নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙা দলিচাৰে অলিম্পিক বীৰক আদৰণিঃ ভাৰতীয় দলৰ সৈতে স্বদেশলৈ উভতিল লাভলীনা

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ বিশ্বৰ সর্ববৃহৎ ক্রীড়া সমাৰোহ টকিঅ’ অলিম্পিকত ইতিহাসৰ শ্রেষ্ঠ প্রদর্শনেৰে দেশবাসীক গর্বিত কৰা ভাৰতীয় দলটো সোমবাৰে স্বদেশলৈ ওভতে৷ ১৩০ কোটি ভাৰতীয়ৰ অযুত সপোন বাস্তৱায়িত কৰি দেশলৈ স্বর্ণ পদক কঢ়িয়াই অনা তাৰকা জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাকে ধৰি ভাৰতীয় অলিম্পিক দলটো কালি সন্ধিয়া নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্রীয় বিমানবন্দৰত অৱতৰণ কৰে৷ এই দলটোৰ অন্যতম সদস্য আছিল অসম কন্যা লাভলীনা বৰগোহাঁই৷

বিমানবন্দৰত ৰঙা দলিচাৰে আদৰণি জনোৱা খেলুৱৈসকলক বিমানবন্দৰৰ বাহিৰত হাজাৰ হাজাৰ অনুৰাগীয়ে হর্ষোল্লাসৰ মাজেৰে অভিবাদন জনায়৷ স্বর্ণজয়ী নীৰজ চোপ্রা আৰু ব্রঞ্জজয়ী বজৰং পুনিয়াক ওচৰৰ পৰা চাবলৈ ক্রীড়াপ্রেমীয়ে বিমানবন্দৰৰ বাহিৰত হেতা–ওপৰা লগোৱা দেখিবলৈ পোৱা যায়৷ অলিম্পিকৰ মঞ্চত উৎকৃষ্ট প্রদর্শনেৰে দেশলৈ বিৰল গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলক ওচৰৰ পৰা চাবলৈ তেওঁলোকে প্রায় দুঘণ্টা আগৰে পৰা বিমানবন্দৰৰ বাহিৰত ভিৰ কৰা দেখা যায়৷

উল্লেখ্য যে সাতটা পদকেৰে ভাৰতীয় এথলীটসকলে এইবাৰৰ অলিম্পিকত ইতিহাসৰ সর্বশ্রেষ্ঠ প্রদর্শন দাঙি ধৰিছে৷ লণ্ডন অলিম্পিকত ভাৰতে ছটা পদক অর্জন কৰিবলৈ সক্ষম হৈছিল৷ টকিঅ’ অলিম্পিকত দেশৰ এথলীটসকলে পূর্বৰ প্রদর্শন উন্নত কৰি এটা স্বর্ণ, দুটা ৰূপ আৰু তিনিটা ব্রঞ্জৰ পদক অর্জন কৰে৷ অলিম্পিকৰ সামৰণিৰ এদিন পূর্বে জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই সোণৰ পদক জয়েৰে ইতিহাস ৰচে৷ একেদৰে মল্লযুঁজাৰু ৰবি কুমাৰ দাহিয়াই মেগা ইভেণ্টখনৰ পৰা দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনিছে৷ অসম কন্যা লাভলীনা বৰগোহাঁইৰ লগতে বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু ভাৰতীয় পুৰুষ হকী দলটোৱে টকি’ত ব্রঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷

ইফালে, টকিঅ’ অলিম্পিকৰ পৰা দেশলৈ পদক কঢ়িয়াই অনা খেলুৱৈসকল স্বদেশত উপস্থিত হোৱাৰ পাছতে কেন্দ্রীয় চৰকাৰে নতুন দিল্লীত তেওঁলোকক উষ্ম আদৰণি জনায়৷ কেন্দ্রীয় ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰ আৰু কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রী তথা প্রাক্তন কেন্দ্রীয় ক্রীড়ামন্ত্রী কিৰেন ৰিজিজুৰ উপস্থিতিত খেলুৱৈসকলক সম্বর্ধনা জ্ঞাপন কৰা হয়৷ অনুষ্ঠানত কেন্দ্রীয় ক্রীড়া সচিব ৰবি মিট্টাল, ভাৰতীয় ক্রীড়া প্রাধিকৰণৰ সঞ্চালকপ্রধান সন্দীপ প্রধানকে ধৰি ভাৰত চৰকাৰৰ কেইবাগৰাকীও শীর্ষ বিষয়ববীয়া উপস্থিত থাকে৷

অনুষ্ঠানত ক্রীড়ামন্ত্রী ঠাকুৰে কয় যে টকিঅ’ অলিম্পিকত ভাৰতৰ ঐতিহাসিক সাফল্যই দেশৰ যুৱপ্রজন্মৰ আশা–আকাংক্ষাক প্রতিফলিত কৰে৷ দেশৰ যুৱপ্রজন্মই বিশ্বত আধিপত্য বিস্তাৰ কৰিব বিচাৰে বুলি অলিম্পিকৰ মঞ্চত প্রমাণ কৰি দিছে৷ অলিম্পিকত উৎকৃষ্ট প্রদর্শনেৰে ভাৰতীয় খেলুৱৈসকলে দেশলৈ নতুন সম্ভাৱনাৰ জোৱাৰ কঢ়িয়াই আনিছে বুলিও ক্রীড়ামন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷

ইফালে, অনুষ্ঠানত ৰিজিজুৱে পদক বিজয়ী খেলুৱৈসকলক অভিনন্দন জনাই কয় যে আন্তঃৰাষ্ট্রীয় ক্রীড়া মঞ্চত এই ভাৰতৰ আধিপত্য বিস্তাৰৰ আৰম্ভণিৰ দিন৷ ২০২৮ৰ অলিম্পিকলৈ ভাৰত বিশ্ব ক্রীড়াৰ ছুপাৰ পাৱাৰ হৈ উঠাৰ সম্ভাৱনা আছে৷ এই দিশত কেন্দ্রীয় চৰকাৰে শক্তিশালী পদক্ষেপ গ্রহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে৷ মন কৰিবলগীয়া যে এইবাৰৰ অলিম্পিকত ভাৰতে ২২৮জনীয়া এটা শক্তিশালী দলৰ সৈতে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷

You might also like