নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮ মেৰ পুৱাৰ পৰা চলিব মাজুলী নিমাতী ফেৰীসেৱাঃ অনলাইনযোগে ক্ৰয় কৰা টিকটৰ মূল্য ঘূৰাই দিবলৈ দাবী

নিয়মীয়া বাৰ্তা, ১৭ মে : নেৰানেপেৰা বৰষুণত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা ১৫ মে’ত মাজুলী জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে আভ্যন্তৰীন জলপৰিবহন বিভাগে বন্ধ কৰি ৰক্ষা মাজুলী-নিমাতী ঘাটৰ মাজৰ ফেৰীসেৱা কালিলৈ পূৱাৰ পৰা পূৰ্বৰ সময়সূচী অনুসৰি নিয়মীয়াকৈ চলাচল কৰিব বুলি আভ্যন্তৰীন জলপৰিবহন বিভাগে জানিবলৈ দিছে । বিভাগটোৰ কনিষ্ঠ অভিযন্তা ৰাতুল তামুলীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ামতে কালিলৈ পূৱা ৮ বজাত অফলামূখ ঘাটৰ পৰা নিমাতী ঘাটলৈ ৰ’ পেক্স জাহাজৰ সেৱা আৰম্ভ হব আৰু অন্যান্য ফেৰীসমুহ পূৰ্বৰ সময়সূচীমতে যাত্ৰা আৰম্ভ কৰিব । একেদৰে কমলাবাৰী-নিমাতী ঘাটৰ মাজতো পূৰ্বৰ সময়মতে ফেৰীসমুহ চলাচল আৰম্ভ হব । উল্লেখ যোগ্য যে, বহুতো যাত্ৰীয়ে ১৫ , ১৬ আৰু ১৭ মে’ৰ বাবে আগতীয়াকৈ গাড়ী, মটৰ চাইকেলসহ যাত্ৰীৰ বাবে টিকট অনলাইন যোগে সংগ্ৰহ কৰিছিল কিন্তু পানী বৃদ্ধিৰ বাবে বিভাগে ফেৰী সেৱা বন্ধ কৰি দিয়াত যাত্ৰীসকল পাৰাপাৰ হব নোৱাৰিলে আৰু তেওঁলোকে ক্ৰয় কৰা টিকটৰ মূল্যও ঘুৰাই নোপোৱাত যাত্ৰীসকল বিবুদ্ধিত পৰিছে । এনেক্ষেত্ৰত যাত্ৰীসকলে টিকটৰ মূল্য ঘুৰাই দিবলৈ মাজুলী জিলা প্ৰশাসন আৰু আভ্যন্তৰীন জলপৰিবহন বিভাগক দাবী জনাইছে ।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like