নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলত আবদ্ধ কৰি ৰাখিছে অসম-পশ্চিমবংগৰ বহু যুৱকক

🔹 উত্তৰ প্রদেশৰ দীপক সিঙক উদ্ধাৰৰ পিছতে বিস্ফোৰক তথ্য পোহৰলৈ

চুবুৰীয়া ৰাজ্য অৰুণাচলত দেশৰ ভিন্ন প্রান্তৰ বহুসংখ্যক লোকক শ্রমিকৰ কাম কৰাৰ সুযোগ দিয়াৰ প্রলোভনেৰে মানৱ সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ কিমান বছৰ ধৰি এই কার্য চলি আহিছে, সেয়া স্পষ্ট নহ’লেও মুঠৰ ওপৰত শ্রমিকৰ নামত যে আন এক অনৈতিক কাণ্ড সংঘটিত হৈছে সেয়া উদ্ধাৰ হোৱা এক শ্রমিকৰ দ্বাৰা পোহৰলৈ আহিছে৷

অসমত থকা শহুৰেকৰ ঘৰলৈ গৈ দালালৰ ৰোষত পৰি বিগত ছমাহে অৰুণাচলত আবদ্ধ হৈ থকা উত্তৰ প্রদেশৰ এজন যুৱকক উদ্ধাৰ কৰে ডিব্রুগড় আৰক্ষীয়ে৷ বৃহৎ ধনৰ বিনিময়ত দালালে উত্তৰ প্রদেশৰ দীপক সিঙক অৰুণাচলৰ এটা ঠিকাদাৰী প্রতিষ্ঠানক গতাই দিছিল৷ উত্তৰ প্রদেশৰ আগ্রাৰ ২৩ বছৰীয়া দীপক সিঙে ছমাহ পূর্বে মৰাণৰ শহুৰেকৰ ঘৰলৈ আহিছিল৷ তেতিয়াই ৰাজা চাউৰীয়া নামৰ দালালজনৰ সৈতে কর্মৰ সন্ধানত দীপক সিঙে অৰুণাচলৰ আপাৰ চিয়াং জিলাৰ টাকচিন নামৰ ঠাইলৈ যায়৷

কিন্তু উত্তৰ প্রদেশৰ যুৱকজনক অৰুণাচলতে থৈ উভতি আহে চতুৰ ৰাজা চাউৰীয়া৷ ফলত মাহ মাহ ধৰি ঠিকাদাৰৰ শাৰীৰিক অত্যাচাৰ তথা মানসিক নির্যাতনৰ সন্মুখীন হ’বলগীয়া হৈ আহিছিল৷ ঘৰলৈ উভতি আহিব খোজা দীপক সিঙক ভয়–ভাবুকিৰে থাকিবলৈ বাধ্য কৰোৱা হৈছিল৷ আনকি বহুবাৰ পলায়নৰো চেষ্টা কৰিছিল দীপক সিঙে৷ কিন্তু আদবাটৰ পৰা পুনৰ ধৰি আনি কামত নিয়োজিত কৰে দালালে৷

অৱশেষত যুৱকজনে কোনোমতে পৰিয়ালৰে যোগাযোগ কৰাত পৰিয়ালৰ লোকে আইনৰ আশ্রয় লয়৷ পৰৱর্তী সময়ত ডিব্রুগড় জিলা আইনী সেৱা প্রাধিকৰণৰ তৎপৰতাত ডিব্রুগড় আৰু অৰুণাচল আৰক্ষীৰ সহযোগত যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উত্থাপিত অভিযোগ অনুসৰি, অৰুণাচলত বর্তমানো আবদ্ধ হৈ আছে অসমৰ বহু যুৱক৷ দালাল চক্রত পৰি মাহ মাহ ধৰি আবদ্ধ হৈ বিভিন্ন কামত শাৰীৰিক নির্যাতনৰ মাজেৰে কাম কৰিবলগীয়া হৈছে৷ আনহাতে, তাত পশ্চিমবংগৰো বহু যুৱক আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে৷

বিশেষ বার্তা, ডিব্রুগড়, ২৭ ডিচেম্বৰ :

You might also like