নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেজৰিৱালৰ পিছত আপ বিধায়ক গুলাব সিং যাদৱৰ বাসগৃহত ইডিৰ অভিযান

🔹 দিল্লী আবকাৰী নীতি কেলেংকাৰি

বিশেষ বাৰ্তা, ২৩ মার্চ : দিল্লী আবকাৰী নীতি কেলেংকাৰি সন্দর্ভত মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক গ্রেপ্তাৰ কৰাৰ পিছত আপৰ মাটিয়ালা সমষ্টিৰ বিধায়ক গুলাব সিং যাদৱৰ বাসগৃহত আজি অভিযান চলায় এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে৷ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্রেপ্তাৰ কৰাক লৈ ৰাজধানী দিল্লীৰ লগতে সমগ্র দেশত প্রতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে বিধায়ক যাদৱৰ বাসগৃহত ইডিৰ অভিযানে আন এক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ বিধায়কৰ বাসগৃহত ইডিয়ে অভিযান চলোৱাৰ সময়তে আপ চৰকাৰৰ মন্ত্রী তথা নেত্রী আতিচীয়ে ইডিৰ এই অভিযানক লৈ বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ সংবাদ মেল সম্বোধন কৰি মন্ত্রী আতিচিয়ে কয় যে দিল্লী আবকাৰী নীতি কেলেংকাৰিক লৈ ইডিয়ে অনেক নেতা–কর্মীৰ বাসগৃহত অভিযান চলাইছে৷ কিন্তু এতিয়ালৈকে ইডিয়ে কেলেংকাৰিক লৈ চলোৱা অভিযানত ধনৰ লেনেদেন হোৱা এটাও তথ্য উলিয়াব পৰা নাই৷ অর্থাৎ ইডি ধনৰ লেনদেনৰ তথ্য সংগ্রহ কৰাত ব্যর্থ হৈছে৷ দুবছৰ ধৰি আবকাৰী নীতি কেলেংকাৰিক লৈ তদন্ত কৰি থকা কেন্দ্রীয় সংস্থা ইডিয়ে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ পূর্বে উপ-মুখ্যমন্ত্রী মনীষ চিছোদিয়া আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্রেপ্তাৰ কৰিছে যদিও অবৈধ ধনৰ লেনদেন সন্দর্ভত কোনো তথ্য সংগ্রহ কৰিব পৰা নাই৷ উল্লেখ্য যে দিল্লী আবকাৰী নীতি কেলেংকাৰিৰ সৈতে সর্ম্পকিত পিএমএলএৰ অধীনত যোৱা ২১ মার্চৰ নিশা মুখ্যমন্ত্রীৰ বাসগৃহৰ পৰা ইডিয়ে কেজৰিৱালক গ্রেপ্তাৰ কৰিছিল৷ কালি দিল্লীৰ ৰাউজ এভিনিউ ক’ৰ্টত হাজিৰ কৰাৰ পিছত কেজৰিৱালক ২৮ মার্চলৈ ইডিৰ জিম্মাত দিয়ে৷ আনপিনে, বিজেপিয়ে মুখ্যমন্ত্রী কেজৰিৱালৰ গ্রেপ্তাৰে দলটোৰ দুর্নীতি প্রমাণিত কৰিছে বুলি দাবী কৰাৰ লগতে দিল্লীৰ বিজেপি সাংসদ মনোজ তিৱাৰীয়ে কেজৰিৱালৰ গ্রেপ্তাৰক লৈ দিল্লীবাসীৰ কোনো সহমর্মিতা নাই বুলি মন্তব্য কৰিছে৷ আনকি দিল্লীবাসীয়ে কেজৰিৱালৰ গ্রেপ্তাৰৰ বিষয়ে আলোচনা নকৰা বুলিও মন্তব্য কৰিছে তিৱাৰীয়ে৷

You might also like