নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোৰ মা কালী মন্দিৰৰ পিতলৰ মূৰ্তি চুৰি, তিনিজনক জে’ললৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, হাজো, ৭ ডিচেম্বৰ : হাজো থানাৰ অন্তৰ্গত বামুণটোলাৰ সমীপৰ কালী মন্দিৰৰ পৰা কালি নিশা মা কালীৰ এটি পিতলৰ মূৰ্তি চুৰি হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

জানিব পৰা মতে, কালি হাজো বামুণটোলাত অৱস্থিত মা কালী মন্দিৰত পুৰোহিতে আনদিনৰ দৰে পূজা-অৰ্চনা কৰাৰ বাবে মন্দিৰলৈ গৈ মন্দিৰৰ দুৱাৰ খোল খোৱা অৱস্থাত আৰু থাপনাত মা  কালীৰ মূৰ্তি নেদেখি পুৰোহিতগৰাকী হতভম্ব হৈ পৰে। ততালিকে এই ঘটনাৰ বিষয়ে স্থানীয় লোকক অৱগত কৰোৱাত ঘটনাস্থলীত ভিৰ কৰে স্থানীয় ৰাইজে।

পৰৱৰ্তী সময়ত মন্দিৰৰ পুৰোহিতগৰাকীয়ে হাজো থানাত ঘটনাৰ সবিশেষ জনাই এজাহাৰ দাখিল কৰাত হাজো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰি তিনি ঘণ্টাৰ ভিতৰত এক গোপন সূত্ৰৰ সহায়ত হাজো মুছলিমপট্টিত অৱস্থিত চানা কুটিৰ শিল্প নামৰ এখন বাচনৰ দোকানৰ পৰা মা কালীৰ মূৰ্তিটো উদ্ধাৰ কৰাৰ লগতে দোকানৰ স্বত্বাধিকাৰী ইজাজ আলীক আৰক্ষীয়ে আটক কৰে।

ইফালে, নিশাই আৰক্ষীয়ে অভিযান চলাই মা কালীৰ মূৰ্তি চুৰিৰ অপৰাধত নেচিব আলী (দণ্ডি) আৰু দিলোৱাৰ আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ধৃত তিনিওকে আজি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।

You might also like