নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০১৬ৰ পাছত কিমানজন বাংলাদেশী গ’ল মোদীয়ে তালিকা দিয়ক

লুৰিণৰ প্রত্যাহ্বান

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসম ভ্রমণৰ প্রাক্ক্ষণত তেওঁৰ বিৰুদ্ধে মিথ্যাচাৰৰ মহা অভিযোগ উত্থাপন কৰিছে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে৷ শুকুৰবাৰে এখন সংবাদ মেল সম্বোধন কৰি পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমক লৈ কোৱা প্রতিটো কথা মিছা প্রমাণিত হৈছে৷ এইবাৰো তেওঁ মিছা কথাৰে আভুৱা–ভাঁৰিবলৈ আহিছে৷ সেইবাবেই তেওঁৰ ভ্রমণৰ প্রাক্মুহূর্তত অসম জাতীয় পৰিষদে মিথ্যাচাৰৰ মহাভিযোগ উত্থাপন কৰিছে৷ এসময়ত প্রধানমন্ত্রীগৰাকীয়্ কৈছিল যে ২০১৪ চনৰ ১৬ মে’ৰ পাছত বাংলাদেশীয়ে অসমৰ পৰা টালি–টোপোলা বান্ধিব লাগিব৷ কিন্তু একেগৰাকী ব্যক্তিয়ে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈ বাংলাদেশীক ৰঙা দলিচাহে পাৰি দিলে৷ আজি অসমলৈ আহিবলগীয়া প্রধানমন্ত্রীগৰাকীক্ বিগত ৬টা বছৰত কিমান বাংলাদেশীয়ে টালি–টোপোলা বান্ধিলে তাৰ তালিকা প্রকাশ কৰিবলৈ লুৰিণজ্যোতি গগৈয়ে প্রত্যাহ্বান জনায়৷ সংবাদ মেলত তেওঁ আন কেইবাটাও গুৰুত্বপূর্ণ বিষয় উত্থাপন কৰি কয় যে বাংলাদেশ সীমান্তত থকা অসমৰ ভূমিত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰি বিজেপি দলে এক ইঞ্চি ভূমিও বাংলাদেশলৈ হস্তান্তৰ কৰা নহ’ব বুলি কৈছিল৷ কিন্তু দলটোৱে অসমৰ মাটি বাংলাদেশলৈ হস্তান্তৰ কৰাই নহয়, অসম আন্দোলনক চূড়ান্ত অপমান কৰাৰ লগতে ৮৬০গৰাকী শ্বহীদৰ ত্যাগক মূল্যহীন কৰিলে৷ ২০১৬ চনৰ ৩ জানুৱাৰীত তেতিয়াৰ গৃহমন্ত্রী ৰাজনাথ সিঙে সীমান্ত ছীল সন্দর্ভত বাংলাদেশৰ লগত কথা পাতিব বুলি দিয়া প্রতিশ্রুতি ঘোষণাতে সীমাবদ্ধ থাকিল৷ আজিও বাংলাদেশ সীমান্তৰ ৫২ কিলোমিটাৰ উন্মুক্ত হৈ থাকিল৷ বিদেশীৰ বিৰুদ্ধে স্বদেশীৰ যুদ্ধ আৰম্ভ বুলি ঘোষণা কৰি বিজেপি চৰকাৰে অসমবাসীৰ প্রবল প্রতিবাদৰ পাছতো ‘কা’ প্রৱর্তন কৰি বিদেশী নাগৰিকক স্বদেশী সজোৱাৰ ষড়যন্ত্রত লিপ্ত হ’ল৷ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে গঠিত উচ্চস্তৰীয় সমিতিৰ প্রতিবেদন কেন্দ্রীয় চৰকাৰে গ্রহণ নকৰি মুখ্যমন্ত্রীৰ কার্যালয়ত পেলাই থ’লে৷ বাংলাদেশী হিন্দু নাগৰিকক অসমত সংস্থাপনৰ স্বার্থত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ অন্যতম ব্যৱস্থা এন আৰ চি প্রস্তুত কৰাত বিজেপি চৰকাৰে পালন নকৰিলে নিজৰ দায়িত্ব৷

ইনাৰ লাইন পার্মিট ব্যৱস্থাও অসমৰ পৰা প্রত্যাহাৰ কৰা হ’ল৷ অসমৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰিলে৷ বৃহৎ নদীবান্ধ নির্মাণৰ সিদ্ধান্ত ল’লে৷ বানপানীক ৰাষ্ট্রীয় সমস্যা ঘোষণা কৰা বাদেই, বান ব্যৱস্থাপনাৰ ৬০ শতাংশ ধন কর্তন কৰিলে৷ ছয় জনগোষ্ঠীক বঞ্চনা আৰু প্রতাৰণাৰ বাহিৰে আন একো নিদিলে৷ নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত নকৰি শাসকপক্ষ থিয় হৈছে গুজৰাটী পুঁজিপতিৰ পক্ষত৷ অসম তথা উত্তৰ–পূবৰ প্রাকৃতিক সম্পদ লুণ্ঠনৰ স্বার্থত ভয়ংকৰ অভিসন্ধিৰে জাপি দিছে পাৰিৱেশিক প্রভাৱ নিৰূপণ অধিসূচনা৷ স্থগিত কৰিছে উত্তৰ–পূব ঔদ্যোগিক আৰু বিনিয়োগ নীতি৷ লাভজনক তৈলক্ষেত্রসমূহ হস্তান্তৰ কৰা হৈছে ব্যক্তিগত কোম্পানীক৷ কেন্দ্রৰ দীঘলীয়া প্রৱঞ্চনাৰ এটাৰ পাছত আন এটা অভিযোগ উত্থাপন কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদী ডাঙৰীয়া, অসমৰ জনগণক কৰি অহা প্রতাৰণা, প্রৱঞ্চনা আৰু ভুৱা প্রতিশ্রুতিৰ ইতিহাস আৰু দীঘলীয়া নকৰিব৷ ইতিমধ্যে যথেষ্ট হ’ল৷ কেৱল ক্ষমতাৰ স্বার্থত আপোনালোক কোনটা পর্যায়লৈ যাব পাৰে অসমৰ জনসাধাৰণে সেয়া ভালদৰে উপলব্ধি কৰিছে৷ অসমৰ খিলঞ্জীয়াই কেতিয়াও আপোচ নকৰে৷ প্রধানমন্ত্রীগৰাকীয়্ সেই ইতিহাস অধ্যয়ন কৰক৷ ইতিমধ্যে বহুত হ’ল৷ নিবনুৱা সমস্যা সমস্যা হৈয়েই থাকিল৷ অসমখন দুর্নীতিত পোত গ’ল৷ প্রধানমন্ত্রীৰ কথাই অসমবাসীক আৰু আশ্বস্ত নকৰে৷ এয়া আঞ্চলিকতাবাদৰ সময়৷ শোষণ, লুণ্ঠন আৰু প্রতাৰণাক প্রত্যাহ্বান জনাবলৈ অসমৰ জনগণ সাজু হৈছে৷

You might also like