নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ভূমিত বলপূর্বক প্রৱেশৰ চেষ্টা মেঘালয়ৰ ছাত্র সংগঠনৰ

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ অসম–মেঘালয় সীমান্তৰ পশ্চিম কার্বি আংলং জিলাৰ অন্তর্গত অসমৰ একাংশ ভূমি মেঘালয়ে বলপূর্বকভাৱে দখল কৰাক কেন্দ্র কৰি উত্তেজনাময় পৰিস্থিতি সৃষ্টি হৈছে সীমান্ত অঞ্চলত৷

আৰক্ষী সূত্রে প্রাপ্ত তথ্য অনুসৰি অসম–মেঘালয় সীমান্তৰ দুর্গম চাবুদা অঞ্চলত যোৱা শুকুৰবাৰে মেঘালয়ৰ একাংশ দল–সংগঠন আৰু আৰক্ষীয়ে বলপূর্বকভাৱে অসমৰ ভূমিত প্রৱেশ কৰিব বিচৰাক কেন্দ্র কৰি পশ্চিম কার্বি আংলং জিলা আৰক্ষীৰ সৈতে তীব্র বাক–বিতণ্ডাত লিপ্ত হোৱাৰ লগতে অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷

সীমান্তৰ পশ্চিম কার্বি আংলঙৰ এলেকাধীন চাবুদা অঞ্চলৰ জাতালুং নামৰ গাঁওখনত যোৱা শুকুৰবাৰে পশ্চিম কার্বি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীৰ নেতৃত্বত অসম আৰক্ষী আৰু মেঘালয়ৰ ৰিভয় জিলাৰ আৰক্ষীৰ মাজত অনুষ্ঠিত হ’বলগীয়া এক সৌহার্দ্যমূলক আলোচনাৰ বাবে অসম আৰক্ষীয়ে সীমান্তৰ চাবুদা অঞ্চলত বাহৰ পাতি থকা অৱস্থাত মেঘালয়ৰ ৰিভয় জিলাৰ পৰা খাচী ছাত্র সন্থা, ৰিভয় জিলা য়ুথ ফেডাৰেচনৰ দুই শতাধিক সদস্যই জাতালুং নামৰ গাঁওখনত প্রৱেশ কৰি সীমান্তৰ পৰা পশ্চিম কার্বি আংলঙৰ কেইবাকিলোমিটাৰৰ ভিতৰত থকা উমাত নামৰ গাঁওখনত বলপূর্বক প্রৱেশ কৰিব বিচাৰে৷ কিন্তু উক্ত স্থানত বাহৰ পাতি থকা অসম আৰক্ষীয়ে দলটোক উমাত অঞ্চলত প্রৱেশ কৰাত বাধা দিয়ে৷

ইয়াকে লৈ দুয়োপক্ষৰ মাজত তীব্র বাক–বিতণ্ডা সৃষ্টি হোৱাৰ লগতে পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ অৱশ্যে হামৰেণৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীয়ে অতি কৌশলেৰে মেঘালয়ৰ দলটোক ওভতাই পঠিয়াবলৈ সক্ষম হয়৷

উল্লেখ্য যে অসম আৰু মেঘালয় চৰকাৰৰ মুখ্যমন্ত্রীৰ মাজত অনুষ্ঠিত হোৱা সীমা সমস্যা সম্পর্কীয় বৈঠকত এৰাধৰাকৈ সীমা সমস্যা সমাধানৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ কিন্তু তাৎপর্যপূর্ণ বিষয় এয়ে যে চৰকাৰী পর্যায়ত সীমা নির্ধাৰণ হোৱাৰ পূর্বেই মেঘালয়ৰ একাংশ সংগঠনে আৰক্ষীৰ ছত্রছায়াত বলপূর্বক অসমৰ ভূমি আগ্রাসনৰ চক্রান্তত লিপ্ত হোৱা ঘটনাক কেন্দ্র কৰি সীমান্তবাসীৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰিছে৷ দুয়ো ৰাজ্যৰ প্রশাসনৰ সহযোগত সীমা সমস্যা সমাধান নকৰিলে আগন্তুক সময়ত সীমা বিবাদকেন্দ্রিক সংঘাতে তীব্র ৰূপ ধাৰণ কৰাৰ ইংগিত বহন কৰিছে৷

You might also like