আজি ২ এপ্রিল, চ’ত মাহৰ ১৮ তাৰিখ
বৃৃহস্পতিবাৰ : তিথি–শুক্লা পূর্ণিমা, নক্ষত্র : হস্তা, যাত্রা : মধ্যম
মেষ : আজি শাৰীৰিক আৰু মানসিক উদ্বেগ এৰাই চলিবলৈ কিছু টান হ’ব৷ ব্যৱসায়ত উন্নতিৰ কাৰণে কর্মস্থানত ব্যস্ততাৰ সুফল৷ পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে৷ শুভ ৰং– কমলা, শুভ সংখ্যা– ২৷
বৃষ : আজি কর্মস্থানত বিশেষ জটিলতা৷ নতুন সংস্থাপনৰ বাবে আশা কৰিব পাৰে৷ ভাই–ভনীৰ বাবে দুচিন্তা আঁতৰিব৷ শুভ ৰং– ৰঙা, শুভ সংখ্যা – ৪৷
মিথুন : আজি দিনটোত কোনো কাৰণত শুভ বুদ্ধিৰ উদয় হ’ব৷ আনৰ ওপৰত নির্ভৰ নকৰিব৷ কর্মক্ষেত্রত পৰিৱর্তনৰ সুযোগ পাব৷ আর্থিক উন্নতিৰ বাবে শুভ সময়৷ শুভ ৰং বগা, শুভ সংখ্যা– ৭।
কর্কট : আজি দিনটোত মানসিকভাৱে কিছু কষ্ট পাব পাৰে৷ বিদ্যার্থীৰ বাবে শুভ৷ নতুন বন্ধুৰ বাবে আনন্দ৷ প্রেমত বাধা৷ শুভ ৰং– নীলা, শুভ সংখ্যা–৫৷
সিংহ : আজি ঘৰুৱা দিশত শান্তি লাভ৷ শত্রুৰ পৰা সাৱধান৷ কোনো আশাত সুফল নাপাব৷ সম্পত্তিক লৈ ঘৰুৱা বিবাদ হ’ব পাৰে৷ অনিশ্চিত কামৰ বাবে চেষ্টা নকৰি পুৰণি কামত মন দিয়াটো ভাল৷ শুভ ৰং– ৰঙা, শুভ সংখ্যা – ৭।
কন্যা : আজি পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা৷ বিদ্যার্থীয়ে দৰকাৰী পাঠ্যক্রমত গুৰুত্ব দিয়ক৷ দাম্পত্যত মধ্যম৷ কর্মক্ষেত্রত কিছু দায়িত্ব বৃদ্ধি পাব৷ শুভ ৰং– বেঙুনীয়া৷ শুভ সংখ্যা –২৷
তুলা : আজি আর্থিক দিশত অশান্তি হ’ব পাৰে৷ কোনোধৰণৰ খবৰে সুখী নকৰে৷ কর্মক্ষেত্রত মন চঞ্চল হ’ব পাৰে৷ বিদ্যাত চিন্তা কম যদিও ব্যস্ততা থাকিব৷ প্রেমত শুভ৷ শুভ ৰং – গুলপীয়া, শুভ সংখ্যা– ৮।
বৃশ্চিক : আজি নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ দৃঢ়তা বাঢ়িব৷ কর্মত যদি সন্দেহ আৰু কষ্ট থাকে আহুকালত পৰিব পাৰে৷ শুভ ৰং– হালধীয়া, শুভ সংখ্যা – ৬।
ধনু : আজি দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ-অশান্তি থাকিব৷ বিয়া-বাৰুৰ ক্ষেত্রত কথা আগবাঢ়িব৷ সুকুমাৰ কলা শিল্পত আগবাঢ়িব৷ শুভ ৰং– গুলপীয়া, শুভ সংখ্যা– ৩।
মকৰ : আজি আনৰ কথা শুনি কোনোধৰণৰ কাম আৰম্ভ নকৰিব৷ সাংসাৰিক অশান্তি বাঢ়িব৷ কোনো কামৰ বাবে সিদ্ধান্ত লোৱাত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা– ৮৷
কুম্ভ : আজি সন্তানৰ বাবে টকা খৰচ হ’ব পাৰে৷ স্বাস্থ্যৰ প্রতি যত্ন লওক৷ ব্যৱসায়ত সাৱধান৷ ঘৰৰ মূল্যৱান বস্তু হেৰাব পাৰে৷ শুভ ৰং– নীলা, শুভ সংখ্যা – ৬৷
মীন : আজি ব্যৱসায়ত কিছু সমস্যা হ’ব পাৰে৷ শত্রুৰ পৰা সাৱধান থাকক৷ খৰচ বৃদ্ধি৷ আনক সহায় কৰি সন্মান পাব৷ চাকৰি স্থায়ী হ’ব পাৰে৷ দাম্পত্যত অশান্তি৷ শুভ ৰং–ক্রীম, শুভ সংখ্য–৪৷