নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্চৰ প্রথম সপ্তাহত অগপ বিজেপি মিত্রজোঁটৰ প্রার্থী তালিকা

নিয়মীয়া বাৰ্তা ২৭ ফেব্ৰুৱাৰীঃ  অসম গণ পৰিষদকে ধৰি মিত্রজোঁটৰ অন্যান্য দলসমূহৰ সৈতে এইপর্যন্ত সমাগত নির্বাচনৰ আসন ভাগ–বাটোৱাৰা সন্দর্ভত কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই বিজেপিৰ৷ বিভিন্ন মাধ্যমত যিবোৰ খবৰ ওলাই আছে, সেইবোৰৰ প্রকৃতার্থত কোনো ভিত্তি নাই৷ কাৰণ আসন বুজাবুজি সন্দর্ভত আলোচনা হ’ব ৰাষ্ট্রীয় পর্যায়ত৷ য’ত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি, ৰাজ্যিক সভাপতি আৰু মিত্রদলসমূহৰ সভাপতিসকল মিলিত হৈ আসন বুজাবুজি সন্দর্ভত আলোচনা কৰি চূডান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ –এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ৷ আজি বজালী জিলা সদৰ পাঠশালাত বৰপেটা আৰু বজালী জিলা প্রশাসনৰ উদ্যোগত অসম দর্শন আঁচনিৰ চেক প্রদান অনুষ্ঠানত অংশগ্রহণ কৰি সাংবাদিকৰে হোৱা বার্তালাপত বিজেপিৰ সভাপতিগৰাকীয়ে উক্ত মন্তব্য কৰে৷ পাঠশালাৰ আজাদ ভৱনত বৰপেটা আৰু বজালী জিলাৰ বিভিন্ন ঠাইৰ মুঠ ১২৯টা নামঘৰলৈ ৰঞ্জিত দাসে ২ লাখ টকাকৈ প্রদান কৰে৷ বৰপেটাৰ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মাই আঁত ধৰা অনুষ্ঠানটোত বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্র শর্মা আৰু বজালী জিলাৰ উপায়ুক্ত ভৱানীপ্রসাদ শর্মাই ৰাজ্য চৰকাৰৰ বিভিন্ন জনহিতকৰ আঁচনি সন্দর্ভত বক্তব্য প্রদান কৰে৷ বিজেপিৰ ৰাজ্যিক মুখপাত্র ফণী পাঠক, বজালী জিলা বিজেপিৰ সভাপতি নগেন চৌধুৰী আদি উপস্থিত থকা অনুষ্ঠানৰ অন্তত দাসে সাংবাদিকৰ আগত আৰু কয় যে অহা মার্চ মাহৰ প্রথম সপ্তাহত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হ’ব আৰু তাৰ পাছতে আসনৰ চূডান্ত তালিকা প্রকাশ কৰা হ’ব৷ এই সন্দর্ভত কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য প্রদান কৰি ৰঞ্জিত দাসে কয় যে ভাৰতীয় জনতা পার্টী সমাগত নির্বাচনৰ বাবে সম্পূর্ণ সাজু৷ অহা সাত দিনৰ ভিতৰত অসম বিধানসভাৰ নির্বাচন অনুষ্ঠিত কৰিলেও বিজেপি সম্পর্ণ সাজু বুলি জানিবলৈ দি দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে অসমৰ মুঠ ৮ হাজাৰ সত্র–নামঘৰলৈ ৰাজ্য চৰকাৰৰ পৰা ২ লাখ টকাকৈ আর্থিক অনুদান আগবঢ়োৱা কাম আজি শেষ হোৱা বুলিও ব্যক্ত কৰে৷ আনহাতে, বি পি এফপ্রধান হাগ্রামা মহিলাৰীয়ে দিয়া চেলেঞ্জ সন্দর্ভত সাংবাদিকে কৰা প্রশ্ণৰ প্রত্যুত্তৰত বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে চৰকাৰৰ কথা সুকীয়া৷ কিন্তু বিজেপিৰ কোনো দলৰ লগত মিত্রতা নাই আৰু নাথাকে৷ বি পি এফৰ মন্ত্রীক খেদি দিয়া–নিদিয়া সন্দর্ভতো মন্তব্য কৰি তেওঁ কয় যে কাৰোবাৰ যদি লাজ আছে, তেওঁলোকে নিজে নিজেই আঁতৰি আহিব পাৰে৷
সংসদীয় সমিতিয়েহে শেষ সিদ্ধান্ত ল’ব, মুখ্যমন্ত্রীয়েও টিকট দিব নোৱাৰেঃ ৰঞ্জিত দাস
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল বা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস কোনেও বিজেপি দলৰ প্রার্থিত্ব প্রদান কৰিব নোৱাৰে৷ দলৰ সংসদীয় সমিতিয়েহে প্রার্থিত্ব সম্পর্কীয় চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ আজি নিজ মুখেৰে এই কথা সদৰী কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে৷ সংবাদ মাধ্যমৰে হোৱা বার্তালাপত ৰঞ্জিত কুমাৰ দাসে কয় যে দলৰ এখন সংসদীয় সমিতি আছে৷ ৰাজ্যিক সমিতিয়ে দলীয় নেতাৰ কামৰ খতিয়ান সংসদীয় সমিতিলৈ প্রেৰণ কৰিব৷ তেওঁলোকে পর্যালোচনা কৰিহে প্রার্থী বাছনি প্রক্রিয়া আৰম্ভ কৰিব৷ ছার্ভে ৰিপ’টত যাৰ নাম প্রথমতে থাকে, তেৱেঁই প্রার্থিত্ব লাভ কৰিব৷ ব্যক্তিগতভাৱে মুখ চাই টিকট দিব পৰা নাযায়৷ বিজেপিত আভ্যন্তৰীণ গণতন্ত্র আছে বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে ছার্ভে ৰিপ’টসমূহৰ পর্যালোচনা কৰি ৭ৰ পৰা ১০ মার্চৰ ভিতৰত প্রার্থী তালিকা চূড়ান্ত কৰা হ’ব৷ ইপিনে সৰভোগৰ পৰাই এইবাৰো নির্বাচনত অৱতীর্ণ হ’বনে বুলি সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত তেওঁ কয় যে সভাপতি হিচাপে ১২৬টা সমষ্টিৰ ভিতৰত যিকোনো এটা সমষ্টিৰ পৰাই তেওঁ নির্বাচনত অৱতীর্ণ হ’ব পাৰে৷

You might also like