নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰত কৃষিমন্ত্ৰী অতুল বৰা 

  • কৃষকসকল লাভান্বিত হ’বলৈ হ’লে কৃষিকৰ্মত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিব লাগিব 
নিয়মীয়া বাৰ্তা, ৩১জানুৱাৰী –ডিব্ৰুগড়ত কেবিনেট বৈঠকত অংশ লোৱাৰ পিছতে কৃষি আৰু পশুপালন মন্ত্ৰী  অতুল বৰাই ডিব্ৰুগড় লাহোৱালস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ পৰিদৰ্শন কৰে ।  গছপুলি ৰোপণ কাৰ্য্যসূচীৰে শুভাৰম্ভণি কৰা অনুষ্ঠানটোত  কেন্দ্ৰটোৰ জেষ্ঠ বিজ্ঞানী আৰু মুৰব্বী ড৹ দিগন্ত শৰ্মাই মন্ত্ৰীগৰাকীক আদৰণি আৰু সম্বৰ্ধনা জ্ঞাপন কৰে । মন্ত্ৰীজনে কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত থকা প্ৰদৰ্শনীমূলক জৈৱিক চাহকে ধৰি, গুটি বিহীন নেমু, লিচু, মাটিকঠাল,  বিভিন্ন ঔষধি গুণ সমৃদ্ধ  উদ্ভিদ, মধুৰী আম, ড্ৰেগন ফল, কেঁচুসাৰ, কাঠফুলাৰ আৰ্হি পৰিদৰ্শন কৰি ভূয়সী প্ৰশংসা কৰাৰ লগতে জিলাখনৰ কৃষি উন্নতিৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলে আগবঢ়োৱা অৱদানকো  শলাগ লয়।  বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি কৃষি ,পশুপালন, মৎস্য পালন কৰিলেহে কৃষক সকল লাভান্বিত হ’ব বুলি মন্তব্য প্ৰদান  কৰি মন্ত্ৰীগৰাকীয়ে  কয় যে চৰকাৰে আগবঢ়োৱা বিভিন্ন কৃষি সজুঁলি তথা আঁচনি সমূহৰ যোগেদিও কৃষক সকল যথেষ্ট উপকৃত হব পাৰে ৷ কৃষক ৰাইজৰ বাবে অসম চৰকাৰৰ কৃষিবিভাগে বহু আঁচনি আৰু পদক্ষেপ হাতত লৈছে ৷চৰকাৰে আগবঢ়োৱা এই সুবিধাসমূহ যাতে কৃষক ৰাইজে জিলা কৃষিবিভাগৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰি সুবিধাসমূহ আদায় কৰি সফল কৃষক হিচাপে পৰিচয় দিয়াৰ ওপৰিও নিজেই স্বাৱলম্বী হ’ব পাৰে তাৰবাবেও কৃষক ৰাইজক মন্ত্ৰীজনে আহ্বান জনাই ৷ আজিৰ অনুষ্ঠানটোত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলৰ ওপৰিও জিলা কৃষি বিষয়া ,জিলা পশুপালন বিষয়াৰ লগতে বিভিন্ন অঞ্চলৰ পৰা কৃষক সকলো উপস্থিত থাকে ৷
You might also like