নিয়মীয়া বাৰ্তা, কঠীয়াতলী, ৭ ডিচেম্বৰ : দৃষ্টিহীন বিশ্বজয়ী মহিলা ক্ৰিকেটাৰ চিমু দাসে আজি গৃহভূমি কঠীয়াতলীত পদাৰ্পণ কৰাৰ মুহূৰ্ততে কঠীয়াতলীৰ দল-সংগঠন, ব্যক্তিবিশেষৰ লগতে কঠীয়াতলী প্ৰেছ ক্লাবৰ সদস্যসকলে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে।
শেহতীয়াকৈ শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত দৃষ্টিহীন মহিলা ক্ৰিকেট টি-২০ বিশ্বকাপত ভাৰতে নেপালক পৰাস্ত কৰি বিশ্বকাপ জয় কৰি এক বিৰল খ্যাতি অৰ্জন কৰে। ফাইনলত চিমুৱে ৮৬ ৰান সংগ্ৰহ কৰাৰ লগতে এটা উইকেট দখল কৰি অনবদ্য ভূমিকা পালন কৰাৰ লগতে মেন অৱ দ্য মেচ ট্ৰফী লাভ কৰি দেশৰ নাম উজ্জ্বল কৰে। চিমু দাসৰ সাফল্যত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰি শুভেচ্ছা জনায়। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো চিমু দাসৰ সাফল্যত আনন্দ প্ৰকাশ কৰাৰ লগতে দহ লাখ টকাৰ চেক প্ৰদান কৰি খেলুৱৈগৰাকীক উৎসাহিত কৰিছে। ইতিমধ্যে অসমৰ বহু দল-সংগঠনে বিভিন্ন প্ৰকাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে।
আনৰ ঘৰত দিনহাজিৰা কৰি বহু কষ্টেৰে দুই দিব্যাংগ সন্তানক লালন-পালন কৰি এনে গৌৰৱৰ অধিকাৰী হোৱা চিমু দাসৰ মাতৃ অঞ্জু দাসকো বিভিন্ন দল-সংগঠনে ফুলাম গামোচাৰে সন্মান জনায়। আজি কঠীয়াতলীত চিমু দাস উপস্থিত হোৱাত শৰাই, জাপি, ফুলাম গামোচা, চেলেং, প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জনায় কেইবাশ ক্ৰীড়া অনুৰাগীয়ে।