ৰাজ্যৰ পৰিবহণ খণ্ডৰ অন্যতম গুৰুত্বপূর্ণ স্থান মহানগৰীৰ আন্তঃৰাজ্যিক বাছ আস্থান, চমুকৈ আইএছবিটি এতিয়াৰে পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ সলনি নিয়ন্ত্রিত হ’ব ব্যক্তিগত খণ্ডৰ দ্বাৰা৷
শেহতীয়াকৈ যোৱা ১৩ মে’ত নিগম কর্তৃপক্ষই এক বিজ্ঞাপনযোগে বেতকুছিস্থিত আইএছবিটিৰ প্রৱেশ–প্রস্থান আৰু সামগ্রী প্রৱেশ কৰা দ্বাৰৰ মাচুল সংগ্রহৰ বাবে ব্যক্তিগত খণ্ডৰ সহযোগিতা বিচাৰি এক নিবিদা প্রকাশ কৰিছে৷
এই খবৰ বিয়পি পৰাৰ পাছতে সম্প্রতি আইএছবিটিলৈ অহা দিবা–নৈশ বাছসমূহৰ স্বত্বাধিকাৰী আৰু চালকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ একাংশ বাছ মালিক আৰু চালকে আইএছবিটিত নিগমৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷
নাম প্রকাশত অনিচ্ছুক, একাংশ বাছ মালিকে জানিবলৈ দিয়া মতে, আইএছবিটিত প্রৱেশৰ লগে লগে একোখন বাছে ২২০ টকা মাচুল আদায় দিয়ে৷ ইয়াৰে ২০০ টকা অসম ৰাজ্যিক পৰিবহণ নিগমক আদায় দিয়াৰ লগতে ২০ টকা স্বচ্ছ ভাৰতৰ নামত গুৱাহাটী পৌৰ নিগমক আদায় দিয়া হয়৷
বছৰ বছৰ ধৰি এই প্রক্রিয়া নিগমে নিজাববীয়াকৈ চলাই থকাৰ পৰিপ্রেক্ষিতত সংগৃহীত সমুদায় ৰাজহ অসম চৰকাৰে লাভ কৰিছিল৷ কিন্তু শেহতীয়াকৈ নিগমে নিবিদাযোগে এই মাচুল আদায়ৰ ঠিকা সংগ্রহৰ বাবে ব্যক্তিগত খণ্ডৰ অংশীদাৰিত্ব আহ্বান কৰাৰ লগে লগে মাচুল বৃদ্ধিৰ শংকাই আতংকিত কৰি তুলিছে বাছ মালিকসকলক৷
একাংশই জানিবলৈ দিয়া মতে, সম্প্রতি আদায় দি থকা ২২০ টকাৰে একোখন বাছে দিনজুৰি আইএছবিটিত অৱস্থান কৰিব পাৰে, কিন্তু ব্যক্তিগত খণ্ডক এই মাচুল আদায়ৰ দায়িত্ব দিয়াৰ লগে লগে প্রতি ঘণ্টা হিচাপত মাচুল বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে৷
ভুক্তভোগী বাছ মালিক–চালকসকলে কয় যে পূর্বতে বৰঝাৰ বিমানবন্দৰতো একেধৰণৰ ব্যৱস্থা আছিল যদিও এতিয়া ঘণ্টাৰ হিচাপত বিমানবন্দৰত গাড়ী পার্কিঙৰ মাচুল সংগ্রহ কৰা হয়৷ একেই ব্যৱস্থা নিগমৰ অধীনৰ আইএছবিটি চৌহদত কৰিব বিচৰা হৈছে৷
তেওঁলোকে কয় যে প্রতিদিনেই ডিজেলৰ দাম বৃদ্ধি পাই আহিছে৷ গাড়ীখন চলাৰ সময়ত যাত্রাপথত বিভিন্ন টোলগেটত বহু টকা পৰিশোধ কৰিবলগা হয় যদিও সেই হিচাপত যাত্রীৰ ভাৰা বৃদ্ধি কৰিব পৰা নাই৷
গতিকে নিগমৰ মাচুল সংগৃহীত ব্যৱস্থা যদিহে ব্যক্তিগতকৰণ কৰা হয়, তেন্তে বহু বাছ চালকৰ যথেষ্ট সমস্যাৰ সৃষ্টি হ’ব৷ প্রতিবাদকাৰী বাছ চালকসকলে জানিবলৈ দিয়া মতে, দিনটোত প্রায় গড়চুক–আইএছবিটিত ১৫০–২০০খন দিবা–নৈশ ছুপাৰ বাছ প্রৱেশ–প্রস্থান কৰে৷
ইয়াৰে ৯০ শতাংশ ব্যৱসায়ীয়ে থলুৱা অসমীয়া লোক৷ গতিকে নিগমৰ আইএছবিটিৰ নিয়ন্ত্রণ ব্যক্তিগত খণ্ডৰ হাতত গতাই দিলে আটাইতকৈ ক্ষতিগ্রস্ত হ’ব অসমীয়া থলুৱা ব্যৱসায়ীসকল৷ প্রতিবাদকাৰী বাছ চালকসকলে দিয়া তথ্য অনুসৰি চলিত ২০২৫–২৬ বিত্তীয় বর্ষত গড়চুক–আইএছবিটিত প্রায় ১৭ লাখ টকা অকল পার্কিং মাচুল নিগমে লাভ কৰিছে৷
যথেষ্ট লাভজনকভাৱে ৰাজহ সংগ্রহ হৈ থকাৰ পাছতো কি কাৰণত নূ্যনতম ১১ লাখ ৫০ হাজাৰ টকা দৰত নিবিদাকাৰীক এই মাচুল সংগ্রহৰ প্রক্রিয়া নিগমে গতাই দিয়াৰ আঁৰত কেনে ৰহস্য আছে তাক লৈ প্রশ্ন উত্থাপন কৰিছে চালক–মালিকসকলে৷
এই সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হস্তক্ষেপ কামনা কৰি ভুক্তভোগী মালিক তথা চালকসকলে এই ব্যৱস্থা ব্যক্তিগত খণ্ডক গতাই নিদিয়াকৈ নিগমে নিজাববীয়াকৈ যাতে চলাই নিব পাৰে, তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে৷ অতিশীঘ্রে আইএছবিটিৰ কেইবাটাও চালক তথা মালিক সংগঠনে যুটীয়াভাৱে মুখ্যমন্ত্রীক এখন স্মাৰক–পত্র প্রদান কৰিব বুলিও জানিব পৰা গৈছে৷
ডিজিটেল ডেস্ক, ২৫ মে’