ডিজিটেল ডেস্ক, ঢকুৱাখনা, ৫ জুলাই : ন-পানীৰ ভৰুণ সোঁতে উপচাই তোলা পথাৰৰ বুকুত এতিয়া সপোন ৰচিবলৈ কান্ধত নাঙল তুলি পথাৰলৈ আহিছে চহা খেতিয়ক ৷ বৰষুণজাকৰ লগে লগে সেউজ সপোনবোৰ বুকুত বান্ধিয়েই গাঁৱৰ চহা কৃষকৰ বাঢ়িছে ব্যস্ততা।
এতিয়া আহাৰ মাহ। আহাৰ মাহ মানেই কৃষিপ্ৰধান অসমৰ শালি ধানৰ খেতিৰ বতৰ। অসমীয়াৰ চহা জীৱনৰ জীপাল পথাৰত সেউজীয়া সোণোৱালী সপোন ৰচাৰ বতৰ। ধৰাৰ উজ্জীৱিত বুকুত ৰোৱনীয়ে ভূঁই ৰোৱাৰ সময় এয়া। এতিয়া সময় নাঙলৰ সীৰলুত সোণগুটিৰ সপোন দেখাৰ। আহাৰ মাহতেই বোকা-পানীৰ পৰশ পাই বছৰটোলৈ কঁকালত টঙালি বান্ধি পথাৰত ব্যস্ত হৈ পৰে হালোৱা-ৰোৱনী।
এই আহাৰ মাহৰ বতৰত চহা অসমীয়া কৃষকৰ পৰিয়ালসমূহৰ সকলোৱে ব্যস্ত হৈ পৰিছে পথাৰত৷ সগৰ্ভা হৈ পৰা পথাৰখনৰ লগত একাত্ম হৈ পৰিছে প্ৰতিজন কৃষক। বোকাময় পথাৰত চলিছে সৃষ্টিৰ আখৰা। আজৰি নাই গাঁৱৰ জীয়াৰী-বোৱাৰীৰো ৷ কাৰণ এয়া যে ভূঁই ৰোৱাৰ সময় ৷
নাঙলেৰে বোকাদিয়া আলতীয়া মাটিত শাৰী শাৰীকৈ ৰুইছে আশাৰ কঠীয়া। কৃষিজীৱী পৰিয়ালৰ ডেকা-বুঢ়াৰ পৰা আদি কৰি সকলো ব্যস্ত হৈ পৰিছে এতিয়া খেতিপথাৰত। ঢকুৱাখনাৰ গ্ৰামাঞ্চলৰ পথাৰসমূহতো দেখা পোৱা গৈছে একেই দৃশ্য৷ প্ৰখৰ ৰ’দকো নেওচি উদং পথাৰত ৰচিছে সেউজীয়া সপোন৷ বৰ্ষাই কৃষকৰ দুচকুত আশাৰ জোৱাৰ নমাই অনাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে খেতিপথাৰত এতিয়া ব্যস্ত ঢকুৱাখনাৰ কৃষকসকল। হাঁচটিত তামোল বান্ধি পাছে পাছে আকৌ আহিছে জাকে জাকে ৰোৱনী ৷
মূৰত জাপি, কান্ধত নাঙল-যুঁৱলি, হাতত হালুৱা এছাৰি আৰু বলদ হালক লৈ চিকুণ মনেৰে কৃষকসকল পুৱাতেই খোজ দিছে পথাৰলৈ। ভৰুণ পথাৰৰ সম্ভাৱনা বুকুত সাবটি আহাৰৰ বোকাময় পথাৰত হালোৱাই হাল বাইছে। ৰ’দ-বৰষুণক নেওচি কৃষকে নাঙলৰ সীৰলু ফালি চহাইছে উৰ্বৰা ধৰিত্ৰী। সপোনৰ কঠীয়া গুঁজি দি ৰোৱনীজনীও এতিয়া ব্যস্ত বোকাময় পথাৰত।পথাৰত আলি দিয়া, কঠীয়া তোলা, মৈ দিয়া আদি বিৰামহীন কামৰ মাজত ব্যস্ত হৈ পৰিছে গ্ৰামঞ্চলৰ ডেকা-বুঢ়া।
ভৰ দুপৰীয়া দেহৰ ঘাম মাটিত পেলাই চহ কৰা পথাৰত ভূঁই ৰোৱাত ব্যস্ত হৈ পৰিছে জাক জাক ৰোৱনী। কোনোবাজনীৰ মুখত বিহুনাম, ঐনিতমৰ কলি। মাজতে আকৌ হাঁচটিত বান্ধি নিয়া তামোল উলিয়াই মুখত লৈছে কোনোবাজনীয়ে। ৰ’দ-বৰষুণলৈ ভ্ৰূক্ষেপ নাই এইসকলৰ। খেতিয়েই এইসকলৰ জীৱিকাৰ একমাত্ৰ সম্বল। খেতিয়েই যে এইসকলৰ আশা-ভৰসাৰ থল। ইফালে, আধুনিকতাৰ ধামখুমীয়া আৰু যান্ত্ৰিকতাৰ কৰাল গ্ৰাসত পৰি ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে অসমীয়া চহা গ্ৰাম্য জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত নাঙল-মাটি-মানুহৰ সম্পৰ্ক।
পৰিৱৰ্তনৰ ধামখুমীয়াত পথাৰত নতুন প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱ পৰিছে যদিও ট্ৰেক্টৰ, পাৱাৰ টিলাৰৰ বিপৰীতে ঢকুৱাখনাৰ পথাৰে পথাৰে এতিয়াও সুলভ অনাদি কালৰ পৰা চলি অহা সেই নাঙল-মাটি -মানুহৰ অভিন্ন সম্পৰ্ক। পুৱাই কান্ধত নাঙল লৈ ওলাই আহে গাঁৱৰ কৃষকজন। গৰু পিঠিত হালোৱা এছাৰিৰে কোবাই খেদোৱাৰ শব্দত মুখৰ হৈ পৰে পথাৰখনো। ৰোৱনী-দাৱনীবোৰেও ওলাই আহিছে বুকুত অযুত সপোন লৈ বাৰিষা পানীৰে ভৰা পথাৰৰ বুকুত কঠীয়া ৰুই ভৱিষ্যতৰ সপোনবোৰ বাস্তৱ কৰিবলৈ ৷ সকলোৰে আশা- মূৰৰ ঘাম মাটিত পেলাই চহ কৰা কেঁচা মাটিত সৃষ্টি হ’ব সোণোৱালী সপোনৰ আশাৰ উদ্দীপনা। এইবছৰ আকৌ ধানেৰে ভঁৰাল চহকী হ’ব।