নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএছএলৰ প্লে অফত নর্থ ইষ্ট ইউনাইটেড

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ ইণ্ডিয়ান ছুপাৰ লীগৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে প্লে অফলৈ যোগ্যতা অর্জন কৰিছে নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে৷ গোৱাৰ তিলক ময়দানত আজি অনুষ্ঠিত গ্রুপ পর্যায়ৰ এখন মেচত উত্তৰ–পূবৰ দলটোৱে কেৰালা ব্লাষ্টার্ছ এফ চিক ২–০ গ’লত পৰাস্ত কৰি আই এছ এলৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিবলৈ সক্ষম হয়৷ এই মুহূর্তত নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে আঠখন মেচত জয়, ৯খনত ড্র আৰু তিনিখনত পৰাজয়েৰে মুঠ ৩৩ পইণ্টেৰে তৃতীয় স্থানত আছে৷ এ টি কে মোহন বাগান আৰু মুম্বাই চিটীয়ে ক্রমে প্রথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰি ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ প্লে অফত স্থান সুৰক্ষিত কৰিবলৈ মাত্র এক পইণ্টৰ প্রয়োজন থকা অৱস্থাত নর্থ ইষ্ট ইউনাইটেডে আজি আৰম্ভণিৰে পৰা আক্রমণাত্মক খেল প্রদর্শন কৰি চমকপ্রদ সাফল্য লাভ কৰে৷

দলটোৱে ৩৪ মিনিটত প্রথমটো অগ্রগতি লাভ কৰিবলৈ সক্ষম হয়৷ ভি পি ছুহেয়াৰে দলটোৰ হৈ গ’লটো কৰে৷ ইফালে, প্রথমার্ধৰ অতিৰিক্ত মিনিটত নর্থ ইষ্টক দ্বিতীয়টো অগ্রগতি দিয়ে লালেংমাৱিয়াই৷ উল্লেখ্য যে লীগ পর্যায়ত নর্থ ইষ্ট ইউনাইটেডে এইবাৰ নিজৰ সর্বশ্রেষ্ঠ প্রদর্শন দাঙি ধৰিবলৈ সক্ষম হয়৷ শেহতীয়া ৯খন মেচত দলটোৱে অপৰাজেয়ৰ ধাৰা অক্ষুণ্ণ ৰাখি আই এছ এলৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে ছেমিফাইনেল খেলাৰ সুযোগ লাভ কৰে৷ এইবাৰৰ আই এছ এলত দলটোৱে মাত্র তিনিখন মেচতহে পৰাজয়ৰ সন্মুখীন হৈছে৷

You might also like