নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি-২০ বিশ্বকাপত নেদাৰলেণ্ডৰ বিৰুদ্ধে জয় ভাৰতৰ : ৰোহিত-কোহলি-সূৰ্যকুমাৰৰ দৰ্শনীয় অৰ্ধশতক

বিশেষ বাৰ্তা ২৭ অক্টোবৰঃ টি-২০ বিশ্বকাপত ভাৰতীয় ক্ৰিকেট দলৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত আছে। নেদাৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন খেলত ৫৬ ৰানত জয়লাভ কৰে ভাৰতে। এই প্ৰতিযোগিতাখনত একেৰাহে দ্বিতীয়বাৰৰ বাবে ভাৰতৰ এয়া জয়। প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে দুটা উইকেট হেৰুৱাই ১৭৯ ৰানৰ বৃহৎ স্ক’ৰ কৰে। ইয়াৰ উত্তৰত নেদাৰলেণ্ডৰ বেটছমেনসকলে মাত্ৰ ১২৩ ৰান কৰি পৰাজয় স্বীকাৰ কৰে। উল্লেখ্য যে প্ৰথমে বেটিং কৰি ভাৰতে কম ৰানতে কে এল ৰাহুলৰ উইকেট হেৰুৱায়। ইয়াৰ পিছতে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে দ্বিতীয় উইকেটত ৭৩ ৰানৰ পাৰ্টনাৰশ্বিপ খেলে। ৰোহিতে ৩৯টা বলত ৫৩ ৰানৰ অধিনায়কত্বৰ ইনিংছ খেলি আউট হয়। ৰোহিত আউট হোৱাৰ পাছত সূৰ্যকুমাৰ যাদৱ আৰু কোহলীয়ে একেলগে ইনিংছ আগবঢ়াই নিয়ে। তৃতীয় উইকেটত দুয়োজনে ৯৫ ৰানৰ অপৰাজিত পাৰ্টনাৰশ্বিপেৰে বৃহত লক্ষ্যত উপনীত হয়। ইফালে প্ৰতিযোগিতাখনত কোহলীয়ে একেৰাহে দ্বিতীয়বাৰৰ বাবে অৰ্ধশতকীয় ইনিংছ খেলি অপৰাজিত হৈ ৰয়৷ কোহলিয়ে আজি ৪৪টা বলত অপৰাজিত ৬২ ৰান সংগ্ৰহ কৰে। ইনিংছটোত তেওঁ তিনিটা চাৰি আৰু দুটা ছিক্স মাৰে। আনহাতে সূৰ্যকুমাৰে মাত্ৰ ২৫টা বলত অপৰাজিত ৫১ ৰান সংগ্ৰহ কৰে। সূৰ্যকুমাৰৰ ইনিংছত ৭টা চাৰি আৰু এটা ছয় আছিল। ইফালে বৃহত লক্ষ্যৰে ইনিংছ মুকলি কৰা নেদাৰলেণ্ডৰ দলটোৱে আৰম্ভণিৰে পৰাই তীব্ৰ চাপৰ সন্মুখীন হয়। ভাৰতীয় স্পিনাৰসকলে মিডল অভাৰত এক সুন্দৰ বলিং কৰিছিল আৰু নেদাৰলেণ্ডক কোনো সুযোগ নিদিলে।

You might also like