নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূব ৰাষ্ট্ৰীয় সেৱা আঁচনি মহোৎসৱত মাৰ্ঘেৰিটাৰ সমীৰৰ শ্ৰেষ্ঠ বক্তাৰ সন্মান লাভ

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ যোৱা ২৭ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চল ৰাষ্ট্ৰীয় সেৱা আঁচনি মহোৎসৱ ২০২৩ বর্ষৰ  যুৱ সংবাদ  প্ৰতিযোগিতাত অসমৰ হৈ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ পৰা প্ৰতিনিধিত্ব কৰি শ্ৰেষ্ঠ বক্তাৰ সন্মান লাভ কৰিছে সমীৰ ৰিমালে। উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ ৩০০ গৰাকী প্ৰতিনিধিৰে অনুষ্ঠিত হৈছিল এই মহোৎসৱ। মহোৎসৱৰ শেষৰ দিনত ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত সামৰণী অনুষ্ঠানত ত্ৰিপুৰা চৰকাৰৰ পৰ্যটন মন্ত্ৰী সুশান্ত চৌধুৰীৰ দ্বাৰা বঁটা গ্ৰহণ কৰে সমীৰ ৰিমালে।। লগতে অসমৰ বাবে ভাল খবৰ হল যে সমীৰে  উত্তৰ-পূৰ্বাঞ্চল ৰাষ্ট্ৰীয় সেৱা আঁচনি মহোৎসৱত ২০২৩ বর্ষৰ শ্ৰেষ্ঠ সেৱক (North-East Best Volunteer award- 2023) বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এই মহোৎসৱত দুটাকৈ বঁটা লাভ কৰা একমাত্ৰ অসমৰ সমীৰ ৰিমাল। মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যাপক ডঃ জানকী প্ৰসাদ দেৱনাথৰ নেতৃত্বত সমীৰ ৰিমাল আৰু ৬গৰাকী প্ৰতিনিধি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ ভিন্ন-ভিন্ন মহাবিদ্যালয়ৰ ত্ৰিপুৰালৈ গৈছিল এই মহোৎসৱত অংশগ্ৰহণ কৰা উদ্দেশ্যে ৰাওনা হৈছিল ।
প্ৰেৰক হেমন্ত গগৈ ‌
You might also like