নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঢ়মপুৰৰ ৰাজনীল ডেন্স একাডেমীৰ প্ৰতিষ্ঠা দিৱস পালন

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিল : নগাঁও জিলাৰ বঢ়মপুৰ শ্বহীদ স্মৃতি কেন্দ্ৰীয় প্ৰেক্ষাগৃহত ৰাজনীল ডেন্স একাডেমীৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। পুৱা ৰাজনীল ডেন্স একাডেমীৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজু শ‌ইকীয়াই বন্তি প্ৰজ্বলন কৰাৰ পাছতেই সদৌ অসম ভিত্তিত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পিছতেই বিয়লি বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানতে অভিনেত্ৰী সীমা বৰুৱাক ৰাজনীল ডেন্স একাডেমীৰ বিশেষ সন্মান “বৰ্ষৰত্ন সন্মান ২০২৪”ৰে সন্মানিত কৰে। লগতে জনপ্ৰিয় অভিনেতা ৰাকেশ খ্যাত ৰিন্টু বৰা, বিশিষ্ট চিত্ৰশিল্পী সুজিত দাস আৰু প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাক বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৰাজনীল ডেন্স একাডেমীয়ে। ইয়াৰোপৰি বিগত ৩০টা বছৰে লোক সংস্কৃতিৰ সাধনা কৰা বঢ়মপুৰৰ লোক শিল্পী ৰাজু শ‌ইকীয়াক শিল্পী সাধনা বঁটা, বিশিষ্ট নৃত্যশিল্পী ডিম্পী বৰাক “নৃত্য গুৰু সন্মান ২০২৪” আৰু নৃত্যশিল্পী কংকনা শৰ্মাক নৃত্য পটিয়সী সন্মান ২০২৪ৰে সন্মানিত কৰে। ৰাজনীল ডেন্স একাডেমীৰ পৰিচালন সঞ্চালিকা নীলাঞ্জনা বেজবৰুৱাই আতঁ ধৰা অনুষ্ঠানটোত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ এম্বেচেদৰ সংগঠনৰ সাধাৰণ সম্পাদক ড° হৰেশ্বৰ শ‌ইকীয়া, নৃত্যশিল্পী পূজাশ্ৰী বৰা,সাংবাদিক অপূৰ্ব হাজৰিকা,নিপুল বৰা, ৰিতু নেওঁগ,ভাৰ্গৱ হাজৰিকা, জ্যোতিপ্ৰসাদ বৰা,হিমাংশু বৰা আৰু দীপাংকৰ ভৰদ্বাজ উপস্থিত থাকে। আনহাতে পুৱাৰ পৰা অনুষ্ঠিত সদৌ অসম ভিত্তিত একক নৃত্য প্ৰতিযোগিতাখনত ক শাখাত মানান্যা শৰ্মাই প্ৰথম পুৰস্কাৰ, কাব্যশ্ৰী শ‌ইকীয়াই দ্বিতীয় পুৰস্কাৰ,ৰাহি ভৌমিকে তৃতীয় পুৰস্কাৰ,চিকুমনি বসুমতাৰীয়ে চৰ্তুথ পুৰস্কাৰ, ধৃতিনয়না দেৱীয়ে পঞ্চম পুৰস্কাৰ লাভ কৰাৰ লগতে খ শাখাত অনুষ্কা দেৱীয়ে প্ৰথম পুৰস্কাৰ, প্ৰিন্সজ্যোতি বৰাই দ্বিতীয় পুৰস্কাৰ,আৰমান আহমেদে তৃতীয় পুৰস্কাৰ,মিথিংগা গৈয়াৰীয়ে চৰ্তুথ পুৰস্কাৰ, ডিম্পল শ‌ইকীয়াই পঞ্চম পুৰস্কাৰ আৰু গ শাখাত প্ৰশান্ত বসুমতাৰীয়ে প্ৰথম পুৰস্কাৰ, জাগৃতি বৰাই দ্বিতীয় পুৰস্কাৰ,সাগৰিকা চমুৱাই তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতেই নিশালৈ অনুষ্ঠিত মডেলিং শ্ব’ৰ কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ ৰাজ আৰিয়ান আগামাচাৰ্য,মানস ময়ুৰ গগৈ আৰু বৰষাৰাণী বৰা উপস্থিত থাকে।

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like