নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূব কামৰূপলৈ সন্মান কঢ়িয়ালে বিপ্লৱ চৌধুৰীয়েঃ আমেৰিকাৰ ভাৰ্জিনিয়া টেক ইউনিভাৰ্ছিটীৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ

নিয়মীয়া বাৰ্তা, ১৬ মেঃ আমেৰিকাৰ ভাৰ্জিনিয়া টেক ইউনিভাৰচিটিৰ পৰা ড° জেফ ৰীড আৰু ড° বিজয় শ্বাহৰ তত্ত্বাৱধানত ডক্টৰেট ডিগ্ৰী (পি এইচ ডি) লাভ কৰি পূৱ কামৰূপৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বিপ্লৱ চৌধুৰীয়ে৷ তেওঁৰ গৱেষণাৰ বিষয় আছিল ‘ ইনফৰমেশ্যন ফ্ৰেছনেছঃ হাউ টু এচিভ ইট এণ্ড ইটছ ইমপেক্ট অন ল’ লেটেন্সী অট’ন’মাছ ছিষ্টেমছ”৷ উল্লেখ্য যে বিপ্লৱ চৌধুৰীয়ে ২০০৯ চনত মহৰ্ষি বিদ্যা মন্দিৰ, বৰসজাইৰ পৰা মেট্ৰিক পৰীক্ষাত ৯৩’৮০ শতাংশ আৰু ২০১১ চনত আৰ্মী পাব্লিক স্কুল, নাৰেংগীৰ পৰা বিজ্ঞান শাখাত ৯১’২০ শতাংশ নম্বৰ লাভ কৰি ২০১৫ চনত শিলচৰস্থিতত নেচনেল ইন্সটিটিউট অৱ টেকন’লজিৰ “ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেছন” বিভাগৰ পৰা সুখ্যাতিৰে বি টেকত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত হায়দৰাবাদৰ “ব্ৰহ্মছ এৰ’স্পেচ”ত চিষ্টেমছ ইঞ্জিনীয়াৰ হিচাপে ২ বছৰ ৮ মাহ কাম কৰিছিল৷ তেওঁ জালুকবাৰী সমষ্টিৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত বেজেৰাৰ নিকটৱৰ্তী ভোমোলাহাটী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰয়াত নগেন্দ্ৰ নাথ চৌধুৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী প্ৰয়াত পবিত্ৰী বালা চৌধুৰীৰ নাতি তথা বৰ্তমান গুৱাহাটীৰ পাঞ্জাবাৰীৰ বিষ্ণুনগৰ নিৱাসী অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ নৰ্থ কামৰূপ টেৰিট’ৰিয়েল ৰোড ডিভিজন, পি ডব্লিউ ডি ৰঙিয়াৰ সহকাৰী কাৰ্যবাহী অভিযন্তা গিৰীশ চন্দ্ৰ চৌধুৰী আৰু পাণবজাৰৰ কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিশা চৌধুৰীৰ একমাত্ৰ পুত্ৰ৷

প্ৰেৰক হীৰকজ্যোতি কলিতা

You might also like