নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইডেন আৰু চীন–ভাৰতৰ সম্পর্ক

ভাৰত –চীনৰ দ্বিপাক্ষিক সম্পর্ক সদায়েই অস্থিৰ হৈ আহিছে৷ শেহতীয়াকৈ সীমান্তত চীনৰ আগ্রাসনৰ ঘটনাসমূহৰ লগতে গাঁও স্থাপনৰ দৰে কার্যই এই সম্পর্ক অধিক জটিল কৰি তুলিছে৷ কেৱল সেয়াই নহয়, চীনে বাৰম্বাৰ ভাৰতক সামৰিক আক্রমণৰ ভাবুকি দিয়াও আৰম্ভ কৰিছে৷ চুবুৰীয়া শক্তিশালী দেশ হিচাপে চীনৰে সম্পর্কক ভাৰতে অতি সাৱধানতাৰে গ্রহণ কৰিছে আৰু এইক্ষেত্রত আমেৰিকা–ৰাছিয়াৰ লগতে আন্তঃৰাষ্ট্রীয় সমর্থনে ভাৰতক দৃঢ় স্থিতি গ্রহণ কৰাৰ ক্ষেত্রত সহায় কৰিছে৷ স্বাভাৱিকতে জ’ বাইডেনে মার্কিন ৰাষ্ট্রপতি হিচাপে শপতগ্রহণ কৰাৰ পিছত চীনক লৈ আমেৰিকাৰ স্থিতি কি হ’ব আৰু ভাৰত–চীনৰ সম্পর্কত ইয়াৰ কেনেধৰণৰ প্রভাৱ পৰিব, তাক লৈ বিভিন্ন পূর্বানুমানেৰে যথেষ্ট আলোচনা হৈছে৷ ড’নাল্ড ট্রাম্পৰ আমোলত মার্কিন নীতিক লৈ যি অনিশ্চয়তাৰ সৃষ্টি হৈছিল, বাইডেনৰ শাসনত সেয়া দূৰ হ’ব বুলি আশা কৰা হৈছে৷ এক সুস্থিৰ মার্কিন নীতিৰ ওপৰত ভিত্তি কৰিহে সহযোগী দেশসমূহে নিজৰ সিদ্ধান্ত আত্মবিশ্বাসেৰে ল’বলৈ সক্ষম হয়৷ বাইডেনে এই পৰিৱেশ পুনৰ ঘূৰাই আনিব বুলি ভাৰতকে ধৰি সহযোগী দেশসমূহে আশাৰে প্রতীক্ষা কৰিছে৷ চীনৰ সৈতে সম্পর্কক ট্রাম্পে অত্যন্ত তিক্ততাদায়ক পর্যায়লৈ লৈ গৈছিল৷ আনহাতে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে সু–সম্পর্ক প্রদর্শন কৰি ট্রাম্পে চীনৰ সম্ভাব্য আগ্রাসনৰ বিৰুদ্ধে ভাৰতক সামৰিক নিৰাপত্তা প্রদানৰ কথা কেইবাবাৰো উল্লেখ কৰিছিল৷ এনে সু–সম্পর্কৰ পিছতো কিন্তু এইচ ১ ভিছা, প্রব্রজন, পাৰস্পৰিক বাণিজ্য আদিৰ ক্ষেত্রত ট্রাম্পে ভাৰতৰ সন্মুখত অধিক অসুবিধা আৰু সমস্যাৰহে সৃষ্টি কৰি আহিছিল৷ বাইডেনে ভাৰতৰে বাণিজ্যিক নীতি সলনি কৰিব নে নাই সেয়া নিশ্চিত নহয় যদিও প্রব্রজন আৰু এইচ ১ ভিছাৰ ক্ষেত্রত নতুন ৰাষ্ট্রপতিজনে কিছু পৰিমাণে হ’লেও নৰম স্থিতি গ্রহণ কৰিব, তাৰ নিশ্চয়তা প্রদান কৰিছে তেওঁৰ ঘনিষ্ঠ ডেম’ক্রেট সহযোগীসকলে৷ নির্বাচনী প্রচাৰ অভিযানত ট্রাম্পে অভিযোগ কৰিছিল যে বাইডেনে পুত্র হাণ্টাৰৰ ব্যৱসায়িক স্বার্থতে চীনৰ প্রতি নৰম পন্থা অৱলম্বন কৰিব৷ এয়া সঁচা হোৱা হ’লে ভাৰতৰ বাবে দুঃসংবাদ হ’লহেঁতেন৷ ডেম’ক্রেটিক পার্টীয়ে চীনক লৈ যুগুত কৰা পৰিকল্পনাত উদাৰ নীতি গ্রহণৰ কোনো ইংগিত নাই৷ তদুপৰি বাইডেনে নির্বাচনী প্রচাৰত চীনৰ ৰাষ্ট্রপতি জি জিনপিঙক ব্যক্তিগত আক্রমণৰ লক্ষ্য কৰি লৈছিল আৰু ক’ৰোনা ভাইৰাছক লৈ গোপনীয়তা অৱলম্বনৰ বাবে বাইডেনে তেওঁক দুর্বৃত্ত বুলিও অভিহিত কৰিছিল৷ প্রকৃততে বাৰাক অ’বামা ৰাষ্ট্রপতি হৈ থকাৰ সময়তে আমেৰিকাই চীনক লৈ নিজৰ দৃষ্টিভংগী সলনি কৰাৰ লগতে জি জিনপিঙক কঠোৰ সমালোচনাৰ লক্ষ্য কৰি লৈছিল৷ সেই সময়ত উপ–ৰাষ্ট্রপতিৰ দায়িত্বত থকা বাইডেনে ৰাষ্ট্রপতি হিচাপে নেতৃত্ব গ্রহণ কৰাৰ পিছত সেই নীতি অব্যাহত ৰখাৰ সম্ভাৱনা বেছি৷
ভাৰত–আমেৰিকাৰ সম্পর্ক শক্তিশালী হৈ থকাটো চীনক নিয়ন্ত্রণৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ৷ কাশ্মীৰ প্রসংগক লৈ বাইডেনে নৰেন্দ্র মোদী চৰকাৰক সমালোচনা কৰি আহিছে৷ ‘কা’ সন্দর্ভতো বাইডেনে নতুন দিল্লীৰ সম্পূর্ণ বিপৰীত স্থিতি গ্রহণ কৰিছে৷ কিন্তু দ্বিপাক্ষিক সম্পর্কত এনেধৰণৰ দুই–এটা মত–বিৰোধ থকাটো স্বাভাৱিক৷ ইয়াৰ বিপৰীতে পাৰস্পৰিক স্বার্থজড়িত বিষয়বোৰে এনে মত–বিৰোধৰ পিছতো দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰি ৰাখিব পাৰে৷ অনুমান কৰা হৈছে যে সামৰিক সহযোগিতাৰ ক্ষেত্রত বাইডেনে ভাৰতক আশ্বস্ত কৰিব৷ অৱশ্যে ভাৰতৰ লগতে চীনৰ সৈতেও দ্বিপাক্ষিক সম্পর্কৰ ক্ষেত্রত আছুতীয়া নীতি থাকিব আমেৰিকাৰ৷ এইক্ষেত্রত বাইডেনে কিমান দৃঢ় স্থিতি গ্রহণ কৰে, তাৰ ওপৰত ভাৰত–চীনৰ সম্পর্ক বহু পৰিমাণে নির্ভৰ কৰিছে৷ চীনৰ সম্প্রসাৰণবাদৰ বিৰুদ্ধে আমেৰিকাই সদায়েই মাত মাতি আহিছে৷ সেয়ে লাডাখ আৰু অৰুণাচল প্রদেশত চীনৰ আগ্রাসনক বাইডেন প্রশাসনে তীব্র বিৰোধ কৰিব বুলি আশা কৰিব পাৰি৷ ড’নাল্ড ট্রাম্পৰ দৰে চীনৰ ওপৰত আন্তঃৰাষ্ট্রীয় চাপ সৃষ্টি কৰি, অকলশৰীয়া কৰি বেইজিঙক শাস্তি দিয়াৰ নীতি বাইডেনে হয়তো পৰিহাৰ কৰিব৷ কাৰণ দুটাকৈ কাল উপ–ৰাষ্ট্রপতিৰ দায়িত্বত থকাৰ সময়তে বাইডেনে আলোচনা আৰু মত বিনিময়ৰ জৰিয়তে জটিল আন্তঃৰাষ্ট্রীয় পৰিস্থিতি চম্ভালিব পৰা গুণ প্রদর্শন কৰিছিল৷ চীনৰ ক্ষেত্রতো বাইডেন প্রশাসনে প্রথম পদক্ষেপত অনুৰূপ নীতি গ্রহণ কৰিলেও বেইজিঙক লৈ নৰম স্থিতি গ্রহণৰ সম্ভাৱনা নাই, যিটো ভাৰতৰ বাবে শুভলক্ষণ৷

You might also like