নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছেজৰ চতুৰ্থ টেষ্ট : শক্তিশালী প্রত্যাৱৰ্তনেৰে ইংলেণ্ডৰ ঐতিহাসিক জয়

ইংলেণ্ডে এছেজ শৃংখলাৰ চতুৰ্থ টেষ্টত অষ্ট্ৰেলিয়াক ৪ উইকেটত পৰাজিত কৰিছে। মেচৰ দ্বিতীয় দিনা অষ্ট্ৰেলিয়াই ইংলেণ্ডৰ সন্মুখত ১৭৫ ৰানৰ লক্ষ্য ৰাখিছিল, যাক ইংলেণ্ডে ৬টা উইকেট হেৰুৱাই সফলতাৰে অৰ্জন কৰে। মেলবৰ্ণ ক্রিকেট গ্ৰাউণ্ডত অনুষ্ঠিত এই মেচত অষ্ট্ৰেলিয়া দ্বিতীয় ইনিংছত ১৩২ ৰানতে অলআউট হয়। ইয়াৰ আগতে অষ্ট্ৰেলিয়া প্ৰথম ইনিংছত ১৫২ ৰানতে সীমাবদ্ধ হৈছিল, আনহাতে ইংলেণ্ডে প্ৰথম ইনিংছত মাত্ৰ ১১০ ৰানহে সংগ্ৰহ কৰিব পাৰিছিল। ফলত প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ৪২ ৰানৰ অগ্ৰগতি লাভ কৰিছিল, কিন্তু দ্বিতীয় ইনিংছত ইংলেণ্ডে দৃষ্টান্তমূলক প্ৰত্যাৱৰ্তন ঘটাই মেচখন নিজৰ নামত তুলিলে।

১৭৫ ৰানৰ লক্ষ্য অনুসৰণ কৰোঁতে ইংলেণ্ডে দ্বিতীয় ইনিংছত ভাল আৰম্ভণি লাভ কৰে। দলটোৰ প্ৰথম উইকেট ৫১ ৰানত পৰে। মিচেল ষ্টাৰ্কে বেন ডাকেটক ক্লিন বোল্ড কৰে। ডাকেটে ২৬ বলত ৩৪ ৰান সংগ্ৰহ কৰে। ব্ৰাইডেন ছয় ৰানত জে ৰিচাৰ্ডছনৰ বলত আউট হয়। ইয়াৰ পিছত জেক ক্ৰ’লী আৰু জেকব বেথেলে তৃতীয় উইকেটৰ বাবে ৪৭ ৰানৰ গুৰুত্বপূৰ্ণ জুটি গঢ়ি ইংলেণ্ডৰ অৱস্থা মজবুত কৰে। ক্ৰ’লীয়ে ৪৮ বলত ৩৭ ৰান কৰি আউট হয়। তাৰ পিছত ৰুট আৰু বেথেলৰ মাজত ২৫ ৰানৰ যুটি গঢ়ে। বেথেল ৪০ ৰানত আউট হয়, আনহাতে ৰুটে ১৫ ৰান কৰে। অধিনায়ক বেন ষ্ট’কছ মাত্ৰ ২ ৰানতে সীমাবদ্ধ থাকে। হেৰী ব্ৰুক ১৮ ৰান আৰু জেমী স্মিথ ৩ ৰান কৰি অপৰাজিত থাকে। অষ্ট্ৰেলিয়াৰ হৈ ষ্টাৰ্ক, ৰিচাৰ্ডছন আৰু ব’লেণ্ডে ২টা কৈ উইকেট লাভ কৰে।

ইয়াৰ আগতে দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াৰ হৈ ট্ৰেভিছ হেডে সৰ্বাধিক ৪৬ ৰান সংগ্ৰহ কৰে। অধিনায়ক ষ্টিভ স্মিথ ২৪ ৰানত অপৰাজিত থাকে আৰু কেমেৰন গ্ৰীনে ১৯ ৰান যোগ কৰে। দলটোৰ ৮জন বেটছমেনে দহ ৰানৰ সীমাও পাৰ কৰিব নোৱাৰিলে, যাৰ ভিতৰত ৩জন শূন্য ৰানত আউট হয়। ইংলেণ্ডৰ হৈ ব্ৰাইডন কাৰ্ছে উৎকৃষ্ট বলিং প্ৰদৰ্শন কৰি ৪টা উইকেট দখল কৰে।

বক্সিং ডে টেষ্টৰ দ্বিতীয় দিনা ইংলেণ্ডৰ দ্ৰুত বলাৰ গাছ এটকিনছন আহত হৈ খেলপথাৰ এৰিবলগীয়া হয়। দ্বিতীয় দিনাৰ প্ৰথম ছেশ্যনত তেওঁৰ বাঁও হেমষ্ট্ৰিঙত টান লাগিছিল। পুৱাতে এটকিনছনে নাইটৱাচমেন স্কট ব’লেণ্ডৰ উইকেট দখল কৰিছিল, কিন্তু পঞ্চম অ’ভাৰৰ শেষ বলটো দিয়াৰ সময়ত তেওঁ অসুবিধা অনুভৱ কৰে। বল দিয়াৰ পিছতেই তেওঁ বাঁও উৰু ধৰি চিকিৎসাৰ বাবে ড্ৰেছিং ৰুমলৈ যায়।

তেওঁৰ স্থানত বিকল্প ফিল্ডাৰ হিচাপে অ’লি পোপক নামোৱা হয়। লাঞ্চৰ পিছত এটকিনছন পুনৰ খেলপথাৰলৈ উভতি নাহিল। এই টেষ্টৰ প্ৰথম দিনা এটকিনছনে ১৪ অ’ভাৰত ২৮ ৰান দি ২টা উইকেট লাভ কৰিছিল।

অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত এছেজ শৃংখলাৰ চতুৰ্থ টেষ্ট মেলবৰ্ণত অনুষ্ঠিত হৈছিল। শুকুৰবাৰে অনুষ্ঠিত মেচৰ প্ৰথম দিনা ইংলেণ্ডে টছ জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। অষ্ট্ৰেলিয়া প্ৰথম ইনিংছত ১৫২ ৰানতে অলআউট হয়, আনহাতে ইংলেণ্ডে মাত্ৰ ১১০ ৰান সংগ্ৰহ কৰে। ফলত প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ৪২ ৰানৰ অগ্ৰগতি লাভ কৰে।

অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছ ৪৫.২ অ’ভাৰত আৰু ইংলেণ্ডৰ প্ৰথম ইনিংছ ২৯.৫ অ’ভাৰত শেষ হয়। অৰ্থাৎ ৭৫.১ অ’ভাৰত মুঠ ২০টা উইকেট পতন ঘটে। এয়া যোৱা ১২৩ বছৰত প্ৰথমবাৰৰ বাবে এছেজত মেলবৰ্ণত প্ৰথম দিনতেই ইমানসংখ্যক উইকেট পতন ঘটিল। ইয়াৰ পূৰ্বে ১৯০১-০২ চনত প্ৰথম দিনা ২৫টা উইকেট পতন ঘটিছিল।

উল্লেখ্য যে চলিত এছেজ ইতিমধ্যে ইংলেণ্ডে হেৰুৱাইছে যদিও সন্মানৰ যুঁজত প্ৰাণপণে লাগিছে ইংলেণ্ডে।

ডিজিটেল ডেস্ক, ২৭ ডিচেম্বৰ

You might also like