নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰী আৰক্ষীৰ জালত ৩ হত্যাকাৰী

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ মালিগাঁও পাণ্ডুৰ শম্ভু চেটার্জী (৩৪) নামৰ গাড়ীচালকজনক হত্যা কৰাৰ অভিযোগত জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই কালি তিনিটা দুর্ধর্ষ ডকাইতক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ জালুকবাৰী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৩০২/৩৭৯ ধাৰাৰ অধীনত ৰুজু হোৱা ১৬২৩/২০২০ নম্বৰৰ গোচৰটোৰ ভিত্তিত অভিযান চলাই বৰপেটাৰ পৰা ছইফুদ্দিন আছমত (৩৭), মকছেদ আলী (২৫) আৰু নাছিৰুদ্দিন আলী (২৫) নামৰ তিনিটা দুর্ধর্ষ ডকাইতক গ্রেপ্তাৰ কৰে৷

পশ্চিম আৰক্ষী জিলাৰ এডিচিপি সুপ্রতিভলাল বৰুৱাই জানিবলৈ দিয়া মতে, ধৃত তিনিটা ডকাইতে শম্ভু চেটার্জীক হত্যা কৰি এ এছ–২৫ ডি চি–৭৪৩১ নম্বৰৰ পিকআপ বলেৰ’ ভেনখন লৈ গৈছিল৷ ধৃত ডকাইতকেইটাই বলেৰ’ পিকআপ ভেনখন বিক্রী কৰে৷ এতিয়ালৈকে ভেনখন উদ্ধাৰ কৰিব পৰা নাই যদিও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ জালুকবাৰীৰ এচিপি আৰু অ’চিৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে শম্ভু চেটার্জীৰ হত্যাকাণ্ডৰ লগত জড়িত তিনি দুর্ধর্ষ ডকাইতক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে বিগত বর্ষৰ ২৪ ডিচেম্বৰৰ আবেলিৰ পৰা চেটার্জী নিৰুদ্দেশ হৈ আছিল৷ ২৬ ডিচেম্বৰত নগাঁৱৰ জখলাবন্ধাত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত শম্ভু চেটার্জীৰ মৃতদেহ উদ্ধাৰ হৈছিল৷

You might also like