নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাজোঁটলৈ আহিব এএছডিচি

নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ   হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দল মহাজোঁটৰ অংশীদাৰ হোৱাৰ পাছত এইবাৰ নতুনকৈ মহাজোঁটৰ অংশীদাৰ হোৱাৰ বাবে মন মেলিছে এ এছ ডি চি দলে৷ আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক তথা মহাজোঁটৰ অন্যতম অংশীদাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ মধ্যস্থতাত ইতিমধ্যে মহাজোঁটৰে এ এছ ডি চিৰ তিনিলানি আলোচনাও অনুষ্ঠিত হৈছে৷ এ এছ ডি চিৰ সভাপতি চন্দ্রকান্ত তেৰাঙে সংবাদ মাধ্যমৰ আগত এই বিষয়ে জানিবলৈ দি কয় যে তেওঁলোকৰ মূল দাবী হৈছে অসমৰ ভিতৰতে ৰাজ্যখনক দ্বিখণ্ডিত নকৰাকৈ পাহাৰীয়া জিলা তিনিখনক লৈ স্বায়ত্তশাসিত ৰাজ্য গঠন৷ বিগত ৩৪ বছৰ ধৰি এই দাবীক লৈ সংগ্রাম কৰি আহিছে৷ কিন্তু পূর্বৰ কংগ্রেছ আৰু বর্তমানৰ বিজেপি চৰকাৰে তেওঁলোকৰ সেই দাবী পূৰণৰ বাবে কোনো ব্যৱস্থা নকৰিলে৷ আসন্ন বিধানসভা নির্বাচনত আসন বুজাবুজিৰ ক্ষেত্রত তেওঁলোকে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ লগত আলোচনাত মিলিত হয় আৰু দল দুটাই পাহাৰীয়া জিলাৰ পাঁচখন আসন তেওঁলোকক এৰি দিয়াৰ বাবে সন্মতি প্রকাশ কৰে৷ পিছে একে সময়তে আঞ্চলিক গণ মর্চাৰ নেতা অজিত কুমাৰ ভূঞাৰ বিশেষ তৎপৰতাত তেওঁলোকে মহাজোঁটৰ সৈতেও দুই–তিনিলানি আলোচনাত মিলিত হয়৷ মহাজোঁটৰ সৈতে হোৱা আলোচনা ইতিবাচক বুলি উল্লেখ কৰি সভাপতি তেৰাঙে কয় যে দুই–তিনি দিনৰ ভিতৰতে তেওঁলোকৰ সৈতে মিত্রতা কৰাৰ ছবিখন স্পষ্ট হ’ব৷ মহাজোঁটত অংশীদাৰ হোৱাৰ ক্ষেত্রত তেওঁলোকৰ কোনো সমস্যা নাই৷ কংগ্রেছৰ লগতো আলোচনাৰ বাবে তেওঁলোক প্রস্তুত৷ কেৱল তেওঁলোকৰ একেটাই স্পষ্ট স্থিতি অসমৰ ভিতৰতে পাহাৰীয়া জিলাক লৈ স্বায়ত্তশাসিত ৰাজ্য গঠন৷ মহাজোঁটৰ পৰাও এইক্ষেত্রত কোনো প্রতিবন্ধকতা অহা নাই৷ সভাপতি তেৰাঙে কয় যে তেওঁলোকৰ অঞ্চলত নির্বাচন দ্বিতীয় পর্যায়ত অনুষ্ঠিত হ’ব৷ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন ১২ মার্চ৷ সেয়ে মহাজোঁটত যোগদানৰ সিদ্ধান্ত ১২ মার্চৰ আগে আগে হ’লেও হ’ব বুলি মন্তব্য কৰি কার্যতঃ তেওঁলোকে সেই সময়তে মহাজোঁটৰ অংশীদাৰ হোৱাৰ ইংগিত দিয়ে৷

You might also like