেষ বাৰ্তা ২৭ অক্টোবৰঃ সকলোকে কন্দুৱাই আজি অজান দেশৰ বাসিন্দা হল চিৰসেউজ অভিনেতা নিপন গোস্বামী। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে যশস্বী অভিনেতাগৰাকীয়ে। আজি পুৱা ৯.১৫ বজাত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীয়ে। চিৰসেউজ অভিনেতাজনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে সমগ্ৰ ৰাজ্য। উল্লেখ্য যে ১৯৪২ চনত তেজপুৰত জন্মগ্ৰহণ যশস্বী অভিনেতাগৰাকীয়ে স্কুলীয়া জীৱনতে ‘লাচিত বৰফুকন’ নাটকত অভিনয়ৰ জগতত সোমাই পৰে। তাৰ পিছত ১৯৫৭ত মুক্তিপ্ৰাপ্ত ‘পিয়লি ফুকন’ত শিশু অভিনেতা আছিল গোস্বামী। আনহাতে ‘সংগ্ৰাম’ ছবিৰ জৰিয়তে ৰূপালী পৰ্দাত অভিনয়ৰ আৰম্ভণি কৰি বহু কালজয়ী ছবি উপহাৰ দিয়া গোস্বামীয়ে ২০২১ত ড০ ভবেন্দ্ৰনাথ শইকীয়া বঁটাৰে সন্মানিত হৈছিল। ১৯৬৯ত ‘ডাঃ বেজবৰুৱা’ ছবিৰে আলোড়নৰ সৃষ্টি কৰিছিল দীৰ্ঘদিনে অভিনয়েৰে মোহাবিষ্ট কৰিছিল দৰ্শকক নিপন গোস্বামী অভিনীত ছবিসমূহ হল– সংগ্ৰাম : ১৯৬৮, ড° বেজবৰুৱা : ১৯৬৯, বৰুৱাৰ সংসাৰ : ১৯৭০, মুকুতা : ১৯৭০, শেষ বিচাৰ : ১৯৭১, মৰিচীকা : ১৯৭২, ললিতা : ১৯৭২, অভিযান : ১৯৭৩, পৰিণাম : ১৯৭৪, সন্তান : ১৯৭৪, মেঘমুক্তি : ১৯৭৯, দূৰণিৰ ৰং : ১৯৭৯, আজলী নবৌ : ১৯৮০, মইনাজান : ১৯৮০, মন আৰু মৰম : ১৯৮০, উত্তৰ শূণ্য : ১৯৮১, অপৰূপা : ১৯৮২, নয়নমণি : ১৯৮৩, ককাদেউতা নাতি আৰু হাতী : ১৯৮৩, শকুন্তলা আৰু শংকৰ যোচেফ আলী : ১৯৮৪, জীৱন সুৰভি : ১৯৮৪, ব’হাগৰ দুপৰীয়া : ১৯৮৫, মন মন্দিৰ : ১৯৮৫, পূজা : ১৯৮৫, দীপজ্যোতি : ১৯৮৬, আৰতি : ১৯৮৬, মা : ১৯৮৬, যুগে যুগে সংগ্ৰাম : ১৯৮৬, প্ৰতিমা : ১৯৮৭, প্ৰতিশোধ : ১৯৮৭, প্ৰতিদান : ১৯৮৭, অ’ চেনাই : ১৯৮৭, আই মোৰ জনমে জনমে : ১৯৮৮, চিৰাজ : ১৯৮৮, ভাই ভাই : ১৯৮৯, বৰদৈচিলা : ১৯৮৯, ৰঙানদী : ১৯৯১, ৰিক্সাৱালা : ১৯৯৩, হৃদয়ৰ আৰে আৰে : ১৯৯৪. দেৱতা : ১৯৯৭, মোহমুক্তি : ১৯৯৮, মহাৰথী : ১৯৯৯, অনল : ১৯৯৯, বুকুৰ মাজত জ্বলে : ১৯৯৯, বৈভৱ : ১৯৯৯, হিয়া দিয়া নিয়া : ২০০০, তুমি মোৰ মাথো মোৰ : ২০০০, আছেনে কোনোবা হিয়াত : ২০০০, জোন জ্বলে কপালত : ২০০০, দাগ : ২০০১ কইনা মোৰ ধুনীয়া : ২০০১, প্ৰেম আৰু প্ৰেম : ২০০২, জখম : ২০০২, তুমিয়ে মোৰ কল্পনাৰ : ২০০২, প্ৰিয়া অ’ প্ৰিয়া : ২০০২, মৰমী হ’বানে লগৰী : ২০০২, জীৱন নদীৰ দুটি পাৰ : ২০০২, ত্যাগ : ২০০২, মিঠা মিঠা লগনত : ২০০২, ককাদেউতাৰ ঘৰ জোঁৱাই : ২০০২, প্ৰেমগীত : ২০০২, অৰ্পন : ২০০৩, প্ৰিয়া মিলন : ২০০৩, এয়েই জোনাকবিহীন জীৱন : ২০০৩, প্ৰছম ভৰা চকুলো : ২০০৩, জুমন সুমন : ২০০৩ ( নায়ক যতীন বৰাৰ পিতৃ ), সত্যম শিৱম সুন্দৰম : ২০০৩, মা তুমি অনন্যা : ২০০৪, হৃদয় কপোৱা গান : ২০০৪, অনুৰাগ : ২০০৪ কাদম্বৰী : ২০০৪, সোণৰ খাৰু নালাগে মোক : ২০০৫, হিয়াৰ দাপোনত তোমাৰেই ছবি : ২০০৫, কদম তলে কৃষ্ণ নাচে : ২০০৫, অঘৰী আত্মা : ২০০৫, দেউতা দিয়া বিদায় : ২০০৬, জীৱন বাটৰ লগৰী : ২০০৯, পলে পলে উৰে মন : ২০১১, বৰলাৰ ঘৰ : ২০১২, মহাসমৰ : ২০১৩, হিয়া দিবা কাক : ২০১৪, মৰিচীকা : ২০১৬, গানে কি আনে : ২০১৬, মৃগনাভী : ২০১৭ শেষ অংগীকাৰ : ২০১৭, মিছন চাইনা : ২০১৭, দ্য আন্দাৰৱৰ্ল্ড : ২০১৮, সীমা – দ্য আনট’ল্ড ষ্ট’ৰী : ২০১৯, লংকাকাণ্ড : ২০২২। উল্লেখ্য যে কাইলৈ ছবিগৃহলৈ আহিব লগা নতুন অসমীয়া ছবি লংকাকাণ্ডতো অভিনয় কৰিছিল অভিনেতাগৰাকীয়ে। এইখনেই আছিল অভিনেতাগৰাকীৰ অভিনয় জীৱনৰ শেষৰখন ছবি।

You might also like