নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিভ-ইন ৰিলেচনশ্বিপ : জানক নতুন নিয়মবোৰ কি কি?

অসমত যুৱক-যুৱতীসকলৰ সন্মান আৰু অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে লিভ-ইন ৰিলেচনশ্বিপৰ বাবে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি অসম বিধানসভাত উত্থাপন কৰা ইউনিফৰ্ম চিভিল কোড (UCC) বিধেয়কত লিভ-ইন ৰিলেশ্যনশ্বীপ সন্দৰ্ভত একাধিক নতুন নিয়ম অন্তৰ্ভুক্ত কৰা হৈছে।

নতুন বিধান অনুসৰি, এতিয়াৰে পৰা লিভ-ইন ৰিলেশ্যনশ্বীপত থাকিলে যুৱক-যুৱতীসকলে উপ-পঞ্জীয়কক অৱগত কৰিব লাগিব। উপ-পঞ্জীয়কে পুনৰ এই তথ্য স্থানীয় থানাক জনাব লাগিব। আনকি ৰাজ্যৰ বাহিৰত লিভ-ইনত থাকিলেও একেই নিয়ম প্ৰযোজ্য হ’ব বুলি বিধেয়কত উল্লেখ কৰা হৈছে।

বিধেয়ক অনুসৰি, উপ-পঞ্জীয়কক নজনোৱাকৈ যদি কোনো যুৱক-যুৱতীয়ে একেলগে এমাহ ধৰি লিভ-ইনত থাকে, তেন্তে তেওঁলোক দোষী সাব্যস্ত হ’ব পাৰে। কেৱল সেয়াই নহয়, তিনি মাহ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনাৰো ব্যৱস্থা ৰখা হৈছে।

ইফালে, লিভ-ইনত থাকিবলৈ হ’লে অন্ততঃ এজন ব্যক্তিৰ বয়স ২১ বছৰ হ’ব লাগিব। যদি বয়স ২১ বছৰৰ তলত হয়, তেন্তে এই বিষয় অভিভাৱকক জনোৱা বাধ্যতামূলক হ’ব।

বিধেয়কত আৰু উল্লেখ কৰা হৈছে যে লিভ-ইন ৰিলেশ্যনশ্বীপত সন্তান জন্ম হ’লে সেই সন্তানক বৈধ ঘোষণা কৰা হ’ব। আনহাতে, লিভ-ইনত থকাৰ পিছত বিচ্ছেদ বিচাৰিলে দুয়োপক্ষৰ সন্মতিতহে বিচ্ছেদ সম্ভৱ হ’ব। যদি কোনো যুৱকে সন্মতি অবিহনে যুৱতীক এৰি যায়, তেন্তে তেওঁক ভৰণ-পোষণ দিব লাগিব। ভৰণ-পোষণৰ দাবীত যুৱতীগৰাকীয়ে আদালতৰ কাষ চাপিব পাৰিব বুলিও বিধেয়কত উল্লেখ আছে।

ডিজিটেল ডেস্ক, ২৫ মে’

You might also like