নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মহাশিৱৰাত্রিঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত শিৱৰাত্রিৰ মহা আয়োজন

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী: আজি মহাশিৱৰাত্রি৷ দেৱাদিদেৱ মহাদেৱক
আৰাধনাৰ বাবে মন্দিৰে মন্দিৰে ভীৰ কৰিছে ভক্তগণে৷ দেশৰ অন্যান্য স্থানৰ লগতে অসমতো চলিছে মহাশিৱৰাত্রিৰ মহা আয়োজন৷ গুৱাহাটীৰ উমানন্দ মন্দিৰ, পামহীৰ ডাকিনী
পাহাৰৰ মনোৰম পৰিৱেশত বিৰাজমান ভাৰতবর্ষৰ ষষ্ঠ জ্যোতির্লিংগ
শ্রীশ্রীভীমশংকৰ জ্যোতির্লিংগৰ পৰা তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, পুৰণিগুদামৰ
ভেৰভেৰীৰ মহামৃত্যুঞ্জয় মন্দিৰ, শিৱসাগৰৰ শিৱদৌললৈ সকলোতে মহাশিৱৰাত্রিৰ
পূজা–অর্চনাত ভক্তৰ লানী নিচিগা সোঁত বৈছে৷ এই মন্দিৰ–দৌলসমূহত এতিয়া
বিৰাজ কৰিছে উখল–মাখল পৰিৱেশ৷

আজি বিয়লি ৬.০৩ বজাৰ পৰা আৰম্ভ হ’ব শিৱ চতুর্দশী৷ এই উপলক্ষে তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত শিৱৰাত্রিৰ বাবে পৰিচালনা সমিতিয়ে ব্যাপক প্রস্তুতি চলাইছে৷ ইতিমধ্যে শিৱৰাত্রিৰ বাবে মহাভৈৰৱ মন্দিৰ আটকধুনীয়াকৈ সজাই–পৰাই তুলিছে৷ দর্শনার্থীৰ সুবিধার্থে
এইবাৰ মন্দিৰ চৌহদত কোনোধৰণৰ দোকান–পোহাৰ অস্থায়ীভাৱে হ’লেও স্থাপন
কৰিবলৈ দিয়া নাই৷ অৱশ্যে মন্দিৰৰ প্রৱেশদ্বাৰৰ সমীপৰ পৰা দুয়ো দিশেই অলেখ
দোকান, ব্যৱসায়িক প্রতিষ্ঠান পথৰ দাঁতিত শৃংখলাবদ্ধভাৱে বহুওৱাৰ অনুমতি
পূর্বৰ দৰেই দিয়া হৈছে৷ উল্লেখ্য যে শিৱৰাত্রিৰ সময় ১৯ ফেব্রুৱাৰীৰ বিয়লি
পর্যন্ত থাকিব আৰু মেলাও চলিব দুদিন৷

 

You might also like