নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাটাৰ বিশ্বকাপৰ ফাইনেল মেচঃ লুছেইল ষ্টেডিয়ামৰ আসন ৮০ হাজাৰঃ ফাইনেলৰ টিকট লাগে ৩০ লাখক

নিয়মীয়া বাৰ্তা, ৬ মেঃ এই বছৰৰ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া কাটাৰ বিশ্বকাপক লৈ এতিয়াৰ পৰাই আৰম্ভ হৈছে উন্মাদনা৷ বিশ্বৰ বিভিন্ন প্রান্তৰ দর্শক–অনুৰাগীয়ে কাটাৰত উপস্থিত হৈ মেচ উপভোগ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷ প্রতিযোগিতাখনৰ ফাইনেল খেলখনক লৈ অধিক আগ্রহ দেখা গৈছে অনুৰাগীৰ মাজত৷ অন্য মেচতকৈ চূড়ান্ত খেলখনৰ বাবে দর্শকে টিকট বিচাৰি হেতা–ওপৰা লগাইছে৷ ফিফাৰ তৰফৰ পৰা জনোৱা মতে, প্রতিযোগিতাখনৰ খিতাপৰ যুঁজ প্রত্যক্ষ কৰাৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ ৩০ লাখ দর্শকে টিকটৰ বাবে আবেদন জনাইছে৷ দুমাহ ধৰি চলিবলগীয়া প্রতিযোগিতাখনৰ সময়ত সমৱেত হ’বলগীয়া লাখ লাখ অনুৰাগীক নিয়ন্ত্রণ কৰাক লৈও ক্ষুদ্র দেশখনৰ প্রশাসন বিমোৰত পৰিছে৷ সংবাদ মাধ্যমক ফিফাই জনোৱা মতে, আর্জেণ্টিনা আৰু মেক্সিকোৰ মাজত ২৬ নৱেম্বৰত খেলিব লগা মেচখন উপভোগ কৰিবলৈ ২.৫ মিলিয়ন অনুৰাগীয়ে টিকটৰ বাবে আবেদন জনাইছে৷ এই মেচখনৰ লগতে ফাইনেলখন অনুষ্ঠিত হ’ব লগা লুছেইল ষ্টেডিয়ামৰ দর্শকৰ সংখ্যা ৮০ হাজাৰ৷ ইপিনে ইংলেণ্ড আৰু আমেৰিকাৰ মাজত আল বায়ট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখন ১.৪ মিলিয়ন অনুৰাগীয়ে উপভোগ কৰাৰ আশা কৰিছে৷ এইখন ষ্টেডিয়ামৰ দর্শকৰ আসন ৬০ হাজাৰ৷

You might also like