নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা পথত সহায় কৰাৰ অজুহাতত ২০ বছৰীয়া কিশোৰীক ধৰ্ষণ, এজন অভিযুক্তক গ্ৰেপ্তাৰ

নিয়মীয়া বার্তা, ৩১জানুৱাৰীঃ মুম্বাই চহৰৰ কাষৰীয়া পানভেলত অটোত লিফ্ট দিয়াৰ অজুহাতত এগৰাকী ২০ বছৰীয়া কিশোৰীক ধৰ্ষণৰ গোচৰ পোহৰলৈ আহিছে। এই গোচৰত আৰক্ষীয়ে এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আনজন পলাতক হৈ আছে। আৰক্ষীৰ তথ্য অনুসৰি দেওবাৰে গভীৰ নিশা পানভেলত এগৰাকী ২০ বছৰীয়া যুৱতীক দুজন লোকে ধৰ্ষণ কৰে। ইয়াৰ পিছতে চিচিটিভি কেমেৰাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে এজন অভিযুক্তক।

এই ঘটনাটো যুৱতীগৰাকীৰ লগত সংঘটিত হয় নিশা প্ৰায় ২ বজাত। আচলতে ভুক্তভোগীয়ে ক’ৰবালৈ যাবলৈ ৰিক্সাৰ বাবে অপেক্ষা কৰি আছিল। তাৰ পিছত দুয়োজন অভিযুক্তই যুৱতীগৰাকীৰ কাষ চাপি আহি তেওঁক ক’লে যে ৰাতি গভীৰ হোৱাৰ বাবে ৰাস্তাত অকলে ৰৈ থকাটো নিৰাপদ নহয়। যাৰবাবে তেওঁলোকৰ অটোত উঠিবলৈ মানি লয় যুৱতীগৰাকীয়ে। কিন্তু সেই লম্পটদ্বয়ে যুৱতীগৰাকীক নিশাৰ সুযোগ লৈ ধৰ্ষণ কৰে।

You might also like