নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায় ব্যৱস্থাৰ নতুন অধ্যায়

ব্রিটিছ ঔপনিৱেশিক সময়ছোৱাত প্রৱর্তন হোৱা দেশৰ ন্যায়িক ব্যৱস্থাৰ আমূল সংশোধনেৰে অহা ১ জুলাইৰ পৰা কার্যকৰী হ’ব অভিন্ন ন্যায় সংহিতা (ইউ চি চি)৷ ইংৰাজৰ আমোলৰ অপৰাধমূলক আইন ব্যৱস্থাৰ ব্যাপক সংশোধনেৰে তিনিখন নতুন আইন ক্রমে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ অধিনিয়ম সংসদৰ উভয় সদনত গৃহীত হোৱাৰ পিছত ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে ২০২৩ৰ ২৫ ডিচেম্বৰত স্বাক্ষৰ কৰিছে৷ নতুনকৈ প্রণয়ন হোৱা অপৰাধ নিয়ন্ত্রণ আইন তিনিখনক অহা ১ জুলাইৰ পৰা দেশজুৰি বলৱৎ কৰিবলৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ে ২৪ ফেব্রুৱাৰীত আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে৷ অভিন্ন ন্যায় সংহিতাৰ অধীনত নতুন ন্যায় ব্যৱস্থাৰ জৰিয়তে দেশৰ নাগৰিকসকলক ‘এক দেশ অভিন্ন ন্যায়’ প্রদান কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ অভিন্ন ন্যায় সংহিতা কার্যকৰীকৰণৰ লগে লগে দেশত বলৱৎ থকা ভাৰতীয় দণ্ডবিধি (আইপিচি)–১৮৬০, ফৌজদাৰী প্রক্রিয়া বিধি (চিআৰপিচি)–১৮৯৬ আৰু ভাৰতীয় প্রমাণ আইন–১৮৭২ আইন তিনিখন স্থলাভিষিক্ত হ’ব৷ দেশৰ নাগৰিকসকলৰ সম অধিকাৰ নিশ্চিত কৰাৰ লক্ষ্যৰে অভিন্ন ন্যায় সংহিতা কার্যকৰী কৰিবলৈ কেন্দ্রীয় চৰকাৰে তৎপৰতা গ্রহণ কৰা বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰিছে৷ যোৱা ২৬ জানুৱাৰীত ‘নিয়মীয়া বার্তা’ৰ স’তে আছুতীয়া সাক্ষাৎকাৰত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে অভিন্ন ন্যায় সংহিতা সন্দর্ভত এক দীঘলীয়া ব্যাখ্যা আগবঢ়াইছে৷ ব্রিটিছ ঔপনিৱেশিক মানসিকতাৰ অৱসান ঘটাই দেশত ন্যায় ব্যৱস্থাৰ আমূল পৰিৱর্তনত অভিন্ন ন্যায় সংহিতাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব বুলি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে সদৰী কৰিছে৷ দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰীয়া সময়ছোৱাত আমাৰ প্রতিটো বিভাগতে ব্যাপক সংস্কাৰ হৈছে৷ এই সময়ছোৱাত আমাৰ দেশৰ ন্যায় ব্যৱস্থাৰো সংস্কাৰ হৈছে৷ কিন্তু বিগত প্রায় ডেৰ দশক ধৰি দেশত প্রৱর্তন হৈ থকা আইন ব্যৱস্থাৰ মূল ভেটিৰ সংস্কাৰ হোৱা নাছিল৷ প্রচলিত আইন ব্যৱস্থাই সমাজৰ পিছপৰা শ্রেণীৰ লোকসকলক ন্যায় প্রদান কৰাত ব্যর্থ হৈছে৷ দুখীয়া আৰু পিছপৰা শ্রেণীৰ লোকসকলে ন্যায় ব্যৱস্থাৰ সুবিধা লাভ কৰাৰ বিপৰীতে সমাজৰ ধনৱান আৰু প্রভাৱশালী অপৰাধীসকলে আইনী সুৰুঙাৰে নিজকে মুক্ত কৰিবলৈ সুযোগ উলিয়াই লৈছিল৷ এনে ব্যৱস্থাৰ ফলত অপৰাধ নিয়ন্ত্রণত নিত্য নতুন প্রত্যাহ্বান সৃষ্টি হোৱাই নহয়, অপৰাধজনিত ঘটনা দিনকদিনে বৃদ্ধিহে হৈছে৷ দেশৰ স্বাধীনতাৰ অমৃত কালত ব্রিটিছ ঔপনিৱেশিক আৰু গোলামীৰ মানসিকতাৰ পৰিৱর্তনৰ জৰিয়তে অভিন্ন ন্যায় সংহিতা দেশজুৰি বলৱৎ হ’লে দেশৰ ন্যায় ব্যৱস্থাত এক আমূল পৰিৱর্তন আহিব বুলি আশা কৰিব পাৰি৷ অহা ১ জুলাইৰ পৰা দেশজুৰি অভিন্ন ন্যায় সংহিতা কার্যকৰী কৰিবলৈ কেন্দ্রীয় চৰকাৰে পদক্ষেপ গ্রহণ কৰাৰ সময়তে দেশৰ নতুন ন্যায় ব্যৱস্থাক লৈ ৰাজনীতিকৰণ কৰা হৈছে৷ যিহেতু আইন–শৃংখলা আৰু অপৰাধ নিয়ন্ত্রণ ৰাজ্য চৰকাৰসমূহৰ এক্টিয়াৰভুক্ত, সেয়ে কেন্দ্রীয় চৰকাৰে নতুন ন্যায়িক ব্যৱস্থা কার্যকৰীকৰণৰ ক্ষেত্রত ৰাজ্য চৰকাৰসমূহৰ ভূমিকা গুৰুত্বপূর্ণ হ’ব৷ আগন্তুক লোকসভা নির্বাচনলৈ মাজত মাথোঁ এমাহ বাকী৷ নতুন ন্যায়িক ব্যৱস্থা কার্যকৰী কৰিবলৈ বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ তৎপৰ হৈছে৷ ইতিমধ্যে বিজেপিশাসিত গুজৰাট আৰু উত্তৰাখণ্ড ৰাজ্যই অভিন্ন ন্যায় সংহিতা বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে৷
অসম চৰকাৰেও অভিন্ন ন্যায় সংহিতা কার্যকৰীকৰণৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে ২৩ ফেব্রুৱাৰীত অসমত মুছলিম বিবাহ আৰু বিচ্ছেদ আইনখন বিলুপ্ত কৰাৰ সিদ্ধান্ত লৈছে৷ ১৯৩৫ত ব্রিটিছ আমোলত প্রণয়ন হোৱা অসম মুছলিম বিবাহ আৰু বিচ্ছেদ আইনখন অসম মন্ত্রীসভাই বাতিল কৰি মুছলিম বিবাহৰ স’তে জড়িত ৯৪জন কাজিক ২ লাখ টকাকৈ বিত্তীয় সাহায্য আগবঢ়োৱাৰ প্রস্তাৱ লৈছে৷ ব্রিটিছ আমোলৰ পৰা প্রৱর্তিত আইনখন বিলুপ্তকৰণৰ জৰিয়তে অসম চৰকাৰে অভিন্ন ন্যায় সংহিতা বলৱৎ কৰাৰ দিশে অগ্রসৰ হৈছে৷ ইয়াৰ বিপৰীতে অবিজেপি দলৰ চৰকাৰ থকা ৰাজ্যসমূহে অভিন্ন ন্যায় সংহিতা কার্যকৰী কৰিবলৈ কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ ইয়াৰ মূলতেই হ’ল সন্মুখত থকা লোকসভা নির্বাচনৰ ক্ষমতাৰ অংক৷ ৰাজনৈতিক দলসমূহৰ মাজত ইছ্যুভিত্তিক মতবিৰোধ থাকিলেও দেশৰ নতুন ন্যায়িক ব্যৱস্থাক লৈ এনে বিৰোধ কেতিয়াও কাম্য নহয়৷ দেশবাসীক ন্যায় ব্যৱস্থাৰ সম সুবিধা প্রদান কৰিবলৈ হ’লে অভিন্ন ন্যায় সংহিতা কার্যকৰী কৰাটো অতি প্রয়োজন৷ আমাৰ ন্যায় ব্যৱস্থাত এতিয়াও ভিন্নতা বিৰাজমান৷ বিগত ডেৰ দশকজোৰা আমাৰ ন্যায় ব্যৱস্থাত ঘাইকৈ তিনিটা ধাৰাই নিয়ন্ত্রণ কৰি আছে৷ সেয়া হ’ল ব্রিটিছ আইন ব্যৱস্থা, লেটিন ন্যায়িক পৰম্পৰা আৰু ভাৰতীয় ন্যায়িক পৰম্পৰা৷ ইয়াৰ উপৰি ৰাজ্যভিত্তিক, ধর্মভিত্তিক আৰু জনগোষ্ঠীভিত্তিক ন্যায়িক ব্যৱস্থাও অব্যাহত আছে৷ আমাৰ দেশত হিন্দু আৰু মুছলমানৰ বাবে এতিয়াও সুকীয়া ন্যায়িক ব্যৱস্থা বিৰাজমান৷ বিশেষকৈ বিবাহকে ধৰি সম্পত্তিৰ উত্তৰাধিকাৰ আদি বিষয়ত এই সুকীয়া আইন ব্যৱস্থা অব্যাহত আছে৷ ইয়াৰ লগে লগে উত্তৰ–পূর্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত ভূমিপুত্রসকলৰ নিজস্ব পৰম্পৰা আৰু ৰীতিৰ ভিত্তিত ন্যায়িক ব্যৱস্থা বহু পৰিমাণে নির্ভৰশীল৷ ইয়াৰ উপৰি ১৮৬৭ৰ পর্তুগীজ চিভিল ক’ডৰ অধীনত গোৱা, দমন আৰু ডিউৰ খ্রীষ্টানসকলৰ সুকীয়া ন্যায় ব্যৱস্থা আছে৷ এনে ভিন্নতাৰ মাজতো দেশজুৰি ন্যায়িক ব্যৱস্থাৰ আমূল পৰিৱর্তন কৰাৰ লক্ষ্যৰে অভিন্ন ন্যায় সংহিতা ৰূপায়ণ কৰাটো নিশ্চিতভাৱে এক প্রত্যাহ্বান ৷ কিয়নো দেশৰ সংবিধানৰ ২৫ অনুচ্ছেদৰ পৰা ২৮ অনুচ্ছেদলৈ ভূমিপুত্রসকলৰ এনে অধিকাৰ আৰু পৰম্পৰাক অধিকাৰ প্রদান কৰিছে৷ কিন্তু দেশৰ খিলঞ্জীয়া তথা ভূমিপুত্রসকলৰ অধিকাৰ খর্ব কৰা লক্ষ্য নহয় অভিন্ন ন্যায় সংহিতাৰ৷ ইয়াৰ বিপৰীতে নতুন আইন ব্যৱস্থাৰ অধীনত সকলোকে সংস্কাৰপূর্ণ ন্যায় ব্যৱস্থাৰ জৰিয়তে উপকৃত কৰাৰ অভিযানহে আৰম্ভ হৈছে৷ দেশখনত অপৰাধ নিয়ন্ত্রণৰ বাবে অভিন্ন ন্যায় সংহিতাৰ অধীনত তিনিওখন নতুন আইনত কেতবোৰ কঠোৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ ইয়াৰ ভিতৰত যিকোনো অপৰাধ ঘটনাৰ ১৮০ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰাটো বাধ্যতামূলক কৰা হৈছে৷ অভিযুক্তক আটক আৰু জেৰাৰ ক্ষেত্রত কেতবোৰ নতুন নিয়ম বান্ধি দিয়া হৈছে৷ আদালতৰ বিচাৰক নিযুক্তিৰ ক্ষেত্রতো কেতবোৰ নতুন পদক্ষেপ গ্রহণ কৰা হৈছে৷ ইয়াৰ উপৰি নতুন তথ্য প্রযুক্তিৰ অধীনত গোচৰসমূহৰ তদন্ত আৰু অভিযোগনামা দাখিলত অধিক গুৰুত্ব প্রদান কৰা হৈছে৷ এনে ব্যৱস্থা কার্যকৰী হ’লে নিশ্চিতভাৱে বছৰ বছৰ ধৰি তদন্ত আৰু অভিযোগনামা দাখিল নোহোৱাকৈ থকা গোচৰৰ বিপৰীতে নতুন গোচৰসমূহৰ তদন্তই ক্ষিপ্র গতি লাভ কৰাৰ আশা আছে৷ গোচৰৰ তদন্ত যিমানেই বিলম্ব হ’ব, তদন্তকাৰী বিষয়াই অভিযোগনামা দাখিল কৰোঁতে যিমানেই দেৰি কৰিব অপৰাধীয়ে সিমানেই সুবিধা লাভ কৰিব৷ অভিন্ন ন্যায় সংহিতাৰ অধীনত অপৰাধীয়ে পূর্বৰ দৰে সুবিধা লাভ কৰাৰ আশা তেনেই কম৷ সেয়ে অভিন্ন ন্যায় সংহিতা শীঘ্রে কার্যকৰী হোৱাটো দেশবাসীৰ মংগলৰ বাবে কাম্য৷

You might also like